Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

Published: 

09 May 2025 07:00 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • ভাৰত-পাকিস্তান বিষয়ত আমেৰিকাই হস্তক্ষেপ নকৰে বুলি মন্তব্য কৰিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে। তেওঁ কয় যে আমি দুয়োখন দেশকে অস্ত্ৰ-শস্ত্ৰ ৰাখিবলৈ ক’ব নোৱাৰো, ইয়াৰ লগত আমেৰিকাৰ কোনো সম্পৰ্ক নাই। আশাকৰোঁ কোনো পাৰমাণৱিক যুদ্ধ নহওক।
  • BTC ত নিৰ্বাচনৰ কুচকাৱাচ। মিত্ৰতাত বান্ধ খালে BPF আৰু GSP। ৩০ খন আসনত জয়ী হৈ BTC চীফ হ’ব হাগ্ৰামা মহিলাৰী, এই মন্তব্য কৰিছে নৱ শৰণীয়াই।
  • ভাৰত আৰু পাকিস্তানৰ মাজত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা উত্তেজনা আৰু যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত লৈছে। বৰ্তমান পাকিস্তানৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ বাহিৰেও পশ্চিমবংগ, পঞ্চকুলা আৰু চণ্ডীগড়ৰ বিদ্যালয়সমূহৰ বাবে বন্ধ ঘোষণা কৰিছে।
  • পাকিস্তানে ভাৰতৰ আক্ৰমণ প্ৰতিহত কৰাৰ চেষ্টাত ব্ৰতী থকাৰ সময়তে বেলুচিস্তানে শীঘ্ৰে স্বাধীনতাৰ দাবী জনাইছে। বিগত কিছুদিন ধৰি বেলুচ বিদ্ৰোহীৰ হেঁচাত অস্থিৰ হৈ পৰিছে পাকিস্তান প্ৰশাসন। এতিয়া ভাৰতৰ সৈতে পাকিস্তানৰ যুদ্ধৰ মাজতে এক নতুন শ্লোগানৰ উন্মেষ ঘটাইছে বেলুচ বিদ্ৰোহীয়ে।
  • যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতো পাকিস্তানৰ এক চাঞ্চল্যকৰ সিদ্ধান্ত। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আছিফ মুনিৰক অপসাৰণ কৰা হৈছে। কেৱল সিমানেই নহয়. তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলিও চৰ্চা চলিছে।
  • বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতো ভাৰতক আক্ৰমণৰ অবিৰত প্ৰচেষ্টা চলাইছে দেশখনে। আনহে নালাগে, ভাৰতৰ ধৰ্মীয় স্থানকো ৰেহাই নিদিলে পাকিস্তানে। পোহৰলৈ অহা তথ্য অনুসৰি জম্মু-কাশ্মীৰ স্থিত বৈষ্ণো দেৱী মন্দিৰত আক্ৰমণৰ চেষ্টা চলায় পাকিস্তানে।
  • ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কালি পঞ্জাৱ কিংছ বনাম দিল্লী কেপিটেলছৰ মাজত হোৱা আই পি এলৰ মেচ বাতিল কৰা হয়। এতিয়া আই পি এলৰ আগন্তুক মেচসমূহো বাতিল কৰা হ’ব নেকি? বৃহস্পতিবাৰে আই পি এলৰ চেয়াৰমেন অৰুণ ধুমলে কয় যে পাকিস্তানৰ সৈতে হোৱা সামৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত আই পি এল অব্যাহত থাকিব নে নাথাকে সেই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্বে চৰকাৰৰ নিৰ্দেশৰ অপেক্ষা কৰা হৈছে।
  • ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে আন এক ডাঙৰ সিদ্ধান্ত ভাৰতৰ। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰি কৰি পাকিস্তানৰ গীত, প’ডকাষ্ট, চিৰিয়েল আদিত নিষেধাজ্ঞা আৰোপ কৰে।
  • ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ‘অপাৰেশ্যন সেন্দূৰৰ’ চলাইছে। আনহাতে, ‘কৰাচী বেকাৰী’ৰ দোকানত ভাৰতীয় ত্ৰিৰংগ পতাকা লগোৱাৰ কাম চলি আছে। পোহৰলৈ আহিছে ইয়াৰ আঁৰৰ ডাঙৰ কাৰণ ।
ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey