ব্ৰেকফাষ্ট নকৰাকৈ থকাৰ অভ্যাসৰ বাবে হ’ব পাৰে এনে ৫টা ৰোগ

27 July 2025

TV9 ASSAM

পুৱা বিচনাৰ পৰা উঠাৰ পিছত ভালদৰে ব্ৰেকফাষ্ট কৰাৰ অভ্যাস বহুলোকৰে আছে। কিন্তু একাংশ লোকে পুৱা ভালদৰে ব্ৰেকফাষ্ট নকৰাকৈ থকা দেখা যায়।

ব্ৰেকফাষ্ট

দিনটোৰ প্ৰথম আহাৰ গধুৰ হোৱাটো প্ৰয়োজন। সেইবাবেই ব্ৰেকফাষ্ট অতি গুৰুত্বপূৰ্ণ। যিসকলৰ ব্ৰেকফাষ্টৰ অভ্যাস নাই, তেওঁলোকে পিছত বিভিন্ন সমস্যাৰ সন্মুখীন হয়।

গুৰুত্বপূৰ্ণ

সম্প্ৰতি ব্যস্ত জীৱনশৈলীৰ বাবে বহু লোকে খৰধৰকৈ সাধাৰণ কোনো খাদ্য খাই পুৱা ঘৰৰ পৰা ওলাই যায়। কিন্তু দেহৰ বাবে এয়া অপকাৰী বিবেচিত হয়।

অপকাৰী

পুৱা ব্ৰেকফাষ্ট নকৰিলে ওজন বৃদ্ধি পাব পাৰে। যদি আপুনি ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে বা ওজন কমাব বিচাৰে তেতিয়া ভুলতো ব্ৰেকফাষ্ট নকৰাকৈ নাথাকিব।

ওজন

নিয়মিত ব্ৰেকফাষ্ট এৰাই চলিলে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ ব্ৰেকফাষ্ট গুৰুত্বপূৰ্ণ। অন্যথা টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।

ডায়েবেটিছ

ব্ৰেকফাষ্ট নকৰিলে মেটাবলিক চিনড্ৰম, পাচনতন্ত্ৰৰ সমস্যা, পেট ফুলা, বদহজম, এচিডিটি আদি সমস্যাৰ সৃষ্টি হয়। ইয়াৰ লগতে বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় আৰু ওজন বৃদ্ধি পায়।

অন্যান্য সমস্যা

ব্ৰেকফাষ্টত এনে খাদ্য থাকিব লাগে যিয়ে শৰীৰক পুষ্টিকৰ উপাদান প্ৰদান কৰে। ব্ৰেকফাষ্ট নকৰিলে শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হয়। বিভিন্ন ৰোগে দেহত থিতাপি লয়।

পুষ্টি

ব্ৰেকফাষ্ট এৰি দিলে ভৱিষ্যতে ডিমেনচিয়া হ’ব পাৰে। উপযুক্ত খাদ্য নাখালে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হ’লে স্মৃতিশক্তি হেৰুৱাব পাৰে।

ডিমেনচিয়া

পঢ়িবলৈ ক্লিক কৰক 

এইসকল লোকে খাব নালাগে চিংৰা