জুবিনৰ ন্যায়ৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পদযাত্ৰা
আজি জুবিনৰ ন্যায়ৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পদ যাত্ৰা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এই পদযাত্ৰা। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হৈছে পদযাত্ৰাৰ কাৰ্যসূচী।
বৰ্তমানো ৰাজ্যজুৰি অব্যাহত আছে জুবিনৰ ন্যায়ৰ দাবী। ৰাজ্যবাসীয়ে অব্যাহত ৰাখিছে হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰৰ সঠিক তদন্ত আৰু তাৎক্ষণিক ন্যায়ৰ দাবী। সামাজিক মাধ্যমৰ সমান্তৰালকৈ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে প্ৰতিবাদী কাৰ্যসূচী। এই গোচৰত সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে SIT- এ।অহা ১৫ ডিচেম্বৰত জুবিন গাৰ্গে ন্যায় লাভ কৰিব বুলি শুকুৰবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি জুবিনৰ ন্যায়ৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পদ যাত্ৰা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এই পদযাত্ৰা। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হৈছে পদযাত্ৰাৰ কাৰ্যসূচী। হাতে হাতে প্লে’ কাৰ্ড জুবিন গাৰ্গক ন্যায় দিয়ক ধ্বনিৰে কৰিছে পদযাত্ৰা।
Latest Videos
