বুধবাৰে ত্ৰিবেণী সংগমত পৱিত্ৰ ডুব মাৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা ভ্ৰমণ কৰিব আৰু পুৱা প্ৰায় ১১ বজাত ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

বুধবাৰে ত্ৰিবেণী সংগমত পৱিত্ৰ ডুব মাৰিব প্ৰধানমন্ত্ৰী মোদীয়ে...

বুধবাৰে মহাকুম্ভ মেলা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Published: 

04 Feb 2025 | 09:07 PM

বুধবাৰে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা দৰ্শন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই কথা জানিবলৈ দিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে । প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা ভ্ৰমণ কৰিব আৰু পুৱা প্ৰায় ১১ বজাত ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ ২০২৫ হৈছে বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক আৰু সাংস্কৃতিক সমাৱেশ, য’ত সমগ্ৰ বিশ্বৰ পৰা ভক্তসকলে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, অহা ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পৰ্যন্ত মহাকুম্ভ অব্যাহত থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে অহা ৫ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা ২০২৫ ভ্ৰমণ কৰিব বুলি প্ৰকাশ কৰিছে।

পুৱা প্ৰায় ১১ বজাত তেওঁ সংগমস্থলীত পৱিত্ৰ স্নান কৰি মা গংগাক প্ৰাৰ্থনা কৰিব বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিবৃতিত উল্লেখ কৰা হৈছে। লগতে ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে তীৰ্থস্থানৰ আন্তঃগাঁথনি আৰু সা-সুবিধা বৃদ্ধিৰ বাবে ধাৰাবাহিকভাৱে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি বিবৃতিটোত কোৱা হৈছে।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৩ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৫৫০০ কোটি টকাৰ ১৬৭টা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...