ইউক্ৰেইন আৰু মধ্যপ্ৰাচ্যত শান্তি প্ৰতিষ্ঠাৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

ইউক্ৰেইন আৰু গাজাৰ যুদ্ধবিৰতিৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ হোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এই বাৰ্তালাপত মিলিত হয়।

ইউক্ৰেইন আৰু মধ্যপ্ৰাচ্যত শান্তি প্ৰতিষ্ঠাৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

নৰেন্দ্ৰ মোদী আৰু ইমানুৱেল মেক্ৰন

Published: 

21 Aug 2025 | 08:17 PM

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে টেলিফোনিক আলোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ফোন কলৰ বিষয়ে তথ্য দি প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত লিখিছে, “মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে অতি সুন্দৰ কথা-বতৰা পাতিলোঁ। ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ প্ৰচেষ্টা সন্দৰ্ভত মতামত বিনিময় কৰিলোঁ। ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।”

ইউক্ৰেইন আৰু গাজাৰ যুদ্ধবিৰতিৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ হোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এই বাৰ্তালাপত মিলিত হয়। ভাৰতে দীৰ্ঘদিন ধৰি জোৰ দি আহিছে যে যিকোনো সংঘাত কূটনৈতিকভাৱে সমাধান কৰিব লাগে। ইয়াৰ পূৰ্বেও ভাৰতে এই সংঘাতৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

ভাৰত-ফ্ৰান্স সম্পৰ্কৰ আলোচনা

নেতা দুজনে বাণিজ্য, প্ৰতিৰক্ষা, নাগৰিক পাৰমাণৱিক সহযোগিতা, প্ৰযুক্তি আৰু শক্তিকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ২০২৬ চনক ‘উদ্ভাৱনৰ বছৰ’ হিচাপে উপযুক্তভাৱে উদযাপন কৰাৰ বাবে দুয়োগৰাকী নেতাই যৌথ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতি মেক্ৰনে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত আগতীয়াকৈ মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ বাবেও সমৰ্থন প্ৰকাশ কৰে। নেতা দুজনে সকলো বিষয়তে যোগাযোগত থাকিবলৈও সন্মত হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...