ৰাজ্যসভাত তথ্য দিলে চৰকাৰে, প্ৰধানমন্ত্ৰী মোদীৰ “মন কী বাত” অনুষ্ঠানৰ উপাৰ্জন কিমান? জানেনে

এই অনুষ্ঠানটোৱে আৰম্ভণিৰ দিনৰে পৰা কিমান টকা ৰাজহ সংগ্ৰহ কৰিছে? শেহতীয়াকৈ অনুষ্ঠানটোৰ আয় সন্দৰ্ভত ৰাজ্যসভাত তথ্য দাখিল কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানে।

ৰাজ্যসভাত তথ্য দিলে চৰকাৰে, প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানৰ উপাৰ্জন কিমান? জানেনে

প্ৰধানমন্ত্ৰী মোদী

Published: 

09 Aug 2025 | 02:57 PM

‘মন কী বাত’ হৈছে বহুচৰ্চিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া অনুষ্ঠান। এই অনুষ্ঠানটোৰ জৰিয়তে বিভিন্ন বিষয়লৈ সকলো শ্ৰেণীৰ মানুহৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰি আহিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিন্তু আপুনি জানেনে যে, এই অনুষ্ঠানটোৱে আৰম্ভণিৰ দিনৰে পৰা কিমান টকা ৰাজহ সংগ্ৰহ কৰিছে? শেহতীয়াকৈ অনুষ্ঠানটোৰ আয় সন্দৰ্ভত ৰাজ্যসভাত তথ্য দাখিল কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানে।

দাখিল কৰা চৰকাৰী তথ্য মতে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া অনুষ্ঠান ‘মন কী বাত’ আৰম্ভ হোৱাৰ পৰাই মুঠ আয় হৈছে ৩৪.১৩ কোটি টকা। শুকুৰবাৰে এটা প্ৰশ্নৰ লিখিত উত্তৰত ৰাজ্যসভাক এই তথ্য দিয়ে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানে । তেওঁ কয় যে, ‘মন কী বাত’ কাৰ্যসূচী বিভিন্ন পৰম্পৰাগত আৰু ডিজিটেল দুয়োটা মাধ্যমেৰে পৰিবেশন কৰি অহা হৈছে আৰু এই পৰ্যন্ত ৩৪.১৩ কোটি টকা উপাৰ্জন কৰিছে।

২০১৪ চনৰ ৩ অক্টোবৰত প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰিত হোৱা ‘মন কী বাত’ এই অনুষ্ঠানটো আকাশবাণীৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক নেটৱৰ্কৰ জৰিয়তে পৰিবেশন কৰা হৈছিল। তেওঁ কয় যে, বৃহৎ অংশই এই অনুষ্ঠানটোৰ লগত সংযুক্ত হৈছিল। ইফালে, আঞ্চলিক ভাষাতো সম্প্ৰচাৰ কৰা হয় যাতে ই স্থানীয় শ্ৰোতাৰ মাজলৈ যাব পাৰে।

তেওঁ কয় যে, দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চেনেলতো এই অনুষ্ঠান সম্প্ৰচাৰ কৰা হয়। ইয়াৰ উপৰিও ইয়াক ডি ডি ফ্ৰী ডিচৰ জৰিয়তে ৪৮টা আকাশবাণী ৰেডিঅ’ চেনেল আৰু ৯২টা ব্যক্তিগত টিভি চেনেলত সম্প্ৰচাৰ কৰা হয়, যাতে দেশৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত অনুষ্ঠানটোৰ জনসংযোগ বৃদ্ধি পায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...