ৰাজ, মই তাৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰো, প্লীজ…সোণমে বিয়াৰ পাছত কি মেছেজ কৰিছিল…

২৫ আৰু ২৬ মে’ত লাছুদিয়া থানাৰ কাষত এটা ভাড়াঘৰত ৰাজৰ সৈতে থাকে। পিছত ৰাজে ৩০ হাজাৰত টেক্সি বুকিং কৰি গাজিপুৰলৈ পঠিয়াই দিয়ে।

ৰাজ, মই তাৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰো, প্লীজ...সোণমে বিয়াৰ পাছত কি মেছেজ কৰিছিল...

ৰাজা-সোণম

Updated On: 

13 Jun 2025 | 09:54 AM

ৰাজা ৰঘুবংশী কাণ্ডৰ নতুন নতুন তথ্য পোহৰলৈ আহি আছে। এই হত্যাকাণ্ড সন্দৰ্ভত ৰাজাৰ পত্নী সোণমৰ লগতে তেওঁৰ অভিযুক্ত প্ৰেমিক ৰাজ কুছৱাহা আৰু ৩ চুপাৰি কিলাৰ গ্ৰেপ্তাৰ হৈছে। আৰক্ষীৰ জেৰাক ৰাজে সোণমক মাষ্টাৰমাইণ্ড বুলি কোৱাৰ বিপৰীতে সোণমে ৰাজৰ ওপৰত সকলো দোষ জাপি দিয়াৰ চেষ্টা কৰিছে। ইয়াৰ মাজতে সোণমৰ কেইটামান মেছেজৰ কথা পোহৰলৈ আহিছে। ৰাজাৰ ভাতৃ বিপীন ৰঘুবংশীয়ে ইয়াৰ বিষয়ে জনাইছে।

বিপিন ৰঘুবংশীৰ মতে, ১৩ মে’ৰ পৰা ৰাজাক হত্যাৰ ষড়যন্ত্ৰ আৰম্ভ হৈছিল। সোণম আৰু ৰাজৰ মাজত কথা বতৰা হৈছিল। পুৱতি নিশা ৩ বজাত মেছেজত সোণমে ৰাজক লিখিছিল যে- (বিপিন ৰঘুবংশীৰ মতে), ১৩ মে’ৰ পৰা ৰাজাক হত্যাৰ ষড়যন্ত্ৰ আৰম্ভ হৈছিল। সোণমে মেছেজত লিখিছিল- “মই ৰাজাৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰো। মই দোষী অনুভৱ কৰি আছো। তাক মাৰি পেলোৱা”। তেতিয়া ৰাজে কৈছিল- মই কিবা কৰিম।

তাৰ পাছতে সোণমে পৰিকল্পনা অনুসৰি ৰাজাক হানিমুনৰ বাবে শ্বিলং লৈ যায়। প্ৰথম অৱস্থাত তেওঁলোকে গুৱাহাটীত উপস্থিত হয়। জানিব পৰা মতে, গুৱাহাটীৰ ৰে’লৱে ষ্টেচনৰ ওচৰৰ পৰাই হত্যাক ব্যৱহাৰ হোৱা দা খন ক্ৰয় কৰিছিল।

ৰাজাৰ হত্যাৰ পিছত সোণম ইন্দোৰলৈ গৈছিল। তাৰ পাছতে ২৫ আৰু ২৬ মে’ত লাছুদিয়া থানাৰ কাষত এটা ভাড়াঘৰত ৰাজৰ সৈতে থাকে। পিছত ৰাজে ৩০ হাজাৰত টেক্সি বুকিং কৰি গাজিপুৰলৈ পঠিয়াই দিয়ে। তাৰ পাছত সোণমে দুটা ফোন ক্ৰয় কৰে। ৰাজৰ পেহীয়েকৰ ঘৰ গাজিপুৰৰ ওচৰত। এই সময়চোৱাক ৰাজ আৰু বাকী চুপাৰি কিলাৰ কেইজন গ্ৰেপ্তাৰ হয়। তাৰ পাছতে সোণমে গাজিপুৰৰ পৰা ভাতৃক কল কৰে আৰু পাছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

ইতিমধ্যে আটাইকেইজন অভিযুক্তই এই হত্যাকাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। উল্লেখ্য যে, ১১ মে’ত ৰাজা আৰু সোণম ৰঘুবংশীৰ বিয়া হৈছিল। তাৰ পাছতে তেওঁলোক হানিমুনৰ বাবে মেঘালয়লৈ গৈছিল। কিন্তু মেঘালয়তে ৰাজাক হত্যা কৰে সোণমে। অভিযোগ অনুসৰি চুপাৰি কিলাৰ লগাই এই হত্যাকাণ্ড সংঘটিত কৰিছিল সোণমে।

এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড কোন সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই।  আটাইকেইজন অভিযুক্তই ইজনে সিজনক দোষাৰোপ কৰি আছে। এই ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত প্ৰকৃত সত্য পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ ৰাজ নহয়, সোণমৰ আছে অন্য এজন প্ৰেমিক! কোন এই নতুন যুৱক, যাৰ বাবে মেলিলে প্ৰতাৰণাৰ জাল…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...