প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সাজু চীনঃ ক’লে, অধিক শক্তিশালী হ’ব দুয়ো দেশৰ বন্ধুত্ব
উল্লেখ্য যে ২০১৮ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী মোদীয়ে অন্তিমবাৰৰ বাবে চীন ভ্ৰমণ কৰিছিল। তাৰ পিছৰ বৰ্ষতে, অৰ্থাৎ ২০১৯ চনৰ অক্টোবৰ মাহত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ভাৰত ভ্ৰমণ কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সাজু চীন
সাত বছৰতকৈ অধিক সময়ৰ ব্যৱধানৰ অন্তত চলিত মাহৰ শেষৰ ফালে চীন ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চাংহাই ক’অপাৰেচন অৰ্গেনাইজেশ্যন, চমুকৈ SCOৰ তিয়ানজিন সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদী চুবুৰীয়া দেশখনত উপস্থিত হ’ব পাৰে। প্ৰধানমন্ত্ৰী মোদীৰ সম্ভাৱ্য এই ভ্ৰমণক লৈ আশান্বিত চুবুৰীয়া ৰাষ্ট্ৰ চীন। তেওঁৰ এই ভ্ৰমণে দুয়োখন দেশৰ বন্ধুত্ব আৰু সংহতি অধিক শক্তিশালী কৰি তুলিব বুলি মন্তব্য প্ৰকাশ কৰিছে চীনৰ বৈদেশিক মন্ত্ৰালয়ে।
প্ৰধানমন্ত্ৰী মোদীৰ চীন ভ্ৰমণ সন্দৰ্ভত চলি থকা চৰ্চাৰ মাজতে চুবুৰীয়া দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুঅ’ জিয়াকুনে এক প্ৰশ্নৰ উত্তৰত চীন প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সাজু বুলি উল্লেখ কৰিছে। তেওঁ লগতে আগন্তুক এই তিয়ানজিন সন্মিলনখন বন্ধুত্ব আৰু ফলাফলৰ সন্মিলন হ’ব বুলি আশা প্ৰকাশ কৰে।
SCOৰ তিয়ানজিন সন্মিলনত ২০খনতকৈও অধিক দেশৰ নেতাই এই অংশগ্ৰহণ কৰিব বুলিও চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে লগতে কয়। চাংহাই ক’অপাৰেচন অৰ্গেনাইজেশ্যনৰ সকলো সদস্য ৰাষ্ট্ৰৰ লগতে ১০টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীয়েও এই সন্মিলনত অংশগ্ৰহণ কৰিব বুলি তেওঁ সদৰী কৰে। সেই দিশৰ পৰা SCO স্থাপনৰ পিছত এইখন হ’ব সৰ্ববৃহৎ সন্মিলন।
ইয়াৰ পূৰ্বে চীনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত প্ৰদীপ ৰাৱটে শুকুৰবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ এছিয়ান পৰিক্ৰমা সঞ্চালক প্ৰধান লিউ জিনছঙক সাক্ষাৎ কৰে। ভাৰত-চীন সম্পৰ্কৰ উমৈহতীয়া বিষয়ক লৈ দুয়োৰে মাজত ব্যাপক আলোচনা হয়। এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ সম্ভাৱ্য ভ্ৰমণতো এই দিশট গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা আছে।
ইফালে চীনৰ পূৰ্বে ২৯ আগষ্টত জাপান ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পিছত তেওঁ চীনত উপস্থিত হোৱাৰ সম্ভাৱনা আছে যদিও অৱশ্যে এতিয়ালৈকে চৰকাৰে এই ভ্ৰমণ নিশ্চিত কৰা নাই। উল্লেখ্য যে ২০১৮ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী মোদীয়ে অন্তিমবাৰৰ বাবে চীন ভ্ৰমণ কৰিছিল। তাৰ পিছৰ বৰ্ষতে, অৰ্থাৎ ২০১৯ চনৰ অক্টোবৰ মাহত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ভাৰত ভ্ৰমণ কৰিছিল।
কিন্তু তাৰ পিছতে পূব লাডাখ সীমান্তৰ বিবাদৰ বাবে দুয়োখন দেশৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হৈছিল। ২০২০ চনৰ মে’ মাহত লাডাখত আৰম্ভ হোৱা সামৰিক অস্থিৰতা আৰু জুন মাহত গালৱান উপত্যকাত সংঘটিত হিংসাত্মক সংঘৰ্ষৰ ফলত দুয়োখন চুবুৰীয়া দেশৰ মাজত সম্পৰ্কৰ অধিক অৱনতি ঘটে।
কিন্তু ডেমচক আৰু দেপছাঙৰ পৰা সৈন্য প্ৰত্যাহাৰৰ পিছত ২০২৪ চনৰ অক্টোবৰ মাহত আনুষ্ঠানিকভাৱে এই পৰিস্থিতিৰ অন্ত পৰে। ইয়াৰ পিছত দুয়োখন দেশে পুনৰ সীমান্ত আলোচনা (Special Representative Dialogue) আৰু অন্যান্য আলোচনাৰ ব্যৱস্থা আৰম্ভ কৰে। ২০২৪ চনৰ ২৩ অক্টোবৰত ৰাছিয়াৰ কাজানত অনুষ্ঠিত হোৱা মোদী-জিনপিঙৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।