শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মহানগৰীৰ জালুকবাৰীত নকল নোট, সোণ সদৃশ সামগ্ৰী জব্দ...

মহানগৰীৰ জালুকবাৰীত নকল নোট, সোণ সদৃশ সামগ্ৰী জব্দ…

barasha-sarma
Barasha Sarma | Published: 04 Nov 2025 16:57 PM

Jalukbari: মহানগৰীত একাংশৰ প্ৰৱঞ্চনাৰ জাল। নকল সামগ্ৰী আদান প্ৰদান কৰি গ্ৰেপ্তাৰ হয় ৩ জনকৈ লোক। ইয়াৰে দুজন বহিঃ ৰাজ্যৰ আৰু আন এজন অসমৰ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

মহানগৰীৰ জালুকবাৰীত নকল নোট, সোণ সদৃশ সামগ্ৰী জব্দ আৰক্ষীৰ। নকল সামগ্ৰীসমূহ আদান প্ৰদান কৰোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ তিনিজনক। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ছত্তিশগড়ৰ দুই ব্যক্তি ক্ৰমে বিনোদ কাটছি, নৰেশ চেটীবুলি জানিব পৰা গৈছে। দুয়োকে কম মূল্যত সোণ দিয়া প্ৰলোভন দিছিল এটা চক্ৰই।

লগতে গ্ৰেপ্তাৰ হয় আজিম আলী। প্ৰৱঞ্চক চক্ৰটোৰ সদস্য চাংসাৰীৰ আজিম আলীয়ে নকল সোণখিনি দিবলৈ আহোতেই আৰক্ষীৰ হাতত ধৰা পৰে। জালুকবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলাই তিনিজনক গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে আৰক্ষীয়ে। পশ্চিম গুৱাহাটীৰ আৰক্ষী উপায়ুক্ত অমিতাভ বসুমতাৰী সংবাদ মেল সম্বোধন কৰি এই কথা জনায়। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।