জনতাৰ সুৰক্ষাৰ বাবে নহয়; বিজেপিৰ সুৰক্ষাৰ বাবেহে পদত্যাগ এন বীৰেণ সিঙৰ- গৌৰৱ গগৈৰ দাবী

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ পাছতে কংগ্ৰেছে তীব্ৰ সমালোচনা কৰিছে নেতাগৰাকীক । বিজেপি চৰকাৰক ৰক্ষা কৰাৰ উদ্দেশ্যেই এই পদত্যাগ বুলি কটাক্ষ সাংসদ গৌৰৱ গগৈৰ । ৰাহুল গান্ধীৰো তীব্ৰ সমালোচনা ।

জনতাৰ সুৰক্ষাৰ বাবে নহয়; বিজেপিৰ সুৰক্ষাৰ বাবেহে পদত্যাগ এন বীৰেণ সিঙৰ- গৌৰৱ গগৈৰ দাবী

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ

Published: 

10 Feb 2025 | 01:24 PM

অৱশেষত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে । এই পদত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ কংগ্ৰেছী সাংসদ তথা লোকসভাত বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈয়ে । এন বীৰেণ সিঙৰ পদত্যাগক ৰাজ্যখনৰ বিজেপি চৰকাৰৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা এক পদক্ষেপ বুলি কটাক্ষ সাংসদগৰাকীৰ ।

সামাজিক মাধ্যম এক্সত এটা পোষ্টযোগে গগৈয়ে কয়, “এন বীৰেণ সিঙৰ পদত্যাগৰ লক্ষ্য মণিপুৰৰ জনতাৰ সুৰক্ষাৰ বাবে নহয়, বিজেপি চৰকাৰৰ সুৰক্ষাৰ বাবেহে । গৃহমন্ত্ৰী অমিত শ্বাহে অনাস্থা প্ৰস্তাৱত বিজেপি পৰাস্ত হ’ব বুলি জানিয়েই এই পদক্ষেপ গ্ৰহণ কৰিছে । মণিপুৰত শান্তি পুনৰ প্ৰতিষ্ঠাৰ বাবে বিজেপিৰ কিবা পৰিকল্পনা আছে বুলি মই নাভাবো । জনসাধাৰণৰ স্বাৰ্থতকৈ নিজৰ স্বাৰ্থ পূৰণ কৰাৰ অভিপ্ৰায় দলটোৰ ডিএনএত আছে ।”

ইয়াৰ পূৰ্বে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দেওবাৰে কয় যে এন বীৰেণ সিঙে জনতা, সৰ্বোচ্চ ন্যায়ালয় আৰু কংগ্ৰেছৰ পৰা চাপ পোৱাৰ মাজতেই পদত্যাগ কৰিছে ।

ৰাহুল গান্ধীয়ে লগতে বীৰেণ সিঙৰ বিৰুদ্ধে মণিপুৰত বিভাজন “বৃদ্ধি” কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক “তেওঁক বৰ্তী থাকিবলৈ দিয়াৰ বাবে” দোষাৰোপ কৰে ।

“প্ৰায় দুবছৰ ধৰি বিজেপিৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে মণিপুৰত বিভাজনক সাৰ-পানী যোগাইছিল । হত্যা-হিংসাৰ লগতে মণিপুৰত ভাৰতৰ ধাৰণাক ধ্বংস কৰাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতো প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক কাৰ্যকাল চলাই নিয়াৰ অনুমতি দিছিল ।” ৰাহুল গান্ধীয়ে এক্সযোগে এক পোষ্টত কয় ।

“এন বীৰেণ সিঙৰ পদত্যাগে ইয়াকে দেখুৱাইছে যে ক্ৰমাৎ বৃদ্ধি পোৱা জনতাৰ চাপ, উচ্চতম ন্যায়ালয়ৰ তদন্ত আৰু কংগ্ৰেছে অনা অনাস্থা প্ৰস্তাৱৰ বাবে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছে ।” ৰাহুল গান্ধীয়ে লগতে কয় ।

দেওবাৰে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ।

২০২৩ চনৰ ৩ মে’ৰ পৰা বৰ্তমানলৈকে অশান্ত হৈ আছে মণিপুৰ ৰাজ্য । জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ সময়ত সৃষ্টি হোৱা সংঘাতে পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ লয় ৰাজ্যখনত । সেই সংঘাতৰ জুই এতিয়াও উমি উমি জ্বলি আছে ।

পদত্যাগ পত্ৰ দাখিলৰ সময়ত এন বীৰেণ সিঙক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি এ শাৰদা, উত্ত-পূব বিজেপিৰ মণিপুৰৰ প্ৰভাৰী সম্বিত পাত্ৰ আৰু ১৯ গৰাকী বিধায়কে । “মণিপুৰৰ জনতাৰ বাবে সেৱা কৰিবলৈ পোৱাটো এক সৌভাগ্যৰ কথা ।” পদত্যাগ পত্ৰ দাখিল কৰি সিঙে কয় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...