কেইবাখনো ৰাজ্যত অসামৰিক প্ৰতিৰক্ষাৰ মক ড্ৰিল পিছুৱাই দিয়া হ’ল…
অসামৰিক লোকৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে ভাৰত-পাকিস্তান সীমান্তৱৰ্তী কেইবাখনো ৰাজ্যত মক ড্ৰিল অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছিল । ২৯ মে’ বৃহস্পতিবাৰে এই ৰাজ্য কেইখনত মক ড্ৰিল হোৱাৰ কথা আছিল । কিন্তু শেহতীয়া খবৰ অনুসৰি, প্ৰশাসনিক কাৰণত কেইবাখনো ৰাজ্যত এই পৰিকল্পনা বাতিল কৰা হৈছে।

শত্ৰু পক্ষৰ সামৰিক আক্ৰমণৰ সময়ত অসামৰিক লোকৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে ভাৰত-পাকিস্তান সীমান্তৱৰ্তী কেইবাখনো ৰাজ্যত মক ড্ৰিল অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছিল । ২৯ মে’ বৃহস্পতিবাৰে এই ৰাজ্য কেইখনত মক ড্ৰিল হোৱাৰ কথা আছিল । কিন্তু শেহতীয়া খবৰ অনুসৰি, প্ৰশাসনিক কাৰণত কেইবাখনো ৰাজ্যত এই পৰিকল্পনা বাতিল কৰা হৈছে।
কাইলৈ সীমান্তৱৰ্তী ৰাজ্য গুজৰাট, পঞ্জাৱ, ৰাজস্থান, জম্মু-কাশ্মীৰত মক ড্ৰিলৰ আয়োজন কৰা কথা আছিল । লাভ কৰা খবৰ অনুসৰি, ইতিমধ্যে গুজৰাট আৰু ৰাজস্থানত এই অনুশীলন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজস্থানৰ গৃহ বিভাগে এক বিবৃতি প্ৰকাশ কৰি কয় যে, পৰৱৰ্তী সময়ত অনুষ্ঠিত হ’বলগীয়া অনুশীলন অতি সোনকালে ঘোষণা কৰা হ’ব। ইফালে পঞ্জাৱত অহা ৩ জুনত মক ড্ৰিল অনুষ্ঠিত হ’ব বুলি খবৰ প্ৰকাশ পাইছে । এই মক ড্ৰিলৰ নাম ৰখা হৈছিল ‘অপাৰেচন চিল্ড’।
ভাৰত-পাকিস্তান সংঘাত আৰম্ভ হোৱাৰ পিছতে অনুষ্ঠিত হৈছিল মক ড্ৰিল। পাকিস্তান আৰু পাকিস্তানৰ দখলত থকা কাশ্মীৰত ভাৰতে চলাইছিল ‘অপাৰেচন সেন্দূৰ’ আৰু ইয়াৰ পিছদিনা ৮ মে’ত দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হৈছিল মক ড্ৰিল।
সাধাৰণ মানুহক যুদ্ধ বা সংকটৰ সময়ত কেনেকৈ সজাগ আৰু নিৰাপদ হ’ব লাগে তাৰ অনুশীলনৰ বাবে মক ড্ৰিল আয়োজন কৰা হৈছিল । মক ড্ৰিল হৈছে বাস্তৱ সময়ৰ জৰুৰীকালীন অৱস্থাৰ অনুকৰণ কৰা এক অনুশীলন। মানুহ আৰু সংস্থাসমূহৰ সম্ভাৱ্য দুৰ্বলতাসমূহ মক ড্ৰিলৰ জৰিয়তে মূল্যায়ন কৰা হয়। তেওঁলোকৰ দুৰ্বলতা উন্নত কৰিবলৈ বহুতো পদ্ধতি অনুসৰণ কৰা হয়, যাতে যুদ্ধসদৃশ পৰিস্থিতিত যিমান পাৰি সিমান মানুহে নিজৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে।
ইয়াৰ লগতে যুদ্ধৰ সময়ত জটিল আন্তঃগাঁথনি আৰু অসামৰিক অঞ্চলসমূহ শত্ৰুৰ লক্ষ্যৰ পৰা লুকুৱাই ৰাখিবলৈ ব্লেকআউট ৰূপায়ণৰ অনুশীলন কৰা হয় ।
লগতে পঢ়ক: পৰিস্থিতি এতিয়াও স্বাভাৱিক নহয় ! কাইলৈ পুনৰ ভাৰত-পাকিস্তান সীমান্তৱৰ্তী ৰাজ্যত হ’ব সেনাৰ মক ড্ৰিল…