বাৰে বাৰে ছালত খজুৱতি হোৱাৰ কাৰণ...

16  Nov 2025

TV9 ASSAM

কিছুমান মানুহৰ অনবৰতে ছালত খজুৱতি হৈ থাকে। কেতিয়াবা ছালত খজুৱতি হোৱা সাধাৰণ কথা, কিন্তু বাৰে বাৰে যদি এই সমস্যা হৈ থাকে তেন্তে ইয়াক সহজভাৱে লব নালাগে। ই ৰোগৰ সংকেত হ'ব পাৰে।

ছালত খজুৱতি

যদি কোনো প্ৰডাক্ট, কাপোৰ,চাবোন বা খাদ্যৰ পৰা এলাৰ্জি হয়, তেতিয়া ছালত খজুৱতি হব পাৰে। এনে এলাৰ্জিত ৰঙা ৰঙা গুটি, জলা-পোৰা, ফুলা আদি সমস্যা হ'ব পাৰে।

ছালৰ এলাৰ্জি

ৰিংৱৰ্ম, জাক আদিৰ দৰে ফাংগল ইনফেকশ্যনত তীব্ৰ আৰু বাৰে বাৰে খজুৱতিৰ সমস্যা হ'ব পাৰে। সাধাৰণতে আৰ্দ্ৰ অংশত এই খজুৱতি বেছিকৈ হয়।

ফাংগল ইনফেকশ্যন

শীতকালত গা ধোৱাৰ সময়ত গৰম পানী ব্যৱহাৰ কৰিলে ছাল শুকাই যাব পাৰে।  এনে অৱস্থাত ছাল শুকান হৈ টানি ধৰা, বগা পৰা আৰু অনবৰতে খজুৱতি হৈ থাকিব পাৰে।

শুকান ছাল

এক্সিমাৰ ফলত ছালত ফুলা, ৰঙা পৰা, বাৰে বাৰে খজুৱতি আদি সমস্যা হ'ব পাৰে। ই এক ক্ৰোনিক সমস্যা। এই সমস্যা হ'লে লক্ষণ লাহে লাহে বাঢ়ি যায়।

এক্সিমা

যকৃতৰ সমস্যা হ'লে শৰীত বিলৰুবিন বৃদ্ধি হৈ খজুৱতি হব পাৰে। ইয়াৰ ফলত ছাল হালধীয়া পৰা, ভোক কমকৈ লগা আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে।

যকৃত

বৃক্কই ঠিকমতে বেয়া পদাৰ্থ বাহিৰ কৰিব নোৱাৰিলে শৰীৰত খজুৱতি বৃদ্ধি পাই। এই খজুৱতি সমগ্ৰ শৰীৰত হয়। ইয়াৰোপৰি এই খজুৱতি নিশা বেছিকৈ হয়। এই লক্ষণবোৰ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

বৃক্ক

পঢ়িবলৈ ক্লিক কৰকল

চুগাৰৰ মাত্ৰা বৃদ্ধি কৰা খাদ্য