TV9 ASSAM
সাধাৰণতে আমাৰ অধিকাংশ লোকৰে প্ৰিয় চিংৰা। এই সুস্বাদু খাদ্যই আমাৰ জিভালৈ যিকোনো ক্ষণতে আনি দিয়ে লোভৰ পানী।
বিশেষকৈ চাহপ্ৰেমীসকলৰ বাবে চিংৰা স্বাদৰ ভাণ্ডাৰ। একাপ গৰম চাহৰ সৈতে এটা গৰম চিংৰা মানেই অতুলনীয় মানসিক প্ৰশান্তি।
পিছে সোৱাদ যিমানেই ভাল নহওক কিয়, প্ৰতিদিনে চিংৰা খোৱাটো কাৰো বাবে ভাল নহয়। অধিক পৰিমাণে চিংৰা খোৱাৰ ফলত নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে।
চিংৰা সাধাৰণতে সকলো লোকৰে প্ৰিয়। কিন্তু কিছুমান লোকৰ বাবে চিংৰা বিপদৰ কাৰণ হৈ উঠিব পাৰে। জানো আহক এই বিষয়ে।
চিংৰাৰ প্ৰধান উপাদান হ’ল আলু আৰু ময়দা। কিন্তু আলু-ময়দাই গ্লুক’জৰ মাত্ৰা বৃদ্ধি কৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে চিংৰা খোৱাত সাৱধান হওক।
যিসকল লোকৰ কলেষ্টেৰলৰ সমস্যা আছে, তেওঁলোকে পৰাপক্ষত চিংৰা খাব নালাগে। কাৰণ চিংৰাৰ দৰে অধিক তেলত ভজা খাদ্যই কলেষ্টেৰল বৃদ্ধি কৰে।
যিসকল লোকে ওজন কমাবলৈ চেষ্টা কৰিছে তেওঁলোকে চিংৰাৰ দৰে অধিক তেলত ভজা খাদ্য খোৱাৰ পৰা পৰাপক্ষত আঁতৰি থকাই উচিত।
যিসকল লোকৰ পাচনতন্ত্ৰৰ সমস্যা আছে, তেওঁলোকে প্ৰতিদিনে চিংৰা খাব নালাগে। অন্যথা গেছ, বদহজম, এচিডিটি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
হালধি মিহলি গাখীৰৰো আছে অপকাৰিতা!