ৰামৰ পুত্ৰৰ কান্ধত আকাশ ৰক্ষাৰ ভাৰ! ভাৰতে নিৰ্মাণ কৰিব ৰাছিয়াৰ S-400ৰ থলুৱা সংস্কৰণ
এই প্ৰকল্পটোৰ নাম হৈছে কুশ। কুশ শব্দটোৰ অৰ্থ হৈছে পবিত্ৰ ঘাঁহ। ৰামায়ণত ৰামৰ পুত্ৰৰ নাম কুশ। জানিব পৰা মতে DRDOৰ নেতৃত্বত প্ৰজেক্ট কুশৰ কাম চলি আছে। এই প্ৰকল্পৰ অধীনত ভাৰতে কেৱল ঘৰুৱা S-400 নিৰ্মাণ কৰাই নহয়, এতিয়াৰে পৰা দেশৰ আকাশ ৰক্ষাৰ দায়িত্ব থাকিব সম্পূৰ্ণৰূপে কুশৰ কান্ধত।

ভাৰতে নিৰ্মাণ কৰিব ৰাছিয়াৰ S-400ৰ থলুৱা সংস্কৰণ
পাকিস্তানে ইতিমধ্যে দেখিলে সুদৰ্শন চক্ৰ বা এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমৰ শক্তি। ৩০০ৰ পৰা ৪০০ ড্ৰোনেৰে ভাৰতক আক্ৰমণ কৰি ভাৰতক পৰাস্ত কৰিব নোৱাৰিলে পাকিস্তানে। শেষত ভাৰতৰ ওচৰত আঁঠু ল’বলৈ বাধ্য হ’ল। সুদৰ্শন চক্ৰই এফালৰ পৰা ধ্বংস কৰিছে একাধিক চীনা ক্ষেপণাস্ত্ৰ আৰু তুৰ্কী ড্ৰোন। অৱশ্যে এই ‘সুদৰ্শন চক্ৰ’ ভাৰতীয় নহয়। যিটো কোটি কোটি টকা খৰচ কৰি ৰাছিয়াৰ পৰা আনিব লগা হৈছিল। এনে সময়তে থলুৱা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি এক নতুন সুদৰ্শন চক্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে নতুন দিল্লীয়ে।
ইকনমিক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতে এতিয়া থলুৱা পদ্ধতিৰে S-400 নিৰ্মাণ কৰি আছে। প্ৰজেক্ট কুছাৰ অধীনত এই দায়িত্ব BEL বা ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডলৈ স্থানান্তৰ কৰা হৈছে। আগন্তুক ১২ৰ পৰা ১৮ মাহৰ ভিতৰত প্রথমতে এই অস্ত্র প্রস্তুত কৰা হ’ব৷ তাৰ পিছত ৩৬ মাহ ধৰি ইয়াৰ পৰীক্ষণ চলিব।
এই প্ৰকল্পটোৰ নাম হৈছে কুশ। কুশ শব্দটোৰ অৰ্থ হৈছে পবিত্ৰ ঘাঁহ। ৰামায়ণত ৰামৰ পুত্ৰৰ নাম কুশ। জানিব পৰা মতে DRDOৰ নেতৃত্বত প্ৰজেক্ট কুশৰ কাম চলি আছে। এই প্ৰকল্পৰ অধীনত ভাৰতে কেৱল ঘৰুৱা S-400 নিৰ্মাণ কৰাই নহয়, এতিয়াৰে পৰা দেশৰ আকাশ ৰক্ষাৰ দায়িত্ব থাকিব সম্পূৰ্ণৰূপে কুশৰ কান্ধত। এই কুশৰ অধীনত সুদৰ্শন চক্ৰৰ পৰা সকলো বায়ু প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণৰ কাম সম্পন্ন কৰা হ’ব।
এই প্ৰসংগত BELৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মনোজ জৈনে কয়, “আমি DRDOৰ সৈতে যৌথ উদ্যোগত কুশ প্ৰকল্পৰ কাম কৰি আছো। যাৰ অধীনত মূলতঃ সীমান্ত নিয়ন্ত্ৰণ ব্যৱস্থা তৈয়াৰ কৰা হ’ব।”