Operation Sindoor: অপাৰেশ্যন সেন্দূৰ কি? পাকিস্তানৰ মাটিত ভাৰতৰ মিছাইল আক্ৰমণ…

Operation Sindoor: পহলগাম কাণ্ডৰ প্ৰতিশোধ ল'লে ভাৰতে। ৬-৭ এপ্ৰিলৰ নিশা ভাৰতীয় বায়ু সেনাই পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰৰ ৯ টা স্থানত মিছাইল নিক্ষেপ কৰে। এই অভিযানত লক্ষ্য কৰি লোৱা হৈছিল সন্ত্ৰাসবাদীক।

Operation Sindoor: অপাৰেশ্যন সেন্দূৰ কি? পাকিস্তানৰ মাটিত ভাৰতৰ মিছাইল আক্ৰমণ...

অপাৰেশ্যন সিন্দূৰ

Updated On: 

07 May 2025 08:06 AM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধ ল’লে ভাৰতে।  ৬-৭মে’ৰ নিশা পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰ (POK) ৰ কেইবাটাও স্থানত এয়াৰ ষ্ট্ৰাইক কৰে ভাৰতে। ‘অপাৰেচন সেন্দূৰ’ৰ অধীনত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে অভিযান চলাই সন্ত্ৰাসবাদী আত্মগোপন স্থানত নিখুঁত আক্ৰমণ চলায়। এই অভিযানত মুঠ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ পাছতে দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে।

এই আক্ৰমণ আছিল সীমিত আৰু কৌশলগত।  ভাৰতে আক্ৰমণ সন্দৰ্ভত জাৰি কৰা তথ্য অনুসৰি এই সময়চোৱাত পাকিস্তানৰ কোনো সামৰিক স্থানক লক্ষ্য কৰি লোৱা হোৱা নাই। সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ভাৰতে এই বাৰ্তা দিবলৈ চেষ্টা কৰিছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতৰ এই সিদ্ধান্তৰ পাছতে এতিয়া স্পষ্ট হৈ পৰিছে যে ভাৰতে প্ৰতিশোধ ল’বও পাৰে।

অপাৰেশ্যন সেন্দূৰ

উল্লেখ্য যে, সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ বৈচাৰণত আক্ৰমণ কৰাৰ সময়ত কোনো মহিলাক হত্যা কৰা নাছিল।  ইয়াৰ আঁৰত আছিল এক বিশেষ কাৰণ। গতিকে সন্ত্ৰাসবাদীয়ে যেতিয়া মহিলাৰ কঁপালৰ সেন্দূৰ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ কৰে , তাৰ প্ৰত্যুত্তৰৰ প্ৰতীকৰূপে ভাৰতে অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰিছে। । অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে কেৱল সন্ত্ৰাসবাদীক শিক্ষা দিয়াই নহয়, এই কথাও স্পষ্ট কৰি দিছে যে এতিয়া যিকোনো নাৰীৰ সেন্দূৰ স্পৰ্শ কৰাতো যুদ্ধৰ সমতুল্য বুলি গণ্য কৰা হ’ব।

ভাৰতে এই অভিযান আন্তঃৰাষ্ট্ৰীয় আইনৰ পৰিসৰৰ ভিতৰত কৰে। ইয়াৰ অধীনত এই আক্ৰমণৰ সময়ত ভাৰতে কোনো সামৰিক স্থান বা সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা নাই। ‘অপাৰেচন সেন্দূৰ’য়ে পাকিস্তানক দেখুৱাইছে যে এতিয়া ভাৰতে পুৰণি নীতি মানি নচলে। ২০১৬ চনৰ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু ২০১৯ চনৰ বালাকোট বিমান আক্ৰমণৰ পিছত এইটো তৃতীয়টো বৃহৎ যি পাকিস্তানৰ মাটিত সংঘটিত হৈছে। ইয়াৰ দ্বাৰা ভাৰতে এই কথাও স্পষ্ট কৰি দিছে যে ভাৰতে এতিয়া আৰু আলোচনাত বিশ্বাস নকৰে, বৰঞ্চ প্ৰতিশোধ লোৱাত বিশ্বাস কৰে।

এই ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে, ভাৰতে চুবুৰীয়া দেশখনক সঠিক আৰু সংযত উত্তৰ দিছে। এই ঘটনাৰ ফলত এতিয়াও সীমান্তত উত্তেজনাই বিৰাজ কৰি আছে।

ভাৰতৰ এই সিদ্ধান্তৰ পাছতে পাকিস্তানে LOC ত গুলীচালনা আৰম্ভ কৰে। য’ত ৩ জনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। পুঞ্চ জিলা বিষয়াই জনোৱা মতে, পাকিস্তান কিমোৰ্টাৰ গুলীচালনাত এগৰাকী মহিলা নিহত হৈছে। এনে পৰিপ্ৰেক্ষিতত সীমান্তৰ বহু অঞ্চলত আজি স্কুল-কলেজ, অফিচ আদি বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। য’ত ২৬ জন লোকক হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। এই আক্ৰমণৰ সময়ত বিশেষকৈ হিন্দু আৰু পুৰুষসকলক লক্ষ্য কৰি লোৱা হৈছিল। পহলগামত সংঘটিত এই নৰসংহাৰৰ পাছতে আজি প্ৰতিশোধ ল’লে ভাৰতে।

 

 

অন্য খবৰ পঢ়কঃ Operation Sindoor Live: পহলগাম কাণ্ডৰ ভাৰতে ল’লে প্ৰতিশোধ, পাকিস্তানৰ কেইবাটাস্থানত কৰিলে এয়াৰ ষ্ট্ৰাইক

 

জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...
শৰীৰত হিম'গ্ল'বিন কম থাকিলে কি কি লক্ষণ দেখা যায়? | Hemoglobin deficiency main big symptoms in body
কণ্ডম কিদৰে প্ৰস্তুত কৰা হয় ? কিনাৰ পূৰ্বে মনত ৰাখিব এই কথা
হাতলৈ আহিব ধন, হ’ব উন্নতি, মাথোঁ এইদৰে সন্তুষ্ট কৰক হনুমানক