4 Nov 2025
TV9 ASSAM
আজিকালি পৰৱৰ্তিত জীৱনশৈলীৰ বাবে বহুতৰে টোপনিৰ সমস্যা হোৱা দেখা যায়। কিন্তু টোপনি আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। ই স্বাস্থ্য ভালে ৰখাত সহায় কৰে।
যেতিয়া টোপনিৰ অভাৱ হয় তেতিয়া শাৰীৰিক আৰু মানসিক সমস্যাই দেখা দিয়ে। এনে অৱস্থাত মানসিক স্বাস্থ্যৰ অৱনতি ঘটনাৰ লগতে শাৰীৰিক স্বাস্থ্যও বেয়া হ'ব পাৰে।
টোপনিৰ অভাৱৰ ফলত হৃদযন্ত্ৰৰ ৰোগ, ডায়েবেটিছ. মেদবহুলতা, হাই ব্লাড প্ৰেচাৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। যি শৰীৰৰ বাবে অতি ক্ষতিকাৰক।
ইয়াৰোপৰি টোপনিৰ অভাৱৰ ফলত মনোযোগত প্ৰভাৱ পৰে। ইয়াৰোপৰি খং, হতাশা, স্মৃতিশক্তি দুৰ্বল হোৱা আদি সমস্যা দেখা দিয়ে। ডিপ্ৰেশ্যন হোৱাৰ আশংকাও থাকে।
টোপনিৰ অভাৱৰ ফলত ভোক নিয়ন্ত্ৰণ কৰা হৰম'ন প্ৰভাৱিত হয়। ইয়াৰ ফলত ভোক বাঢ়িব পাৰে। অধিক খাদ্য খাবলৈ মন যাব পাৰে। যাৰ ফলত ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।
ইয়াৰোপৰি টোপনিৰ অভাৱৰ ফলত আন বহু ৰোগ হ'ব পাৰে। সুস্থ স্বাস্থ্যৰ বাবে টোপনিৰ প্ৰয়োজন। যেতিয়া শৰীৰ ৰোগী হৈ থাকে তেতিয়াও ভাল টোপনিৰ প্ৰয়োজন। ই মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক প্ৰত্যক্ষ প্ৰভাৱিত কৰে।
প্ৰতিদিনে ৭-৮ ঘন্টা সময় শুব লাগে। সুস্থ মন আৰু শৰীৰৰ বাবে টোপনিৰ প্ৰয়োজন। যদি আপোনাৰ অনিদ্ৰাৰ সমস্যা আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
ৰঢ়িবলৈ ক্লিক কৰক