ৰাজাই চেষ্টা কৰিছিল প্ৰাণ ৰক্ষাৰ, তেতিয়া সোণম আগবাঢ়ি গৈছিল আৰু…

সোণম ৰঘুবংশীৰ মাতৃৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে ৰাজা ৰঘুূবংশীৰ পৰিয়ালৰ লোকে। জানিব পৰা মতে, সোণমে ৰাজাৰ সৈতে বিয়াত বহিব বিচৰা নাছিল।

ৰাজাই চেষ্টা কৰিছিল প্ৰাণ ৰক্ষাৰ, তেতিয়া সোণম আগবাঢ়ি গৈছিল আৰু...

ৰাজা-সোণম

Published: 

10 Jun 2025 | 05:21 PM

ৰাজা ৰঘুবংশী হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। এই ঘটনাত প্ৰতিদিনাই নতুন নতুন তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত সোণম ৰঘুবংশী, প্ৰেমিক ৰাজ কুছৱাহাৰ লগতে ৩ চুপাৰি কিলাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ মাজতে সোণমৰ মাতৃৰ ওপৰত ৰাজাৰ পৰিয়ালে ডাঙৰ অভিযোগ উত্থাপন কৰিছে। ৰাজাৰ ভাতৃ বিপীন ৰঘুবংশীয়ে জনোৱা অনুসৰি তেওঁ মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগত আছে। আৰক্ষীয়ে জনাইছে যে সোণমৰ মাতৃয়ে ৰাজ কুছৱাহৰ সৈতে কন্যাৰ সম্পৰ্কৰ কথা জানিছিল।

জানিব পৰা মতে, সোণমে ৰাজাৰ সৈতে বিয়া হ’ব বিচৰা নাছিল। বিপীন ৰঘুবংশীৰ মতে, মেঘালয় আৰক্ষীয়ে সোণমক জেৰা চলাইছে। এই জেৰাত পোহৰলৈ আহে যে, সোণমে ৰাজাত ভাল নাপাইছিল। তেওঁ বিয়াত বহিব বিচৰা নাছিল। কিন্তু পৰিয়ালে ৰাজাৰ সৈতে সোণমৰ বিয়া ঠিক কৰিছিল। তেতিয়া সোণমে পৰিয়ালক কৈছিল যে, “মই তোমালোকক জনাম বলপূৰ্বক বিয়া কৰা মানে কি।”

বিপীনে কয় যে, শ্বিলং আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্তৰ বিৰুদ্ধে অকলে যুঁজ দিছিল ৰাজাই। কিন্তু তেতিয়া সোণমে কৈছিল যে তাক মাৰি পেলোৱা। পাছত অভিযুক্ত বিশালে পিছফালৰ পৰা ৰাজাক আক্ৰমণ কৰিছিল। অভিযুক্তই যেতিয়া ৰাজাত দ’ খাৱৈত পেলাই দিয়াৰ চেষ্টা কৰি আছিল তেতিয়াও ৰাজে প্ৰাণ ৰক্ষাৰ তীব্ৰ চেষ্টা চলাইছিল। তেতিয়া তেওঁলোকৰ ওচৰলৈ সোণম যায় আৰু ৰাজাক তলত পেলাই দিয়ে।

ৰাজা ৰঘুবংশীৰ মাতৃয়ে TV9 ক জনোৱা মতে, সোণমে তেওঁৰ পুত্ৰ বস্তু-সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছিল। সোণমৰ হেঁচাত ৰাজা শ্বিলঙলৈ গৈছিল। ৰাজাৰ মাতৃয়ে কয়, মই সোণমক নিজৰ কন্যাৰ দৰে ভাবিছিলো। কিন্তু তাই মোৰ পুত্ৰক মাৰি পেলালে। বিয়াৰ আগতে সোণমে ৰাজাৰ সৈতে কথা পাতিব বিচৰা নাছিল। তেতিয়া ৰাজাই কৈছিল যে বিয়াৰ আগতে কথা নাপাতিলে বিয়াৰ পিছত কেনেকৈ কথা পাতিব? ইয়াৰ পিছত মই যেতিয়া সোণমৰ লগত কথা পাতিছিলো। তাৰ পাছত ৰাজাৰ সৈতে কথা পতা আৰম্ভ কৰিছিল। মই জনা নাছিলো তাই ইমান ধূৰ্ত হ’ব”।

উল্লেখ্য যে, পৰিয়ালৰ সন্মতি সাপেক্ষে ১১ মে’ত ৰাজা আৰু সোণমৰ বিয়া হৈছিল। ইয়াৰ পাছতে দুয়ো মেঘালয়লৈ হানিমুনত গৈছিল আৰু ২৩ মে’ত নিৰুদ্দেশ হৈছিল। এই ঘটনাৰ তদন্ত চলি থকাৰ মাজতে ২ জুনত উদ্ধাৰ হয় ৰাজাৰ মৃতদেহ। প্ৰথম অৱস্থাত সোণম নিৰুদ্দেশ আছিল বুলি ধৰা হৈছিল যদিও ৮ জুনত তেওঁ গ্ৰেপ্তাৰ হয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। তদন্তৰ অন্ততহে জানিব পৰা যাব এই কাণ্ডৰ মূল অপৰাধী কোন।

 

অন্য খবৰ পঢ়কঃ পাহাৰ বগাই ভাগৰি পৰিছিল চুপাৰি কিলাৰ! তেতিয়া সোণমে কৈছিল-২০ লাখ দিম আৰু…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...