কলকাতা কাণ্ডঃ কিয় আৰক্ষীয়ে টকা অফাৰ কৰিছিল ভুক্তভোগীৰ পৰিয়ালক? কাক ৰক্ষা কৰাৰ চেষ্টা…

এই গোচৰৰ তদন্ত চিবিআইয়ে কৰি থকাৰ লগতে মমতা বেনাৰ্জীয়ে ধৰ্ষণ বিৰোধী এখন বিধেয়ক বিধানসভাত উত্থাপন কৰিছে। সকলোৱে এতিয়া কেৱল ন্যায়ৰ অপেক্ষাত আছে। গতিকে পৰৱৰ্তী সময়ত দেখা যাব, ভুক্তভোগীয়ে ন্যায় পায় নে দোষী সাৰি যায়।

কলকাতা কাণ্ডঃ কিয় আৰক্ষীয়ে টকা অফাৰ কৰিছিল ভুক্তভোগীৰ পৰিয়ালক? কাক ৰক্ষা কৰাৰ চেষ্টা...

কলকাতা কাণ্ড

Published: 

05 Sep 2024 | 12:26 PM

কলকাতা আৰ জি কৰ হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই।  প্ৰতিদিনেই এই গোচৰৰ ন ন তথ্য পোহৰলৈ আহিছে। বুধবাৰে কনিষ্ঠ চিকিৎসকসকলৰ লগত প্ৰতিবাদ সাব্যস্ত কৰি থকা ভুক্তভোগীগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে, আৰক্ষীয়ে খৰখেদাকৈ মৃতদেহ দাহ কৰিছিল আৰু তেওঁলোকক শান্ত কৰি ৰাখিবলৈ আৰক্ষীয়ে উৎকোচৰ প্ৰস্তাৱ দিছিল।

অভিযোগ উত্থাপন কৰি ভুক্তভোগীৰ পিতৃয়ে কয় যে, আৰক্ষীয়ে আৰম্ভণিৰ পৰাই গোচৰটো নিষ্পত্তি কৰাৰ চেষ্টা কৰিছিল। আনকি মৰণোত্তৰ পৰীক্ষাৰ পূৰ্বে মৃতদেহটো চাবলৈও দিয়া হোৱা নাছিল। তেওঁ কয় যে, মৃতদেহটো আমাৰ হাতত গতাই দিয়াৰ সময়ত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই আমাক টকাৰ প্ৰস্তাৱ দিছিল যি আমি নাকচ কৰিছিলো।

 

ভুক্তভোগীৰ এগৰাকী আত্মীয়ই কয় যে, মৃতদেহটোৰ শেষ কৃত্য নোহোৱা পৰ্যন্ত তাত ৩০০-৪০০ আৰক্ষী উপস্থিতি আছিল, কিন্তু তাৰ পাছক এজনো আৰক্ষীক দেখা নাছিলো। যেতিয়া আমি আমাৰ কন্যাৰ মৃত্যুত শোকস্তব্ধ হৈ আছিলো তেতিয়া আৰক্ষীয়ে আমাক টকা অফাৰ কৰিছিল। এয়াই নেকি আৰক্ষীৰ মানৱতা?  আৰক্ষীয়ে ভালদৰে দায়িত্ব পালন কৰা নাই বুলি তেওঁ কয়।

এতিয়া এই বিষয়টোত বিজেপিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দলৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালেই কৈছে যে মমতা বেনাৰ্জীৰ মূল উদ্দেশ্য আছিল প্ৰমাণ ধ্বংস কৰা।

বুধবাৰে কলকাতাৰ হাজাৰ হাজাৰ মহিলাই ভুক্তভোগীৰ ন্যায় লাভৰ বাবে ‘ৰিক্লেইম দ্য নাইট’ নামেৰে পদযাত্ৰা উলিয়াইছিল। এই পদযাত্ৰাৰ অধীনত প্ৰতিবাদকাৰী চিকিৎসকসকলে নিশা ৯ বজাত ঘৰৰ লাইট বন্ধ কৰিবলৈ আহ্বান জনাইছিল। এই আহ্বান মৰ্মে ঘৰৰ লাইট বন্ধ কৰি বহুতে এই প্ৰতিবাদত অংশ গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, ৯ আগষ্টত কলকাতাৰ আৰ ডি কৰ হাস্পাতালত কনিষ্ঠ চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। চিকিৎসকগৰাকীক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সঞ্জয় ৰয় এতিয়া ন্যায়িক জিম্মাত আছে। এই ঘটনাত বহু লোক জড়িত হৈ আছে বুলি অভিযোগ উত্থাপন হৈ আহিছে যদিও এতিয়ালৈকে অইন কোনোলোক গ্ৰেপ্তাৰ হোৱা নাই।

এই সমগ্ৰ গোচৰটোত আৰক্ষী আৰু হাস্পাতালত কৰ্তৃপক্ষৰ গাফিলতি পোহৰলৈ আহিছে। আনকি ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰমাণ নষ্ট কৰাৰো চেষ্টা কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। ভুক্তভোগীৰ পিতৃ- মাতৃয়ে মমতা বেনাৰ্জীৰ চৰকাৰৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰিছে। এতিয়াও ন্যায়ৰ আশা কৰি হাজাৰ হাজাৰ চিকিৎসকে প্ৰতিবাদ সাব্যস্ত কৰি আছে।

এই গোচৰৰ তদন্ত চিবিআইয়ে কৰি থকাৰ লগতে মমতা বেনাৰ্জীয়ে ধৰ্ষণ বিৰোধী এখন বিধেয়ক বিধানসভাত উত্থাপন কৰিছে। সকলোৱে এতিয়া কেৱল ন্যায়ৰ অপেক্ষাত আছে। গতিকে পৰৱৰ্তী সময়ত দেখা যাব, ভুক্তভোগীয়ে ন্যায় পায় নে দোষী সাৰি যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...