১৬ বছৰীয়া কিশোৰক পলুৱাই নিলে ৪০ বছৰীয়া মহিলাই… চিন্তাত ৩ সন্তান আৰু স্বামী

পিতৃয়ে কোৱা অনুসৰি তেওঁ পুত্ৰক মহিলাগৰাকীৰ সৈতে কথা পাতিবলৈ বাধা দিছিল কিন্তু পুত্ৰই সেই কথা শুনা নাছিল। পুত্ৰই মহিলাগৰাকীৰ কথাত প্ৰভাৱিত হৈছিল।

১৬ বছৰীয়া কিশোৰক পলুৱাই নিলে ৪০ বছৰীয়া মহিলাই... চিন্তাত ৩ সন্তান আৰু স্বামী

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

11 Jun 2025 22:43 PM

বিগত কেইটামান দিনৰ পৰা প্ৰেমৰ লগত জড়িত বিভিন্ন ধৰণৰ আজৱ খবৰ পোহৰলৈ আহিছে। শেহতীয়াকৈ পুনৰ এনে এক খবৰ পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এগৰাকী ৪০ বছৰীয়া মহিলা এটি ১৬ বছৰীয়া কিশোৰৰ সৈতে পলাই যায়। কিশোৰজনৰ পৰিয়ালে অভিযোগ কৰিছে যে মহিলাগৰাকীয়ে চলনা কৰি কিশোৰজনক পলুৱাই নিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰৰ গোবিন্দ জিলাত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গুৰুত্ব প্ৰকাশ নকৰাত পৰিয়ালে আদালতৰ মজিয়াত উপস্থিত হয়। তাৰ পাছতে বুধবাৰে আদালতে এজাহাৰ দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে।

কানপুৰৰ গোবিন্দ নগৰৰ নিবাসী এগৰাকীয়ে কয় যে, তেওঁলোকৰ ঘৰত ভাড়া কৰি থকা ৪০ বছৰীয়া মহিলাগৰাকী তেওঁৰ স্বামী আৰু ৩ সন্তানৰ লগত আছিল। কিন্তু ২০২৫ চনৰ ৩১ মাৰ্চৰ দুপৰীয়া প্ৰায় ২ মান বজাত মহিলাগৰাকীয়ে কিশোৰজনত নিজৰ লগত লৈ যায়। কিশোৰজনৰ পিতৃয়ে শংকিত হৈছে যে মহিলাগৰাকীয়ে তেওঁৰ পুত্ৰক কোনো অনৈতিক কাৰ্যত জড়িত কৰাব পাৰে। তেওঁ এয়াও কয় যে, মহিলাগৰাকীয়ে নিজৰ স্বামীৰ সৈতে প্ৰায়ে কাজিয়া কৰিছিল। লোকজনে কয় যে, মহিলাগৰাকী আৰু পৰিয়ালটোত তেওঁলোকে ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল যদিও কথা শুনা নাছিল।

পিতৃয়ে কোৱা অনুসৰি তেওঁ পুত্ৰক মহিলাগৰাকীৰ সৈতে কথা পাতিবলৈ বাধা দিছিল কিন্তু পুত্ৰই সেই কথা শুনা নাছিল। পুত্ৰই মহিলাগৰাকীৰ কথাত প্ৰভাৱিত হৈছিল। আৰক্ষীৰ মতে, এয়াই প্ৰথম নহয়, কিছুমান পূৰ্বে মহিলাগৰাকী আৰু কিশোৰজন দিল্লীলৈ পলায়ন কৰিছিল। তেতিয়া কিশোৰজনে আৰক্ষীক কৈছিল যে পিতৃ-মাতৃয়ে মাৰপিট কৰে বাবে মহিলাগৰাকীৰ লগত গৈছিল। ইয়াৰ মাজতে কিশোৰজন ইটাৱালৈ ককাকৰ লগত থাকিবলৈ যায়। কিন্তু তাৰ পৰা কিশোৰজনক মহিলাগৰাকীয়ে পুনৰ পলুৱাই লৈ যায়।

আৰক্ষীয়ে দুয়োৰে লোকেশ্যন দিল্লীত লাভ কৰিছে। অৱশ্যে তেওঁলোকৰ মাজত কি সম্পৰ্ক আছে বা কিয় এনেকৈ পলাই যায় এতিয়ালৈকে জানিব পৰা হোৱা নাই।  আৰক্ষীয়ে পৰিয়ালক প্ৰতিশ্ৰুতি দিয়ে যে সোনকালে কিশোৰজনক উভতাই আনিব।

আৰক্ষীয়ে দুয়োৰে লোকেশ্যন দিল্লীত লাভ কৰিছে। অৱশ্যে তেওঁলোকৰ মাজত কি সম্পৰ্ক আছে বা কিয় এনেকৈ পলাই যায় এতিয়ালৈকে জানিব পৰা হোৱা নাই।  এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়ক:  ইফালে কু-কাণ্ডৰ কথা স্বীকাৰ, আনফালে সোণমৰ ভাতৃয়ে ক’লে- মোৰ ভনীয়ে ৰাজক ৰাখী পিন্ধাইছিল আৰু…

গাখীৰ গৰম কৰাৰ সময়ত ওফন্দি বাগৰি পৰে নেকি? এয়া শুভ নে অশুভ জানেনে!
এই কেইটা ঘৰুৱা উপায়েৰে আঁতৰ কৰক আপোনাৰ ওঁঠৰ ক'লা দাগ
WTCৰ ফাইনেলত অষ্ট্ৰেলিয়া-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ বাহুত ক’লা বেণ্ড কিয়!
কেতিয়াও চৰ্বি জমা নহয় ! আপোনাৰ যকৃতৰ স্বাস্থ্য উন্নত কৰি ৰাখিবলৈ সেৱন কৰক এই পানীয়...