শ্ৰীনগৰৰ পৰা পাকিস্তানক হুংকাৰ ৰাজনাথ সিঙৰ! ক’লে, ১ নম্বৰ ভিক্ষাৰীৰ দেশ…
ৰাজনাথ সিঙে কয়, সমগ্ৰ বিশ্বই দেখিছে পাকিস্তানে দায়িত্বহীনভাৱে ভাৰতক কেইবাবাৰো পাৰমাণৱিক ভাবুকি দিয়াৰ কথা।এখন দায়িত্বহীন আৰু অসুস্থ দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নেকি?

ৰাজনাথ সিং
অপাৰেশ্যন সেন্দূৰৰ পাছতে বৃহস্পতিবাৰে শ্ৰীনগৰত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলাইছিল অপাৰেশ্যন সেন্দূৰ। পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘাটিত চলা এই আক্ৰমণত ভাৰতীয় সেনাই ১০০ ৰো অধিক সন্ত্ৰাবাদীক হত্যা কৰিছিল। ইয়াৰ পাছতে পাকিস্তানী সেনাই ভাৰতত আক্ৰমণ চলাইছিল আৰু ভাৰতীয় সেনাই ইয়াৰ প্ৰতিশোধমূলক প্ৰত্যুত্তৰ দিছিল। আক্ৰমণ-প্ৰত্যাক্ৰমণ পাছতে ১০ মে’ত দুই দেশৰ মাজত যুদ্ধ বিৰতি হয়।
দুই দেশৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আজি শ্ৰীনগৰৰ সমীপৰ বাদামি বাগ চাউনীত উপস্থিত হৈ সেনা জোৱানসকলক সম্বোধন কৰে ৰাজনাথ সিঙে। ভাষণৰ আৰম্ভণিতে তেওঁ সেনা জোৱানসকলৰ কৃতজ্ঞতা জ্ঞাপন কৰে। এই সময়চোৱাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পাকিস্তানক তীব্ৰ কটাক্ষ কৰে। তেওঁ পাকিস্তানৰ সন্ত্ৰাসবাদী, পাৰমাণৱিক শক্তি, পি অ কে, দেশখনৰ ঋণ আদিক সামৰি আক্ৰমণ কৰে।
পাকিস্তানে আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ঋণ লোৱাৰ কথা উল্লেখ কৰি সিঙে কয় যে, পাকিস্তানৰ বিষয়ে কি কম? সেই দেশখনে নিজৰ অজ্ঞানতাৰ বাবে ভিক্ষা কৰি এনে অৱস্থাত উপনীত হৈছে যে আমি ক’ব পাৰো, পাকিস্তানে য’তেই থিয় হয় তাৰ পৰা ভিক্ষাৰীৰ শাৰী আৰম্ভ হয়। আপোনালোকে নিশ্চয় গম পাইছে তেওঁলোকে পুনৰ এবাৰ আই এম এফৰ পৰা ঋণ লৈছে। তাৰ বিপৰীতে আমি আছো। আমি সেই দেশৰ শ্ৰেণীত আহো যিয়ে আই এম এফক ধন দিয়ে যাতে সেই ধন দুখীয়া দেশত ঋণ হিচাপে দিব পৰা যায়।
তেওঁ কয় যে, সমগ্ৰ দেশে জানে যে ভাৰতে শান্তিক অগ্ৰাধিকাৰ দিয়ে। আমি সাধাৰণতে যুদ্ধক সমৰ্থন নকৰো। কিন্তু যেতিয়া দেশৰ সাৰ্বভৌমত্বক আক্ৰমণ কৰা হয় তেতিয়া ইয়াৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰয়োজনীয় হৈ পৰে। সমগ্ৰ দেশত আমাৰ সেনা জোৱানসকলক এক সন্মানীয় দৃষ্টিৰে চোৱা হয়। সেই জাতিটোৱে শক্তিশালী যিয়ে নিজৰ সশস্ত্ৰ বাহিনীক সন্মান দিয়াৰ লগতে তেওঁলোকক প্ৰয়োজনীয় আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি যোগান ধৰে। মই গৌৰৱান্বিত যে আজিৰ চৰকাৰে সেনাৰ বাবে সকলো কৰি আছে।
সিঙে কয়, অপাৰেশ্যন সেন্দূৰৰ সফলতাই পাকিস্তানত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মালিকসকলক স্পষ্ট কৰি দিছে যে তেওঁলোক কতো নিৰাপদ নহয়। কিয়নো এতিয়া তেওঁলোক ভাৰতীয় সেনাৰ লক্ষ্যত। বিশ্বই জানে যে আমাৰ সেনা লক্ষ্য কেতিয়াও অথ’লে নাযায়। যেতিয়া আৰু লক্ষ্য নিৰ্ধাৰণ কৰে তেতিয়া হিচাপ কৰাৰ কাম শত্ৰুৰ হাতত এৰি দিয়ে। আজিৰ সময়ত আমি নিউক্লিয়েৰ ব্লেকমেইলকো ভয় নকৰো। গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সংকল্প কিমান শক্তিশালী।
তেওঁ কয়, সমগ্ৰ বিশ্বই দেখিছে পাকিস্তানে দায়িত্বহীনভাৱে ভাৰতক কেইবাবাৰো পাৰমাণৱিক ভাবুকি দিয়াৰ কথা। আজি শ্ৰীনগৰৰ ভূমিৰ পৰা মই সমগ্ৰ বিশ্বক প্ৰশ্ন কৰিব বিচাৰো যে এখন দায়িত্বহীন আৰু অসুস্থ দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নেকি? মই বিশ্বাস কৰোঁ যে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰসমূহ আই এ ই এ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ তত্বাৱধানত লোৱা উচিত।
অন্য খবৰ পঢ়কঃ পহলগাম কাণ্ডত জড়িত আশ্বিফ আছিল স্নাতক উত্তীৰ্ণ, নিৰাপত্তাৰক্ষীৰ এনকাউন্টাৰত নিহত…