প্ৰধানমন্ত্ৰী মোদীলৈ ট্ৰিনিদাদ এণ্ড ট’বাগোৰ সৰ্বোচ্চ অসামৰিক সন্মানঃ ইতিহাসত প্ৰথমবাৰৰ বাবে ঘটিল এনে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ট্ৰিনিদাদ এণ্ড ট’বাগোৰ সৰ্বোচ্চ অসামৰিক সন্মান “দ্য অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগো”- ৰে সন্মানিত কৰা হৈছে। দেশখনৰ ইতিহাসত প্ৰথমজন বিদেশী নেতা হিচাপে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভৰ অধিকাৰী হৈছে প্ৰধানমন্ত্ৰী মোদী। বিদেশী দেশে প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা এয়া ২৫তম আন্তৰ্জাতিক সন্মান।

প্ৰধানমন্ত্ৰী মোদীলৈ ট্ৰিনিদাদ এণ্ড ট’বাগোৰ সৰ্বোচ্চ অসামৰিক সন্মানঃ ইতিহাসত প্ৰথমবাৰৰ বাবে ঘটিল এনে...

প্ৰধানমন্ত্ৰী মোদীলৈ ট্ৰিনিদাদ এণ্ড ট’বাগোৰ সন্মান

Updated On: 

05 Jul 2025 | 06:49 AM

বৃহস্পতিবাৰে পুৱতিনিশা কেৰিবিয়ান দ্বীপপুঞ্জৰ দেশ ট্ৰিনিদাদ এণ্ড ট’বাগোত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ট্ৰিনিদাদ এণ্ড ট’বাগোৰ সৰ্বোচ্চ অসামৰিক সন্মান দ্য অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগো”- ৰে সন্মানিত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি ক্ৰীষ্টিন কংগালুৱে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীক বিদেশী দেশে প্ৰদান কৰা এয়া ২৫তম আন্তৰ্জাতিক সন্মান। ইয়াৰ পূৰ্বে ৰাছিয়া, চৌদি আৰব, সংযুক্ত আৰৱ আমিৰশ্বাহী, ফ্ৰান্সকে ধৰি বহু দেশৰ পৰাও তেওঁ শীৰ্ষ সন্মান লাভ কৰিছে।

ইফালে চলিত এই পাঁচখন দেশৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয়টো সন্মান লাভ কৰিছে ট্ৰিনিদাদ এণ্ড বাগোৰ পূৰ্বে আফ্ৰিকান দেশ ঘানা ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মানদ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰা হৈছিল

উল্লেখ্য যে ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ইতিহাসত প্ৰথমজন বিদেশী নেতা হিচাপে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভৰ অধিকাৰী হৈছে প্ৰধানমন্ত্ৰী মোদী। এই সন্মান লাভৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ৰাষ্ট্ৰপতি কংগালুকে ধৰি দেশখনৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। দেশৰ ১৪০ কোটি নাগৰিকৰ হৈ এক গৌৰৱ হিচাপে এই বঁটা গ্ৰহণ কৰা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

 

প্ৰথমবাৰৰ বাবে এগৰাকী বিদেশী নেতাক এই সন্মান প্ৰদানৰ দ্বাৰা ভাৰত আৰু ট্ৰিনিদাদ এণ্ড ট’বাগোৰ মাজৰ বিশেষ সম্পৰ্কৰ গভীৰতাও প্ৰতিপন্ন কৰা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় এই সম্পৰ্ক দুয়োখন দেশৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে বুলিও তেওঁ দোহাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ১৮০ বছৰ পূৰ্বে ভাৰতৰ পৰা দেশখনলৈ প্ৰব্ৰজন কৰা লোকসকলে] দুয়ো দেশৰ মাজত বন্ধুত্বৰ ভেটি স্থাপন কৰিছিল।

তেওঁলোকৰ মন ভাৰতীয় সভ্যতা, সংস্কৃতি তথা বৈচিত্ৰ্যৰে চহকী আছিল আৰু তেওঁলোকে ৰোপণ কৰা পাৰস্পৰিক সম্প্ৰীতিসদিচ্ছাৰ বীজ আজি ট্ৰিনিদাদ এণ্ড ট’বাগোত বাস্তৱায়িত হৈছে বুলিও মোদীয়ে মন্তব্য কৰে। আমাৰ পৰম্পৰা, সংস্কৃতি আৰু ৰীতি-নীতি এতিয়াও ভাৰতীয় সমাজে সংৰক্ষণ কৰি ৰখাটো অতি গৌৰৱৰ বিষয়’- এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

ইফালে দেশখনৰ ৰাষ্ট্ৰপতি কংগালুৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আপোনাৰ পূৰ্বপুৰুষসকল সন্ত তিৰুৱল্লুৱৰ ভূমি তামিলনাডুৰ। সন্ত তিৰুৱল্লুৱৰে কৈছিল যে শক্তিশালী দেশসমূহত ৬টা বস্তু থাকিব লাগে সাহসী সেনা, দেশপ্ৰেমিক নাগৰিক, সম্পদ, ভাল জনপ্ৰতিনিধি, শক্তিশালী প্ৰতিৰক্ষা আৰু সদায় কাষত থিয় দিয়া এক বন্ধু দেশ। ট্ৰিনিদাদ এণ্ড ট’বাগো ভাৰতৰ বাবে এনে এক বন্ধুত্বপূৰ্ণ দেশ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...