Operation Sindoor: সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস, কিয় ভাৰতে অভিযানৰ নাম ৰাখিছিল ‘অপাৰেশ্যন সেন্দূৰ’, জানক…

Operation sindoor: পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল'লে ভাৰতে। মাজ নিশা পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি ধ্বংস কৰিলে সন্ত্ৰাসবাদীৰ ঘাটি। এই অভিযানৰ নাম আছিল 'অপাৰেশ্যন সেন্দূৰ'।

Operation Sindoor: সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস, কিয় ভাৰতে অভিযানৰ নাম ৰাখিছিল অপাৰেশ্যন সেন্দূৰ, জানক...

অপাৰেশ্যন সেন্দূৰ

Updated On: 

07 May 2025 09:26 AM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। এই ভয়ংকৰ ঘটনাত সন্ত্ৰাসবাদীয়ে কিছুমান বিশেষ দিশৰ ওপৰত গুৰুত্ব দিছিল। আচৰিত কথা এয়াই যে সন্ত্ৰাসবাদীয়ে কোনো মহিলা আৰু শিশুক হত্যা কৰা নাছিল। সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল মহিলাৰ কঁপালৰ সেন্দূৰ। তেওঁলোকৰ উদ্দেশ্য কেৱল হত্যা কৰাই নাছিল, সন্ত্ৰাসবাদীৰ উদ্দেশ্য আছিল ভাৰতীয় সংস্কৃতি আৰু পৰিয়ালৰ আত্মাক আক্ৰমণ কৰা। এই সাংস্কৃতিক আৰু আৱেগিক আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় সেনাই এক অভিযান আৰম্ভ কৰে। লগতে অভিযানৰ নাম ৰাখে অপাৰেশ্যন সেন্দূৰ (Operation sindoor)।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ ফলত ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল বহুতো। এই আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীয়ে পৰ্যটক আৰু পুৰুষসকলকহে লক্ষ্য কৰি লৈছিল।

অপাৰেশ্যন সেন্দূৰৰ দ্বাৰা উত্তৰ

এই ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ উত্তৰ ভাৰতীয় সেনাই অপাৰেশ্যন সেন্দূৰৰ দ্বাৰা দিয়ে। এই নামটো সেনাৰ কোনো সাধাৰণ কোড নাছিল। সন্ত্ৰাসবাদীক তেওঁলোকৰ ভাষাত উত্তৰ দিবলৈ এই নাম ব্যৱহা কৰা হৈছিল। সন্ত্ৰাসবাদীয়ে সেন্দূৰক লক্ষ্য কৰি লৈছিল আৰু সেই সেন্দূৰৰ নামেৰেই ভাৰতে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰে। এই আক্ৰমণ আছিল প্ৰত্যক্ষ, নিখুঁত আৰু সীমিত লক্ষ্যৰ। ভাৰতে বুজাই দিছে যে ভাৰতীৰ সত্বাক আক্ৰমণ কৰিলে কাকো ৰেহাই দিয়া নহয়।

অপাৰেশ্যন সেন্দূৰৰ অধীনত পাকিস্তান আৰু POK ৰ ৯টা স্থান লক্ষ্য কৰি লোৱা হৈছিল। এই আক্ৰমণ ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ সামৰিক স্থানত কৰা নাছিল। আন্তঃৰাষ্ট্ৰীয় আইনৰ পৰিসৰৰ ভিতৰত থাকি ভাৰতে এই আক্ৰমণ চলাইছিল। ভাৰতে সম্পূৰ্ণ সংযত আৰু সঠিক সামৰিক কৌশল গ্ৰহণ কৰি এই আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ লক্ষ্য আছিল সন্ত্ৰাসবাদীৰ স্থান ধ্বংস কৰা।

সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ

অপাৰেশ্যন সেন্দূৰৰ দ্বাৰা ভাৰতে দেখুৱাই দিলে যে যুদ্ধ নহয়, ন্যায়ৰ পথ অনুসৰণ কৰে ভাৰতে। কিন্তু ভাৰতীয়ৰ বিৰুদ্ধে লোৱা প্ৰতিটো কথাৰ উচিত প্ৰত্যুত্তৰো ল’ব ভাৰতো। পাকিস্তানে স্পষ্টভাৱে এই বাৰ্তা লাভ কৰে যে, ভাৰতৰ সিদ্ধান্ত কেৱল কূটনৈতিক দিশত সীমাবদ্ধ নাই, বৰঞ্চ উপযুক্ত সামৰিক সঁহাৰি দিয়াৰ সামৰ্থ্য আৰু ইচ্ছাশক্তিও আছে।ভাৰতে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো স্পষ্ট কৰি দিছে যে সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশসমূহে এতিয়া ইয়াৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব।

অপাৰেশ্যন সেন্দূৰ কেৱল সামৰিক অভিযানে নহয়, ভাৰতৰ সাংস্কৃতিক আৰু নৈতিক বিজয়ৰ আৰম্ভণিও। সন্ত্ৰাসবাদীয়ে ভাৰতীয় মহিলাৰ সেন্দূৰ মচিবলৈ চেষ্টা কৰিছিল আৰু ভাৰতে তেওঁলোককে ধ্বংস কৰি পেলালে। এয়া ভাৰতৰ শক্তিৰ প্ৰতীক যিয়ে এতিয়া প্ৰতিটো আক্ৰমণৰ প্ৰতি নিজৰ ভাষাত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে। ভাৰতে এই কথাও প্ৰমাণ কৰিছে যে পৰিয়াল, সংস্কৃতি আৰু পৰিচয়ক আক্ৰমণ কৰিলে সকলোৰে উৰ্ধত গৈ ভাৰতে সঁহাৰি দিব।

 

অন্য খবৰ পঢ়কঃ Operation Sindoor: পাকিস্তানৰ ১০০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি ভাৰতীয় সেনাৰ আক্ৰমণ, কিয় লক্ষ্য কৰি লোৱা হ’ল ৯টা স্থান…

অন্য খবৰ পঢ়কঃ Operation Sindoor: অপাৰেশ্যন সেন্দূৰ কি? পাকিস্তানৰ মাটিত ভাৰতৰ মিছাইল আক্ৰমণ…

শৰীৰত হিম'গ্ল'বিন কম থাকিলে কি কি লক্ষণ দেখা যায়? | Hemoglobin deficiency main big symptoms in body
কণ্ডম কিদৰে প্ৰস্তুত কৰা হয় ? কিনাৰ পূৰ্বে মনত ৰাখিব এই কথা
হাতলৈ আহিব ধন, হ’ব উন্নতি, মাথোঁ এইদৰে সন্তুষ্ট কৰক হনুমানক
দূৰ হ'ব ধনৰ অভাৱ, লাভ কৰিব দেৱী লক্ষ্মীৰ আশীৰ্বাদ! মাথোঁ কৰক এই কাম