২৬ বছৰ পূৰ্বে ভাৰতে কৰি দিছিল মুকলি, পহলগাম কাণ্ডত নাম সাঙোৰ খোৱা সন্ত্ৰাসবাদী মুস্তাক আহমেদ কোন? জানক সকলো…
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে তদন্ত কৰি আছে নিয়াই। শেহতীয়াকৈ এই ঘটনাত আল উমৰ মুজাহিদীনৰ মুৰব্বী মুস্তাক আহমেদ জাৰগাৰৰ নাম পোহৰলৈ আহিছে। এই সন্ত্ৰাসবাদীজনক ২৬ বছৰ পূৰ্বে ভাৰতে মুকলি কৰি দিছিল।

মুস্তাক আহমেদ
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIA ই। নিয়াৰ এক সূত্ৰ অনুসৰি জানিব পৰা মতে এই ঘটনাত আল উমৰ মুজাহিদীনৰ মুৰব্বী মুস্তাক আহমেদ জাৰগাৰৰ ভূমিকা সম্পৰ্কে তদন্ত চলি আছে। নিয়াই বিভিন্ন সময়ত সোধা-পোছা কৰাৰ সময়ত মুস্তাক আহমেদৰ নাম পোহৰলৈ আহিছিল। অভিযোগ অনুসৰি পহলগাম আক্ৰমণৰ অভাৰ গ্ৰাউণ্ড কৰ্মীসকলক সহায় কৰিছিল মুস্তাক আহমেদ জাৰগাৰৰ সমৰ্থকসকলে। মুস্তাক আহমেদৰ নিৰ্দেশতে অভাৰ গ্ৰাউণ্ড কৰ্মীয়ে সন্ত্ৰাসবাদীক আক্ৰমণত সহায় কৰিছিল।
মুস্তাক আহমেদ কোন?
কান্দাহাৰ হাইজেক গোচৰত মৌলানা মাছুদ আজহাৰৰ সৈতে মুস্তাক আহমেদ জাৰগাৰক মুকলি কৰি দিয়া হৈছিল। এতিয়া মুস্তাকে পাকিস্তানত বহিয়ে নিজৰ নেটৱৰ্ক চলাই আছে। পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকালাপ চলাই থকা মুস্তাকৰ শ্ৰীনগৰ আৰু দক্ষিণ কাশ্মীৰ অঞ্চলত দখল আছে।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে নিয়াই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। এতিয়ালৈকে ১০০ তকৈ অধিক অভাৰ গ্ৰাউণ্ড কৰ্মীৰ স্থানত অভিযান চলাইছে। লগতে ৯০ জনতকৈ অধিক অভাৰ গ্ৰাউণ্ড কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। নিয়া আৰু স্থানীয় চোৰাংচোৱাই পহলগামৰ ওচৰে পাজৰে থকা সন্দেহজনক ঠাইৰ পৰা ইনপুট দি আছে। মুঠতে কাশ্মীৰ উপত্যকাৰ পৰা সন্ত্ৰাসবাদৰ নেটৱৰ্ক ভাঙিবলৈ নিয়াই সকলো চেষ্টা কৰি গৈছে।
কান্দাহাৰ হাইজেক কি?
১৯৯৯ চনৰ ২৪ ডিচেম্বৰত সন্ত্ৰাসবাদীয়ে ভাৰতীয় বিমান এখন হাইজেক কৰিছিল । নেপালৰ কাঠমাণ্ডুৰ পৰা দিল্লীলৈ যোৱা আই চি ৮১৪ বিমানখনত আছিল ১৭৬ জন যাত্ৰী আৰু ১৫ জন ক্ৰুৰ মেম্বাৰ। এই বিমানখন হাইজেক কৰিছিল পাকিস্তানস্থিত হৰকত-উল-মুজাহিদীন নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে। বিমানখনত আছিল ৫টা সন্ত্ৰাসবাদী। হাইজেকৰ পাছত তেওঁলোকে বিমানখন প্ৰথমে অমৃতসৰ, পাছত লাহোৰ আৰু পাছত আফগানিস্তানৰ কান্দাহাৰলৈ লৈ যায়।
এই হাইজেকৰ যাত্ৰীসকলৰ জীৱন ৰক্ষাৰ বাবে ভাৰতে ৩ সন্ত্ৰাসবাদী মাছুদ আজহাৰ, ওমৰ শ্বেখ আৰু মুস্তাক আহমেদ জাৰগাৰক মুকলি কৰি দিছিল। এতিয়া সেই সময়ত মুকলি কৰি দিয়া সন্ত্ৰাসবাদী মুস্তাক আহমেদৰ নাম পুনৰ পোহৰলৈ আহিছে। গতিকে পহলগাম কাণ্ডত মুস্তাকৰ কি কি ভূমিকা আছে সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব।
উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত পহলগামত সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। এই ঘটনাত ২৬ জন লোকে প্ৰাণ হেৰুৱাৰ উপৰি আহত হৈছিল বহুতো। এই সমগ্ৰ ঘটনা সন্দৰ্ভত নিয়াই তদন্ত চলাই আছে আৰু নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। নিয়াৰ তদন্তত পোহৰলৈ আহিছে যে এই আক্ৰমণৰ বাবে স্থানীয় যুৱকেও সহায় কৰিছিল সন্ত্ৰাসবাদীক। গতিকে যিমানেই তদন্ত আগবাঢ়িব, সিমানেই বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ প্ৰতিটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে!ভাৰতে বগলীহাৰ বান্ধৰ পৰা বন্ধ কৰিলে চেনাব নদীৰ পানী