Operation Akhal: জম্মু-কাশ্মীৰত অব্যাহত সেনাৰ অপাৰেচন আখল, নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ৫ জনলৈ বৃদ্ধি…

এই অপাৰেচনত দুই সন্ত্ৰাসবাদী নিহত হোৱাৰ লগে এজন জোৱান আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। কোৱা হৈছে যে,‘অপাৰেচন আখল’ হৈছে তিনিদিনীয়া এক সন্ত্ৰাসবাদ বিৰোধী অভিযান।

Operation Akhal: জম্মু-কাশ্মীৰত অব্যাহত সেনাৰ অপাৰেচন আখল, নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ৫ জনলৈ বৃদ্ধি...

সন্ত্ৰাসবাদ বিৰোধী অভিযান

Published: 

03 Aug 2025 09:56 AM

জম্মু-কাশ্মীৰত সেনাই অব্যাহত ৰাখিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদী নিৰ্মূল কৰাৰ বাবে সেনাই চলাইছিল অপাৰেচন মহাদেৱ। এইবাৰ সেনাই চলাইছে ‘অপাৰেচন আখল’। শেহতীয়াকৈ এই অপাৰেচনত দুই সন্ত্ৰাসবাদী নিহত হোৱাৰ লগে এজন জোৱান আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। কোৱা হৈছে যে,‘অপাৰেচন আখল’ হৈছে তিনিদিনীয়া এক সন্ত্ৰাসবাদ বিৰোধী অভিযান।

খবৰ অনুসৰি, যোৱা নিশা দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ জংঘলত বন্দুকৰ গুলী আৰু বিস্ফোৰণৰ শব্দ শুনা যায়। এই অভিযানৰ আজি তৃতীয়টো দিন। এতিয়াও অব্যাহত আছে এই অভিযান। উগ্ৰপন্থীৰ সন্ধানত আৰক্ষী, সেনা আৰু চি আৰ পি এফে পুংখানুপুংখ তালাচী অব্যাহত ৰাখিছে।

শুকুৰবাৰে গোপন সূত্ৰৰ পৰা উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতে অপাৰেচন আখল আৰম্ভ কৰা হয়। কুলগামৰ আখল বনাঞ্চল সম্পূৰ্ণৰূপে ঘেৰি ধৰিছে সেনাই। উগ্ৰপন্থীয়ে প্ৰথমে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে। যদিও শুকুৰবাৰে নিশা কিছু সময়ৰ বাবে বন্দুকৰ যুঁজ বন্ধ হৈ যায়, তথাপিও শনিবাৰে পুনৰ আৰম্ভ হয় দুয়োপক্ষৰ মাজত সংঘৰ্ষ।

শনিবাৰে যৌথ অভিযানত নিহত হয় ৩ উগ্ৰপন্থী। আজি আৰু দুজন উগ্ৰপন্থীৰ নিহত হোৱাৰ লগে লগে নিহত উগ্ৰপন্থীৰ মুঠ সংখ্যা ৫ জনলৈ বৃদ্ধি পায়। নিহক হোৱা উগ্ৰপন্থীকেইটা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত থকা দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ সদস্য বুলি কোৱা হৈছে।

মাত্ৰ এটা শব্দই আপোনাক দিব দুখ-যন্ত্ৰণাৰ পৰা মুক্তি, ক'লে প্ৰেমানন্দ মহাৰাজে...
শাওনৰ তৃতীয়টো সোমবাৰে কৰক এই প্ৰতিকাৰ, লাভ কৰিব মহাদেৱৰ বিশেষ কৃপা
ভাৰতৰ কিমান বিমানবন্দৰ এতিয়া আদানী গ্ৰুপৰ নিয়ন্ত্ৰণত?
ধনৰ অভাৱত ভুগিছে নেকি? কৰক এই সহজ কাম, সকলো বাধা দূৰ হ'ব!