প্ৰকৃতিৰ ৰোষত উত্তৰ-পূব ভাৰত! বান আৰু ভূমিস্খলনত বহু লোকে হেৰুৱালে প্ৰাণ , উদ্ধাৰ অভিযান অব্যাহত

উত্তৰ-পূব ভাৰতত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মণিপুৰ, ছিকিম, অসমত বান আৰু ভূমিস্খলনে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বান আৰু বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ লোক। শ শ ঘৰৰ ক্ষতিসাধন হোৱাৰ লগতে বহু লোকে প্ৰাণ হেৰুৱাইছে। উদ্ধাৰ অভিযানত নিয়োজিত হৈছে সেনা আৰু উদ্ধাৰকাৰী দল।

প্ৰকৃতিৰ ৰোষত উত্তৰ-পূব ভাৰত! বান আৰু ভূমিস্খলনত বহু লোকে হেৰুৱালে প্ৰাণ , উদ্ধাৰ অভিযান অব্যাহত

উত্তৰ-পূব ভাৰতত বান

Updated On: 

02 Jun 2025 10:13 AM

আকৌ প্ৰকৃতিৰ ৰোষৰ সন্মুখীন হৈছে এবাৰ উত্তৰ-পূব ভাৰত। মণিপুৰ আৰু ছিকিমত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানৰ লগতে সংঘটিত হৈছে ভূমিস্খলন। ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সম্পূৰ্ণৰূপে বিঘ্নিত হৈছে জনজীৱন। একে সময়তে কৰ্ণাটক, কেৰালা আৰু তামিলনাডুতো অসুবিধাৰ সন্মুখীন হৈছে লোক। অহা তিনি-চাৰি দিনলৈ প্ৰচণ্ডৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে আই এম ডিয়ে। যাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হ’ব পাৰে। ৰাইজক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰদান কৰিছে চৰকাৰ আৰু প্ৰশাসনে। একে সময়তে বানাক্ৰান্তক নিৰাপদ স্থানলৈ নিয়াৰ কামত অহৰহ নিয়োজিত হৈ আছে সেনা আৰু অসম ৰাইফলছৰ দল।

বিগত ৪৮ ঘণ্টা ধৰি মণিপুৰত অবিৰতভাৱে চলি থকা ধাৰাসাৰ বৰষুণৰ ফলত বিপদ সীমাৰ ওপৰেৰে বৈছে নদীসমূহৰ জলপৃষ্ঠ । এই পৰ্যন্ত ৰাজ্যৰ ৩৮০০ৰো অধিক লোক বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ৰাজধানী ইম্ফল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত সৃষ্টি হৈছে বান সদৃশ পৰিস্থিতিৰ। ইম্ফল পূৱ জিলাত মথাউৰি ভাঙি যোৱাৰ ফলত আৱাসিক এলেকাত পানী সোমাইছে। এই পৰ্যন্ত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৮৮৩টা ঘৰ। সাহায্য অভিযানত নিয়োজিত হৈ আছে সেনা আৰু অসম ৰাইফলছৰ দল। প্ৰায় ৮০০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাই নিজেই ইম্ফলৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি প্ৰশাসনিক বিষয়াসকলৰ সৈতে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত এক বৈঠকত মিলিত হয়।

ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি এই পৰ্যন্ত মুঠ ৩২৭৫ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে, ১২ টা স্থানত ভূমিস্খলন হৈছে আৰু ৬৪ টা গৰু-ম’হৰ প্ৰাণ হেৰুৱাইছে। চেকন অঞ্চলৰ ইম্ফল নদীৰ জলপৃষ্ঠ বিপদজনকভাৱে বৃদ্ধি পাইছে, যাৰ বাবে অল ইণ্ডিয়া ৰেডিঅ’ কেম্পাছ আৰু জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ দৰে ডাঙৰ ডাঙৰ চৰকাৰী প্ৰতিষ্ঠানসমূহো পানীৰ কবলত পৰিছে।

ত্ৰিপুৰাতো ধাৰাসাৰ বৰষুণ

ত্ৰিপুৰাত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পানী জমা হোৱাৰ ফলত নলাত পৰি এজন ব্যক্তিৰ মৃত্যু হয়। বিষয়াসকলৰ মতে, ৰাজ্যৰ ৰাজধানী আগৰতলাত মাত্ৰ তিনি ঘণ্টাৰ ভিতৰতে হোৱা ২০০ মিলিমিটাৰ বৰষুণে অভিলেখ সৃষ্টি কৰিছে । অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাত বৰষুণ আৰু ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰ ৭ জন লোকৰ মৃত্যু। একে সময়তে শূন্য-কমলে পথত ভূমিস্খলনত ২ জন শ্ৰমিকৰ মৃত্যু হয়।

অসমৰ ১৯খন জিলাত বান

অসমৰ বান কবলত পৰিছে ১৯ খনকৈ জিলা।  লখিমপুৰ, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, কামৰূপ, ধেমাজি, নগাঁও, শ্ৰীভূমি, দৰং, কাৰ্বি আংলং, শোণিতপুৰ, ডিমাহাচাও, বিশ্বনাথ, কাছাৰ, শিৱসাগৰ, মাজুলী, গোলাঘাট, তিনিচুকীয়া, কাৰ্বি আংলং পশ্চিম জিলাত বান।  এই জিলাসমূহত বৰষুণ, বান আৰু ভূমিস্খলনৰ ফলত ২৬ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। গোলাঘাট জিলাত এটি শিশুসহ ৩ জন লোকৰ মৃত্যু। ১ জুনত শ্ৰীভূমি আৰু কাছাৰ জিলাত ১ জনকৈ লোকৰ মৃত্যু। একে সময়তে বৰষুণ আৰু বানপানীৰ ফলত কৃষি আৰু উদ্যান শস্য দুয়োটা খণ্ডকে সামৰি লোৱা প্ৰায় ৩৫,২৪.৩৮ হেক্টৰ কৃষিভূমি নষ্ট হৈছে।

বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২ আৰু ৩ জুনত বন্ধ ৰখা হৈছে শ্ৰীভূমি জিলাৰ সকলো শিক্ষানুষ্ঠান।  ইফালে মহানগৰীত ভূমিস্খলনত নিহত লোকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ৰাজ্য চৰকাৰৰ।

মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ অমিত শ্বাহৰ

ইয়াৰ মাজতে অসমৰ পৰিস্থিতিৰ বুজ ল’বলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। ইয়াৰ লগতে প্ৰয়োজনীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিছে গৃহমন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ফোন কৰাৰ কথা সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । ইয়াৰ লগতে মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতেও ফোন যোগে কথা পাতি ধাৰাসাৰ বৰষুণৰ ফলত হোৱা উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয় গৃহমন্ত্ৰীগৰাকীয়ে । ইয়াৰ লগতে গৃহমন্ত্ৰীগৰাকীয়ে সংকটৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে। ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপত অমিত শ্বাহে কয় যে, উত্তৰ-পূবৰ জনসাধাৰণৰ সমৰ্থনত মোদী চৰকাৰ শিলৰ দৰে থিয় দিছে।

ভুলতো নিশা এইসকল লোকে দাইল খাব নালাগে, জানক সকলো...
শালমনৰ দাগৰ বাবে ভুগিছে নেকি হতাশাত, এনে ঘৰুৱা উপায়েৰে এসপ্তাহত হ’ব হতাশা মুক্ত…
শৰীৰত ভিটামন B12 ৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
পুৱা শুই উঠাৰ পাছত চকুৰ পৰা পানী ওলাই নেকি? ই কি ৰোগৰ লক্ষণ জানক...