Mukesh Ambani: মুকেশ আম্বানীৰ ঘৰত কাম কৰা কৰ্মচৰীসকলৰ দৰমহা কিমান? ৰান্ধনীজনে কিমান টকা পায়?

বহু সম্পত্তিৰ মালিক হোৱাৰ পাছতো মুকেশ আম্বানী তেনেই সাধাৰণভাৱে থাকে । সাজ-পোছাকতো বিশেষ আধুনিকতা দেখা নাযায় । প্ৰায়ে বগা চাৰ্ট আৰু সাধাৰণ পেণ্ট পৰিধান কৰা দেখা যায় মুকেশ আম্বানীক । পিছে আটাইতকৈ চৰ্চাৰ বিষয়টো হৈছে আম্বানী ঘৰৰ কৰ্মচাৰীয়ে কিমান টকা দৰমহা লাভ কৰে ।

Mukesh Ambani: মুকেশ আম্বানীৰ ঘৰত কাম কৰা কৰ্মচৰীসকলৰ দৰমহা কিমান? ৰান্ধনীজনে কিমান টকা পায়?

মুকেশ আম্বানী ঘৰৰ কৰ্মচাৰীয়ে কিমান দৰমহা পায় ?

Updated On: 

20 May 2025 15:45 PM

প্ৰায়ে সামাজিক মাধ্যমত ভাৰতীয় পুঁজিপতি মুকেশ আম্বানীৰ ঘৰৰ কৰ্মচাৰীৰ দৰমহা আৰু সুবিধাকলৈ প্ৰায়ে চৰ্চা হৈ থাকে । প্ৰশ্ন হয় আম্বানী ঘৰৰ ৰান্ধনীজনে কিমান টকা দৰমহা লাভ কৰে । এজন ৰান্ধনীৰ দৰমহা এজন বিধায়কৰ দৰমহাতকৈ বেছি হ’ব পাৰে নেকি? শেহতীয়াকৈ এই সন্দৰ্ভত বহু চৰ্চা আৰম্ভ হৈছে । তদুপৰি এই বিষয়ত সামাজিক মাধ্যমত বহু উৰাবাতৰিও বিয়পি পৰিছে । এই প্ৰতিবেদনৰ জৰিয়তে জানক আম্বানী ঘৰৰ কৰ্মচাৰীয়ে কিমান টকা দৰমহা লাভ কৰে ।

বিশ্বৰ অন্যতম শীৰ্ষ কোটিপতিৰ তালিকাত আছে মুকেশ আম্বানী। বহু সম্পত্তিৰ মালিক হোৱাৰ পাছতো মুকেশ আম্বানী তেনেই সাধাৰণভাৱে থাকে । সাজ-পোছাকতো বিশেষ আধুনিকতা দেখা নাযায় । প্ৰায়ে বগা চাৰ্ট আৰু সাধাৰণ পেণ্ট পৰিধান কৰা দেখা যায় মুকেশ আম্বানীক । পিছে আটাইতকৈ চৰ্চাৰ বিষয়টো হৈছে আম্বানী ঘৰৰ কৰ্মচাৰীয়ে কিমান টকা দৰমহা লাভ কৰে ।

এতিয়া আচল বিষয়টোলৈ আহোঁ। মুকেশ আম্বানীৰ কৰ্মচাৰীয়ে কিমান টকা পায়? ছ’চিয়েল মিডিয়াৰ এটা ভিডিঅ’ত প্ৰকাশ পাইছে যে, আম্বানী পৰিয়ালৰ এজন চালকে প্ৰতিমাহে ২ লাখ টকা দৰমহা পায়, বাৰ্ষিক চিটিচি ২৪ লাখ টকা। সেইটোও কেইবছৰমান আগৰ ভিডিঅ’ আছিল, গতিকে নিশ্চয় এতিয়া দৰমহা আৰু অধিক বৃদ্ধি পাইছে।

এতিয়া প্ৰশ্ন হয়, এন্টিলিয়াত কাম কৰা সকলোৱে একেধৰণৰ দৰমহা পায় নেকি? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, মুকেশৰ কৰ্মচাৰীসকলে মাহে ২ লাখ টকাৰ দৰমহা পোৱাই নহয়, সন্তানৰ বীমা আৰু শিক্ষাৰ খৰচো লাভ কৰে। আনকি মুকেশ আম্বানীৰ একাংশ কৰ্মচাৰীৰ সন্তানেও আমেৰিকাত পঢ়ি আছে।

দিল্লীৰ এজন বিধায়কে প্ৰতিমাহে প্ৰায় ৯০ হাজাৰ টকা দৰমহা লাভ কৰে। গতিকে আয়ৰ ক্ষেত্ৰত ক’ব পাৰি যে এন্টিলিয়াত কাম কৰা এজন ওৱেটাৰ, ৰান্ধনী, বা ড্ৰাইভাৰে দেশৰ এজন বিধায়কতকৈ বেছি উপাৰ্জন কৰে।

ৰুদ্ৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ৰবি শৰ্মাৰ ষ্টান্ট, সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ'...
গ্ৰীষ্মকালত কিদৰে সন্তানক নিৰোগী কৰি ৰাখিব?
ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি ? ত্যাগ কৰক পুৱাৰ এই বদ-অভ্যাস..
শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে কেনেধৰণৰ খাদ্য খাব লাগে জানক...