দুৰ্যোগত বিধ্বস্ত জম্মুঃ ডাৱৰ বিস্ফোৰণৰ ফলত ১০ জনৰ মৃত্যু, অব্যাহত উদ্ধাৰ অভিযান

বিষয়াসকলে উল্লেখ কৰা মতে এই ভয়ংকৰ ডাৱৰ বিস্ফোৰণত প্ৰায় ১০ জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। তেওঁলোকে লগতে এই ঘটনাৰ পিছত মন্দিৰৰ বাৰ্ষিক তীৰ্থযাত্ৰা স্থগিত ৰখা হৈছে বুলি জানিবলৈ দিয়ে।

দুৰ্যোগত বিধ্বস্ত জম্মুঃ ডাৱৰ বিস্ফোৰণৰ ফলত ১০ জনৰ মৃত্যু, অব্যাহত উদ্ধাৰ অভিযান

জম্মুত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

Updated On: 

14 Aug 2025 16:41 PM

প্ৰাকৃতিক দুৰ্যোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে উত্তৰ ভাৰতত। অঞ্চলটোৰ ভিন্ন স্থানত ধাৰাবাহিকভাৱে ডাৱৰ বিস্ফোৰণে প্ৰলয়ংকাৰী ৰূপ লৈছে এইবাৰ প্ৰকৃতিৰ এই তাণ্ডৱৰ সন্মুখীন হৈছে জম্মু জম্মু সংমণ্ডলৰ কিষ্টৱাৰত সংঘটিত ভয়ানক ডাৱৰ বিস্ফোৰণৰ ফলত ১০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ দুৰ্যোগৰ পিছত ঘটনাস্থলীত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। ডাৱৰ বিস্ফোৰণৰ পিছত অঞ্চলটোৰ নদী তথা নলাসমূহৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পায়, ইয়াৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এক পোষ্ট শ্বেয়াৰ কৰিছে। এক্সত তেওঁ উল্লেখ কৰা মতে পাদৰৰ চশৌটি অঞ্চলত আজি ডাৱৰ বিস্ফোৰণ ঘটিছে। কিস্তৱাৰৰ প্ৰশাসনৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা বুলি তেওঁ সদৰী কৰিছে ইফালে ঘটনাৰ পিছতে প্ৰশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে

 

বিষয়াসকলে উল্লেখ কৰা মতে এই ভয়ংকৰ ডাৱৰ বিস্ফোৰণত প্ৰায় ১০ জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। তেওঁলোকে লগতে এই ঘটনাৰ পিছত মন্দিৰৰ বাৰ্ষিক তীৰ্থযাত্ৰা স্থগিত ৰখা হৈছে বুলি জানিবলৈ দিয়ে আৰু উদ্ধাৰ তথা সাহায্য অভিযান তীব্ৰতৰ কৰি তোলা হৈছে বুলি প্ৰকাশ কৰে।

ডাৱৰ বিস্ফোৰণ হোৱা স্থানত এক পাৰ্কিং ল’টত আছিল। এনে পৰিস্থিতিত ডাৱৰ বিস্ফোৰণৰ সময়ত সেইস্থানত যথেষ্ট ভিৰ আছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ বহু গাঁৱত বানপানীৰ সম্ভাৱনাই দেখা দিছে আৰু সেয়ে প্ৰশাসনে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈ আছে।

 

প্ৰশাসনিক দলসমূহে গাঁৱে গাঁৱে গৈ ৰাইজক নদীৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে। লক্ষণীয়ভাৱে চাৰিদিন পূৰ্বেও পাদৰত ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছিল। প্ৰবল প্ৰবাহৰ বাবে চেনাব নদীৰ জলপৃষ্ঠও বৃদ্ধি পাইছে। এই ঘটনাত শোক প্ৰকাশ কৰিছে উপ-ৰাজ্যপাল মনোজ সিনহাই।

তেওঁ ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, কিষ্টৱাৰৰ চশৌটিত সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ঘটনাত মই অত্যন্ত দুখী। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।তেওঁ লগতে অসামৰিক বাহিনী, আৰক্ষী, সেনা, এন ডি আৰ এফ, এছ ডি আৰ এফক উদ্ধাৰ অভিযান অধিক ক্ষিপ্ৰ কৰাৰ লগতে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

দেশৰ স্বাধীনতাৰ সৈতে জড়িত অসমৰ ইতিহাসৰ এইসমূহ তথ্য জানেনে আপুনি?
ৰঙা নহয়! পূৰ্বতে কি আছিল লালকিল্লাৰ ৰং? কোনে কৰিছিল সলনি, জানক...
স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ মাজত কি কি পাৰ্থক্য আছে? জানক...
১৯৪৭চনত কিমান হিন্দু ভাৰতলৈ আহিছিল আৰু কিমান মুছলমান পাকিস্তানলৈ গৈছিল...