গোষ্ঠী সংঘৰ্ষৰ দুবছৰ পাছত মণিপুৰত প্ৰধানমন্ত্ৰী, সংঘৰ্ষৰ ভুক্তভোগীৰে আলাপ, ৭৩০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা
শনিবাৰে চূৰাচান্দপুৰৰ শান্তি খেলপথাৰত মণিপুৰৰ জনগোষ্ঠীয় হিংসাৰ ফলত স্থানচ্যুত হোৱা বহু কেইজন লোকৰ সৈতে প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰে। তাৰোপৰি ৭৩০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মণিপুৰত প্ৰধানমন্ত্ৰী
প্ৰায় দুবছৰ ধৰি গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰত আজি উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০২৩ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা কুকি আৰু মেইটেই জনগোষ্ঠীৰ সংঘৰ্ষৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী। শনিবাৰে চূৰাচান্দপুৰৰ শান্তি খেলপথাৰত মণিপুৰৰ জনগোষ্ঠীয় হিংসাৰ ফলত স্থানচ্যুত হোৱা বহু কেইজন লোকৰ সৈতে প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
আভ্যন্তৰীণভাৱে স্থানচ্যুত ব্যক্তিৰ পৰিয়ালৰ উদ্বেগ শুনি মোদীয়ে ৰাজ্যখনত শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ বাবে কেন্দ্ৰৰ দায়বদ্ধতাৰ আশ্বাস দিয়ে বুলিও বিষয়াসকলে কয়।
জাতিগত হিংসাৰ ফলত ৬০ হাজাৰতকৈ অধিক লোক স্থানচ্যুত হয় মণিপুৰত। ইয়াৰ ভিতৰত কুকি জো সম্প্ৰদায়ৰ পৰা প্ৰায় ৪০ হাজাৰ লোক আৰু প্ৰায় ২০ হাজাৰ মেইটেই লোক আছিল।
স্থানচ্যুত হোৱা বহু লোক ৰাজ্যৰ বাহিৰলৈ গুচি যোৱাৰ বিপৰীতে অধিকাংশই কোনো গোপনীয়তা আৰু কোনো উপাৰ্জনৰ উৎস নোহোৱাকৈ দুৰ্বিসহ জীৱন-যাপন কৰি সাহায্য শিবিৰত থাকিবলগীয়া হৈছে। চৰকাৰে মমবাতি, ধূপ বনোৱাকে ধৰি দক্ষতা বিকাশৰ কাৰ্যসূচীৰে ৰাজ্যৰ স্থানচ্যুত লোকসকলৰ জীৱনক উন্নীত কৰাৰ চেষ্টা চলাই আহিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
২০২৩ চনৰ মে’ মাহত ৰাজ্যখনত জাতিগত হিংসা সংঘটিত হোৱাৰ পিছত ২৬০ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে।
Manipur is a vital pillar of India’s progress. Addressing a programme during the launch of development initiatives in Churachandpur. https://t.co/1JENvDXOoE
— Narendra Modi (@narendramodi) September 13, 2025
চূৰাচান্দপুৰৰ পৰাই ৭০০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন
ইফালে মণিপুৰৰ চূৰাচান্দপুৰ জিলাৰ পৰাই ৭৩০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে মণিপুৰ নগৰীয়া পথ, নিষ্কাশন তথা সম্পত্তি ব্যৱস্থাপনা উন্নয়নৰ পদক্ষেপৰ বাবে ৩৬৪৭ কোটি টকাৰ প্ৰকল্প আৰু ৫৫০ কোটি টকাৰ মণিপুৰ ইনফ’টেক ডেভেলপমেণ্ট (MIND) প্ৰকল্প।
তেওঁ ১৪২ কোটি টকাৰ ৯টা কৰ্মৰত মহিলা হোষ্টেল, ১০৫ কোটি টকা উন্নয়নমূলক ছুপাৰ স্পেচিয়েলিটি আৰু স্বাস্থ্যসেৱাৰ সুবিধাৰ ভেটি স্থাপন কৰে। মোদীয়ে ৩০ কোটি টকাত পোলো গ্ৰাউণ্ড আৰু ইয়াৰ আশে-পাশে আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে ১৬খন জিলাৰ সকলোতে ১৩৪ কোটি টকা ব্যয়ৰে ১২০খন বিদ্যালয়ৰ সুবিধাসমূহ শক্তিশালী কৰাৰ আধাৰশিলা স্থাপন কৰে।
মণিপুৰৰ কিছু অংশত গ্ৰাম্য সংযোগ, শিক্ষা আৰু পৰ্যটনৰ সৈতে জড়িত বিভিন্ন পদক্ষেপৰ বাবে মুঠ মূল্য ১০২ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। ইম্ফলৰ খুমান লম্পক ক্ৰীড়া কমপ্লেক্সত ৩৬ কোটি টকাৰ বহুমুখী ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণ আৰু টেংগন’পাল অংশত ১০২ এ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নীতকৰণৰ কাম ৫০২ কোটি টকাৰ প্ৰকল্পৰো আধাৰশীলা স্থাপন কৰে নৰেন্দ্ৰ মোদীয়ে।