Operation Sindoor: অপাৰেচন সেন্দূৰত ধ্বংস কৰা হৈছিল কমেও ৫খন পাক যুদ্ধ বিমান, বায়ু সেনাৰ মূৰব্বীৰ দাবী

Operation Sindoor: অপাৰেচন সেন্দূৰক এনে এক সংঘাত হিচাপে স্মৰণ কৰা হ’ব যিয়ে পাকিস্তানক উচিত শিক্ষা দিয়াৰ নিজৰ লক্ষ্যত নিখুঁতভাৱে উপনীত হ’ল। অমৰ প্ৰীত সিঙে কয় যে ভাৰতে পাকিস্তানৰ একাধিক লক্ষ্যত আঘাত কৰাৰ লগতে ৪-৫খন পাকিস্তানী যুদ্ধ বিমানো ধ্বংস কৰে।

Operation Sindoor: অপাৰেচন সেন্দূৰত ধ্বংস কৰা হৈছিল কমেও ৫খন পাক যুদ্ধ বিমান, বায়ু সেনাৰ মূৰব্বীৰ দাবী

ভাৰতীয় বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল অমৰ প্ৰীত সিং

Published: 

03 Oct 2025 14:34 PM

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই চলোৱা অপাৰেচন সেন্দূৰ সন্দৰ্ভত শেহতীয়াকৈ কেতবোৰ তথ্য প্ৰকাশ কৰিছে ভাৰতীয় বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল অমৰ প্ৰীত সিঙে। তেওঁ কয় যে অপাৰেচন সেন্দূৰক এনে এক সংঘাত হিচাপে স্মৰণ কৰা হ’ব যিয়ে পাকিস্তানক উচিত শিক্ষা দিয়াৰ নিজৰ লক্ষ্যত নিখুঁতভাৱে উপনীত হ’ল। সিঙে কয় যে ভাৰতে পাকিস্তানৰ একাধিক লক্ষ্যত আঘাত কৰাৰ লগতে ৪-৫খন পাকিস্তানী যুদ্ধ বিমানো ধ্বংস কৰে।

৯৩ সংখ্যক বায়ুসেনা দিৱস উপলক্ষে এখন সংবাদমেলত ভাষণ দি তেওঁ কয় যে চাৰিদিনীয়া এই অভিযানটো স্পষ্ট আদেশৰ সৈতে চলোৱা হৈছিল আৰু ভাৰতে যি কৰিবলৈ মন মেলিছিল তাক সম্পন্ন কৰাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিছিল।

এই সন্দৰ্ভত বিশদ বিৱৰণ আগবঢ়াই বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয়, “আমি বৃহৎ সংখ্যক ইনষ্টলেচনত আঘাত কৰিলোঁ। সেই আক্ৰমণত চাৰিটা ৰাডাৰ, দুটা স্থানত কমাণ্ড-এণ্ড-কণ্ট্ৰল চেণ্টাৰ, দুটা স্থানত ৰাণৱে, আৰু চাৰিৰ পৰা পাঁচখন যুঁজাৰু বিমান ধ্বংস কৰা হৈছিল- সম্ভৱতঃ এফ-১৬।”

সিঙে কয়, ‘‘নিৰীহ লোকক হত্যা কৰাৰ প্ৰতিশোধ ল’বলৈ আমি তেওঁলোকক উচিত মূল্য দিবলৈ বাধ্য কৰিলোঁ। বায়ুসেনাক প্ৰত্যক্ষ আদেশ দিয়া হৈছিল- আই এ এফ আছিল প্ৰধান অংশীদাৰ।” ৪ দিনীয়া সংঘাতৰ সন্দৰ্ভত পাকিস্তানে কৰা দাবীকো আই এ এফৰ মুৰব্বীগৰাকীয়ে নাকচ কৰি ইয়াক “মনে সজা কাহিনী” বুলি অভিহিত কৰে।

“চাৰিদিনীয়া সংঘাতৰ পিছত ই এক পাঠ হিচাপে থিয় দিছে; ই ইতিহাসত লিপিবদ্ধ হ’ব কাৰণ যুদ্ধ এখন অতি স্পষ্ট উদ্দেশ্যৰে আৰম্ভ হৈছিল আৰু দ্ৰুতভাৱে সমাপ্ত হৈছিল। আমি এখন দেশ হিচাপে শত্ৰুতা শেষ কৰিবলৈ আহ্বান জনাইছিলো, কাৰণ আমাৰ উদ্দেশ্য সফল হৈছিল। এইটো আমাৰ পৰা বিশ্বই শিকিব লাগিব।”

সিঙে প্ৰকাশ কৰে যে ভাৰতে নতুনকৈ অন্তৰ্ভুক্ত কৰা দীৰ্ঘ দূৰত্বৰ ছাৰফেচ টু এয়াৰ ক্ষেপণাস্ত্ৰই পাকিস্তানৰ কাৰ্যকলাপ ধ্বংস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ”শেহতীয়াকৈ অন্তৰ্ভুক্ত হোৱা আমাৰ দীৰ্ঘ দূৰত্বৰ এছ এ এমে তেওঁলোকৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে — ৩০০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ আটাইতকৈ দীঘলীয়া আক্ৰমণ হিচাপে ইতিহাসত লিপিবদ্ধ হ’ব পৰা কামটো সম্ভৱ কৰে আৰু তেওঁলোকৰ (পাকিস্তানৰ) কাৰ্যকলাপ বিফল কৰি তোলে” তেওঁ কয়।

যুদ্ধৰ পৰিস্থিতি পৰিচালনা আৰু প্ৰচাৰৰ সময়ত ভুল তথ্য কমাবলৈ সংবাদ মাধ্যমে ভূমিকা গ্ৰহণ কৰা বুলিও বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, “আমি তেওঁলোকক আঁঠু লোৱাবলৈ সক্ষম হৈছিলো। আমাৰ সংবাদ মাধ্যমে যুদ্ধৰ পৰিস্থিতি অতি ভালদৰে চম্ভালিছিল, ভুল তথ্য কৰ্তন কৰিছিল। তেওঁলোকে সেনাবাহিনীৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছিল।”

ভাৰতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন সেন্দূৰ চলাইছিল আৰু চলিত বৰ্ষৰ মে’ মাহত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিত নিখুঁত আক্ৰমণৰ জৰিয়তে আঘাত হানিছিল। পাকিস্তানৰ পৰৱৰ্তী তীব্ৰতা প্ৰতিহত কৰি ভাৰতে ইয়াৰ বিমান ঘাটিসমূহত আঘাত হানে বুলিও বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয়।

ৰক্তহীনতা কেনেকৈ প্ৰাকৃতিকভাৱে নিৰাময় কৰিব পাৰি? তেজৰ মাত্ৰা বৃদ্ধিৰ বাবে দৈনিক এই খাদ্য খাওক
সুদীৰ্ঘ ৩২২১ দিনৰ অন্তত ৰাহুলৰ বেটৰ পৰা আহিল শতক! এই দিশতো গঢ়িলে অভিলেখ
অকাল মৃত্যুৰ পৰা কেনেকৈ হাত সাৰিব পাৰি? জনালে প্ৰেমানন্দ মহাৰাজে...
ভুলতো নকৰিব এই কাম! মা লক্ষ্মী হৈ পৰিব অসন্তুষ্ট...