শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Vrindavani Vastra: ২০২৭ত ১৮ মাহৰ বাবে অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ

Vrindavani Vastra: ২০২৭ত ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ

barasha-misra
Barasha Misra | Published: 30 Aug 2025 18:09 PM

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে। এই বস্ত্ৰখনৰ কিছু অংশ এতিয়া ইউৰোপ, লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আৰু কিছু অংশ পেৰিছৰ গুইমেট সংগ্ৰহালয়ত (the Guimet Museum) সংৰক্ষিত হৈ আছে। গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাৱনী বস্ত্ৰ অসমলৈ ঘূৰাই অনাৰ বাবে এতিয়া অসম […]

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে। এই বস্ত্ৰখনৰ কিছু অংশ এতিয়া ইউৰোপ, লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আৰু কিছু অংশ পেৰিছৰ গুইমেট সংগ্ৰহালয়ত (the Guimet Museum) সংৰক্ষিত হৈ আছে। গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাৱনী বস্ত্ৰ অসমলৈ ঘূৰাই অনাৰ বাবে এতিয়া অসম চৰকাৰে কৰিছে বিশেষ প্ৰচেষ্টা।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। লোকসেৱা ভৱনত অনুষ্ঠিত এই সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “গুৱাহাটীৰ খানাপাৰাত এটি বিশেষ মিউজিয়াম সাজি উলিওৱা হ’ব, য’ত সংৰক্ষিত কৰি ৰখা হ’ব গুৰুজনাৰ “বৃন্দাৱনী বস্ত্ৰ”।

উল্লেখ্য যে, অসম চৰকাৰৰ প্ৰচেষ্টাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰস্তুত কৰা বৃন্দাৱনী বস্ত্ৰ চাব পাৰিব অসমৰ মানুহে। ১৮ মাহৰ বাবে অসমত থাকিব মহাপুৰুষজনৰ অভিনৱ সৃষ্টি বৃন্দাৱনী বস্ত্ৰ । আজি মুখ্যমন্ত্ৰীযে অসমবাসীক দিলে এই ভাল খবৰ।

সবিশেষ চাওক ভিডিঅ’টোত….