বিবাহিত পুৰুষৰ সৈতে প্ৰাপ্তবয়স্ক মহিলাই কৰিব পাৰিব সংসাৰ, উচ্চ ন্যায়ালৰ গুৰুত্বপূৰ্ণ ৰায়

আদালতে কয়, যে যদি ছোৱালীজনীয়ে বিবাহিত পুৰুষৰ লগত বিয়া হয়,  তেন্তে প্ৰথম পত্নীয়ে বহুবিবাহৰ গোচৰ ৰুজু কৰিব পাৰে। যিহেতু ছোৱালীজনীয়ে পিতৃ-মাতৃক এৰি সেই মানুহজনৰ লগত থাকিব বিচাৰিছে, গতিকে এই বিষয়ত আদালতে হস্তক্ষেপ কৰিব নোৱাৰে।

বিবাহিত পুৰুষৰ সৈতে প্ৰাপ্তবয়স্ক মহিলাই কৰিব পাৰিব সংসাৰ, উচ্চ ন্যায়ালৰ গুৰুত্বপূৰ্ণ ৰায়

বিবাহিত পুৰুষৰ সৈতে প্ৰাপ্তবয়স্ক মহিলাই কৰিব পাৰিব সংসাৰ

Published: 

24 Aug 2025 | 12:20 PM

যদি এগৰাকী প্ৰাপ্তবয়স্ক মহিলা বিবাহিত পুৰুষৰ লগত থাকে তেন্তে কোনো আইনে তেওঁক বাধা দিব নোৱাৰে। মহিলাগৰাকীৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। এটা গোচৰত এই ৰায় প্ৰদান কৰিছে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে ।  গোচৰটোৰ মতে,  এগৰাকী যুৱতী এজন বিবাহিত পুৰুষৰ সৈতে পলাই যায়। ইয়াৰ পিছতে যুৱতীগৰাকীক জিম্মাত লোৱাৰ দাবীত আদালতত গোচৰ ৰুজু কৰে তেওঁৰ পৰিয়ালে। অৱশ্যে যুৱতীগৰাকীয়ে আদালতৰ আগত কয় যে তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক আৰু কাৰ লগত থাকিব সেই সন্দৰ্ভত নিজে সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে।

এই গোচৰৰ শুনানি গ্ৰহণ কৰে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ প্ৰদীপ মিত্তলৰ সংমণ্ডল বিচাৰপীঠে। ৰাজ্য পৰিষদে জনোৱা মতে, যুৱতীগৰাকীৰ সৈতে পলায়ন কৰা বিবাহিত ব্যক্তিজনে প্ৰথম পত্নীক এৰি বিবাহ বিচ্ছেদৰ বাবে সাজু হৈছে।

১৮ আগষ্টত এই গোচৰৰ শুনানিৰ সময়ত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে কয় যে, “ছোৱালীজনী এগৰাকী প্ৰাপ্তবয়স্ক। তেওঁ কাৰ লগত থাকিব বিচাৰে, সেয়া সঠিক নে ভুল সেইটো সিদ্ধান্ত লোৱাৰ অধিকাৰ তেওঁৰ আছে। ছোৱালীজনীয়ে বিবাহিত পুৰুষৰ লগত থাকিবলৈ সিদ্ধান্ত লোৱাৰ বিৰুদ্ধে কোনো আইন নাই।” আৰক্ষীক ছোৱালীজনীক মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়া হয়।

আদালতে কয়, যে যদি ছোৱালীজনীয়ে বিবাহিত পুৰুষৰ লগত বিয়া হয়,  তেন্তে প্ৰথম পত্নীয়ে বহুবিবাহৰ গোচৰ ৰুজু কৰিব পাৰে। যিহেতু ছোৱালীজনীয়ে পিতৃ-মাতৃক এৰি সেই মানুহজনৰ লগত থাকিব বিচাৰিছে, গতিকে এই বিষয়ত আদালতে হস্তক্ষেপ কৰিব নোৱাৰে। ছোৱালীজনীয়ে নিজৰ ইচ্ছামতে যাক বিচাৰে তাৰ লগতে থাকিব পাৰে।

লগতে পঢ়ক: নিজ পত্নীক আন যুৱকৰ সৈতে বিয়া পাতি দিছিল স্বামীয়ে, কিন্তু ৭ দিন পিছত…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...