শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চাঞ্চল্যকৰ ঘটনা! থানাৰ ভিতৰৰ পৰাই উত্তেজিত লোকে টানি নিলে শিশু নিগ্ৰহৰ অভিযুক্তক, তাৰ পিছত…

নিহত কিশোৰজন বহুকেইগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত আছিল। এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে দাখিল হোৱা অভিযোগৰ পিছতে আৰক্ষীয়ে কিশোৰজনক আটক কৰি থানালৈ লৈ যায়। কিন্তু ইয়াৰ পিছতে একাংশ উত্তেজিত লোকে কিশোৰজনক থানাৰ পৰা টানি উলিয়াই নি প্ৰহাৰ কৰে। উত্তেজিত লোকৰ প্ৰহাৰত প্ৰাণ হেৰুৱায় কিশোৰটিয়ে।

চাঞ্চল্যকৰ ঘটনা! থানাৰ ভিতৰৰ পৰাই উত্তেজিত লোকে টানি নিলে শিশু নিগ্ৰহৰ অভিযুক্তক, তাৰ পিছত…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 11 Jul 2025 20:06 PM

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। ৰাজ্যখনৰ ল’ৱাৰ দিবাং ভেলী জিলাৰ ৰয়িং চহৰত আজি ম’ব লিঞ্চিঙত প্ৰাণ হেৰুৱাইছে এগৰাকী কিশোৰে। নিহত কিশোৰজন বহুকেইগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত আছিল। এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে দাখিল হোৱা অভিযোগৰ পিছতে আৰক্ষীয়ে কিশোৰজনক আটক কৰি থানালৈ লৈ যায়। কিন্তু ইয়াৰ পিছতে একাংশ উত্তেজিত লোকে কিশোৰজনক থানাৰ পৰা টানি উলিয়াই নি প্ৰহাৰ কৰে। উত্তেজিত লোকৰ প্ৰহাৰত প্ৰাণ হেৰুৱায় কিশোৰটিয়ে।

আজি বিয়লি ৰয়িঙত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। প্ৰকাশিত খবৰ অনুসৰি, অভিযুক্ত কিশোৰজনে কেইবাগৰাকীও নাবালিকাৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল। স্থানীয় শিক্ষানুষ্ঠানৰ হোষ্টেলৰ কেইবাগৰাকীও নাবালিকা কিশোৰটিৰ নিৰ্যাতনৰ বলি হৈছিল। এনে ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছিল।

প্ৰতিবেদন অনুসৰি ৫ৰ পৰা ৭ বছৰ বয়সৰ ভিতৰৰ কমেও সাতগৰাকী নাবালিকা অভিযুক্ত কিশোৰটিৰ যৌন নিৰ্যাতন তথা ধৰ্ষণৰ বলি হৈছিল। ইফালে এগৰাকী ভুক্তভোগীৰ অভিভাৱকে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে ৰয়িং আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযুক্ত কিশোৰটিক আটক কৰিছিল। কিন্তু আজি একাংশ উত্তেজিত লোক বিয়লিৰ ভাগত ৰয়িং থানাত উপস্থিত হয় আৰু ক্ষুব্ধ লোকসকলে থানাৰ ভিতৰত প্ৰৱেশ কৰি কিশোৰটিক টানি উলিয়াই আনে।

ইয়াৰ পিছতে উত্তেজিত লোকসকলে কিশোৰটিক উপৰ্যুপৰি প্ৰহাৰ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইণ্ডো-তিব্বতান ব’ৰ্ডাৰ পুলিচ (ITBP)ৰ জোৱানৰ লগতে অতিৰিক্ত আৰক্ষী জোৱানৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। কিন্তু এই অতিৰিক্ত আৰক্ষী জোৱান জোৱান উপস্থিত হোৱাৰ সময়লৈ ক্ষুব্ধ লোকৰ প্ৰহাৰত প্ৰাণ হেৰুৱায় কিশোৰটিয়ে।

ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে। আনহাতে স্থানীয় লোকৰ প্ৰহাৰত নিহত হোৱা কিশোৰটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই সদৰী কৰিছে। আৰক্ষীয়ে লগতে যৌন নিৰ্যাতনৰ ভুক্তভোগী নাবালিকাকেইগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুলিও জানিবলৈ দিয়ে।