প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ AI ভিডিঅ’ নিৰ্মাণৰ অভিযোগ, আৰক্ষীৰ জালত পৰিল প্ৰমোদ
AIৰ দ্বাৰা নিৰ্মিত ভুৱা ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ থকা দেখা যায়। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ AIৰ দ্বাৰা নিৰ্মিত ভুৱা ভিডিঅ’ তথা অডিঅ’ ক্লিপ প্ৰস্তুত আৰু প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ব্যক্তি।

প্ৰতিনিধিত্বমূলক ছবি
শেহতীয়া সময়ছোৱাত কৃত্ৰিম বুদ্ধিমত্তা, অৰ্থাৎ AIৰ দ্বাৰা নিৰ্মিত ভুৱা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ থকা দেখা যায়। এনে ভিডিঅ’ক কেন্দ্ৰ কৰি আইনী গোচৰৰো সন্মুখীন হ’বলগা হয় ভিডিঅ’ নিৰ্মাতা তথা শ্বেয়াৰ কৰাসকল। শেহতীয়াকৈ অসমৰ ৰাজনীতিতো এনে AI ভিডিঅ’ক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্ক হোৱা পৰিলক্ষিত হৈছিল। এইবাৰ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ AIৰ দ্বাৰা নিৰ্মিত ভুৱা ভিডিঅ’ তথা অডিঅ’ ক্লিপ প্ৰস্তুত আৰু প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ব্যক্তি।
বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ পৰা আৰক্ষীয়ে এই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত অভিযুক্তজনৰ নাম প্ৰমোদ কুমাৰ ৰাজ আৰু তেওঁ বোচাহান থানা এলেকাৰ ভগৱানপুৰৰ বাসিন্দা। সম্প্ৰতি আৰক্ষীয়ে ধৃত ব্যক্তিজনক জেৰা চলাই আছে।
কি আছিল ঘটনা?
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত প্ৰমোদ কুমাৰ ৰাজে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ নাম, ছবি আৰু কণ্ঠস্বৰ অপব্যৱহাৰ কৰি কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ জৰিয়তে কিছুমান আপত্তিজনক তথা ভুৱা সমল প্ৰস্তুত কৰিছিল আৰু সেইবোৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।
আৰক্ষীৰ বিবৃতিত উল্লেখ কৰা হৈছে যে এনে ভুৱা সমল প্ৰস্তুত কৰাৰ আঁৰত কেইবাটাও ভয়ংকৰ উদ্দেশ্য আছিল। এনে ভিডিঅ’ তথা অডিঅ’ৰ জৰিয়তে সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰাৰ লগতে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদবীৰ মৰ্যাদা, প্ৰতিষ্ঠা আৰু বিশ্বাসযোগ্যতা ম্লান কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰমোদৰ বিৰুদ্ধে।
আৰক্ষীয়ে গ্ৰহণ কৰিছে ব্যৱস্থা
বিষয়টো পোহৰলৈ অহাৰ লগে লগে জিলা আৰক্ষীয়ে এটা বিশেষ দল গঠন কৰি অভিযান চলাই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা এনে কাৰ্যত ব্যৱহাৰ কৰা মোবাইল ফোনটোও জব্দ কৰা হৈছে। এনে কাৰ্যই দেশ বিৰোধী ভাৱনা আৰু উৰাবাতৰি বিয়পোৱাত ইন্ধন যোগাব পাৰে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।
বৰ্তমান এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি অভিযুক্ত প্ৰমোদ কুমাৰ ৰাজৰ কোনো অপৰাধমূলক ইতিহাস আছে নেকি সেই বিষয়েও তদন্ত চলাই আছে আৰক্ষীয়ে। এই ঘটনাই সম্প্ৰতি সমগ্ৰ দেশতে ব্যাপক চৰ্চা লাভ কৰিছে।