পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ বিৰুদ্ধে আন এক পদক্ষেপ, ভাৰতত নিষিদ্ধ হ’ল পাকিস্তান চৰকাৰৰ ‘X’ একাউন্ট

এইবাৰ পাকিস্তান চৰকাৰৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্ট বন্ধ কৰিছে ভাৰতে । দশক দশক পুৰণি সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু পাকিস্তানৰ জ্যেষ্ঠ কূটনৈতিক কৰ্মচাৰীক বহিষ্কাৰ কৰাকে ধৰি নতুন দিল্লীয়ে ধাৰাবাহিকভাৱে কঠোৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে এতিয়া এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ বিৰুদ্ধে আন এক পদক্ষেপ, ভাৰতত নিষিদ্ধ হ’ল পাকিস্তান চৰকাৰৰ ‘X’ একাউন্ট

ভাৰতত নিষিদ্ধ হ’ল পাকিস্তান চৰকাৰৰ ‘X’ একাউন্ট

Updated On: 

24 Apr 2025 11:27 AM

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে পাকিস্তান চৰকাৰৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত বন্ধ কৰিছে ভাৰতে । দশক দশক পুৰণি সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু পাকিস্তানৰ জ্যেষ্ঠ কূটনৈতিক কৰ্মচাৰীক বহিষ্কাৰ কৰাকে ধৰি নতুন দিল্লীয়ে ধাৰাবাহিকভাৱে কঠোৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে এতিয়া এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

২২ এপ্ৰিলৰ আক্ৰমণৰ পিছত দিল্লীত ধাৰাবাহিভাৱে অনুষ্ঠিত কৰা হৈছে বৈঠক।বুধবাৰে চিচিএছৰ এখন বৈঠক অনুষ্ঠিত হয় য’ত পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদমেলযোগে চৰকাৰৰ সেই পদক্ষেপসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে।

ভাৰতে বাতিল কৰিলে সিন্ধু জল সন্ধি। এই চুক্তিত ৬ খন নদী অন্তৰ্ভুক্ত কৰা হৈছে, য’ত ৰবি, বিয়াছ আৰু ছাটলেজক পূব নদী বুলি কোৱা হৈছে আনহাতে চেনাব, ঝেলুম আৰু সিন্ধু মূল নদীক পশ্চিম নদী বুলি কোৱা হৈছে। ইয়াৰ পানী ভাৰত আৰু পাকিস্তান উভয়ৰে বাবে গুৰুত্বপূৰ্ণ। পাকিস্তানৰ প্ৰায় ৮০ শতাংশ কৃষি সম্পূৰ্ণৰূপে সিন্ধু নদী ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। এই পানী ব্যৱস্থাৰ পৰা পোৱা পানীৰ প্ৰায় ৯৩ শতাংশ কেৱল জলসিঞ্চনৰ বাবেহে ব্যৱহাৰ কৰা হয়। কৰাচী, লাহোৰ, মুলতানৰ দৰে চহৰে সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পৰা পানী লাভ কৰে।

ইয়াৰ উপৰিও ডেৰ-দুঘণ্টা ধৰি চলা চিচিএছৰ বৈঠকত পাকিস্তানী উচ্চায়ুক্তৰ প্ৰতিৰক্ষা, সামৰিক, নৌসেনা আৰু বায়ু উপদেষ্টাসকলক Persona Non Grata ঘোষণা কৰি এসপ্তাহৰ ভিতৰত ভাৰত এৰি যাবলৈ কোৱা হৈছে। ইছলামবাদত থকা ভাৰতীয় উচ্চায়ুক্তৰ পৰাও ভাৰতে নিজৰ প্ৰতিৰক্ষা, নৌ আৰু বিমান উপদেষ্টা প্ৰত্যাহাৰ কৰিব বুলি তেওঁ জনায়। লগতে SAARC Visa Rehemption Scheme ৰ অধীনত পাকিস্তানী নাগৰিকক ভাৰত ভ্ৰমণৰ অনুমতি দিয়া নহ’ব, আৰু পূৰ্বে প্ৰদান কৰা SPES ভিছা বাতিল কৰা হ’ব । ভাৰতৰ সীমান্তত উপস্থিত পাকিস্তানী নাগৰিকক ৪৮ ঘন্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে । ইফালে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হৈছে সংহত আট্টাৰী চেকপোষ্ট । আইনগতভাৱে সীমান্ত অতিক্ৰম কৰাসকলক ২০২৫ চনৰ ১ মে’ৰ ভিতৰত পাকিস্তানলৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হৈছে ।

Related Stories
চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension