৬ দিনত নিজৰ দেশলৈ উভতি গ’ল ৭৮৬ গৰাকী পাকিস্তানী, ভাৰতলৈ অহা লোকৰ সংখ্যা দুগুণ

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তানী নাগৰিকক বিতাড়নৰ নিৰ্দেশ দিছিল। ২৯ এপ্ৰিলৰ সন্ধিয়া শেষ হৈছিল এই সময়সীমা। ৬ দিনত মুঠ ৭৮৬ জন আটাৰী সীমান্তৰে নিজৰ দেশলৈ উভতি গৈছে পাকিস্তানী । আনহাতে পাকিস্তানৰ পৰা অহা ভাৰতীয়ৰ সংখ্যা ইয়াত দুগুণ।

৬ দিনত নিজৰ দেশলৈ উভতি গ’ল ৭৮৬ গৰাকী পাকিস্তানী, ভাৰতলৈ অহা লোকৰ সংখ্যা দুগুণ

প্ৰতীকি ফটো

Updated On: 

30 Apr 2025 13:32 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানীৰ ভিছা বাতিল কৰিছিল ভাৰতে। এই কাৰ্যৰ অন্তত আটাৰী সীমান্তৰে ৭৮৬ জন পাকিস্তানীক উভতাই পঠিওৱা হয়। আনহাতে ১৬১৬ জন ভাৰতীয় পাকিস্তানৰ পৰা উভতি আহিছে। এই পৰিসংখ্যা ২৪ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈকে।

সৰ্বাধিক উভতি অহা পাকিস্তানীৰ সংখ্যা আছিল ২৭ এপ্ৰিলত। এই দিনটোতে ২৩৭ জন পাকিস্তানী নিজৰ দেশলৈ উভতি গৈছে। আনহাতে ২৫ এপ্ৰিলত ১৯১ জন পাকিস্তানী নিজৰ দেশলৈ উভতিছে। আনহাতে, ২৪ এপ্ৰিলত ২৮জন, ২৬ এপ্ৰিলত জন, ২৯ এপ্ৰিলত ১৪৫ জন আৰু ২৯ এপ্ৰিলত ১০৪ জনকৈ লোকক পাকিস্তানলৈ ঘূৰাই পঠিওৱা হৈছিল।

কিমান ভাৰতীয় ঘূৰি আহিল?

পাকিস্তানৰ পৰা উভতি অহা ভাৰতীয়ৰ কথা ক’বলৈ গ’লে ২৪ এপ্ৰিলত ১০৫ জন ভাৰতীয়, ২৫ এপ্ৰিলত ২৮৭ জন, ২৬ এপ্ৰিলত ৩৪২ জন, ২৭ এপ্ৰিলত ১১৬ জন, ২৮ এপ্ৰিলত ২৭৫ জন আৰু ২৯ এপ্ৰিলত ৪৯১ জন ভাৰতীয় ঘূৰি আহিছিল। এতিয়ালৈ পাকিস্তানৰ পৰা উভতি অহা মুঠ ভাৰতীয়ৰ সংখ্যা ১৬১৬ জন।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ডাঙৰ সিদ্ধান্ত লৈ তাৎক্ষণিক কাৰ্যকৰী হোৱাকৈ পাকিস্তানীৰ ভিছা বাতিল কৰে ভাৰতে । পৰৱৰ্তী সিদ্ধান্ত নোলোৱালৈকে কোনো পাকিস্তানী নাগৰিকে ভাৰতীয় ভিছা নাপাব। ইয়াৰ বাহিৰেও পাকিস্তানত থকা ভাৰতীয় দূতাবাস আৰু ভাৰতত থকা পাকিস্তানৰ দূতাবাস বন্ধ কৰি দিয়া হয়। লগতে ৭ দিনৰ ভিতৰত পাকিস্তানী কূটনীতিবিদক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হয়।

চৰকাৰে কি ক’লে?

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক পাকিস্তানলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছিল আৰু পাকিস্তানত উপস্থিত থকাসকলক অতি সোনকালে ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত উল্লেখ কৰিছিল যে, ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকৰ বাবে ভিছা সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। তাত কোৱা হৈছে যে, ভাৰতে পাকিস্তানী নাগৰিকক প্ৰদান কৰা বৰ্তমানৰ সকলো বৈধ ভিছা বাতিল কৰা হৈছে।

বৰ্তমান ভাৰতত উপস্থিত থকা সকলো পাকিস্তানী নাগৰিকে সংশোধিত ভিছাৰ সময়সীমা শেষ হোৱাৰ পূৰ্বে ভাৰত এৰি যাব লাগিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। চিচিএছৰ বৈঠকত লোৱা হৈছিল এই সিদ্ধান্ত। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ এদিন পিছতে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল CCS বৈঠক। পাকিস্তানক শক্তিশালী বাৰ্তা দি ভাৰতে ইয়াৰ সৈতে কূটনৈতিক সম্পৰ্ক ব্যাপকভাৱে হ্ৰাস কৰা, ছয় দশকৰো অধিক পুৰণি সিন্ধু জল চুক্তি স্থগিত ৰখা আৰু আটাৰী চেক পোষ্ট বন্ধ কৰাকে ধৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছিল এই বৈঠকত।

ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...