শাহুৱেকক লৈ পলাল ইৰফান, কান্দি কান্দি ৩ সন্তানৰ মাতৃয়ে ক’লে- মোৰ স্বামীয়ে…
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে বিভিন্ন ধৰণৰ আজৱ খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ পুনৰ এক ঘটনা পোহৰলৈ আহিছে য'ত এজন লোকে নিজৰ মাহী শাহুয়েকক লৈ পলায়ন কৰে।

প্ৰতীকী ফটো
বিগত সময়চোৱাত প্ৰেমৰ লগত জড়িত বহু আজৱ ঘটনা পোহৰলৈ অহা দেখা গৈছে। কোৱা হয়,প্ৰেমে নামানে কোনো সীমনা। কিন্তু মাতৃ সমতুল্য এগৰাকী মহিলাৰ সৈতে হোৱা প্ৰেম জানো সহজ? এনে এক ঘটনাই পোহৰলৈ আহিছে য’ত এজন যুৱকে শাহুৱেকক লৈ পলাই যায়। জানিব পৰা মতে, এই লোকজনৰ যোৱা ৪ বছৰ ধৰি বিধৱা মহিলাগৰাকীৰ সৈতে সম্পৰ্ক আছিল। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত এই যুৱকজনে শাহুৱেকৰ ভনীয়েক (মাহী শাহুৱেক)ক পলাই লৈ যায়। তাৰ পাছতে এতিয়া লোকজনৰ পত্নীয়ে সহায়ৰ বাবে আৰক্ষীৰ কাষ চাপিছে।
এই ঘটনা উত্তৰ প্ৰদেশৰ আলিগড়ৰ পৰা পোহৰলৈ আহিছে। জানিব পৰা মতে, নবাবগঞ্জ এলেকাত বাস কৰা বিবাহিতা মহিলাৰ স্বামী আৰু বিধৱা মাহীয়েক (পত্নীৰ মাহীয়েক, তেওঁৰ মাহী শাহুৱেক) পলাই যায়। তাৰ পাছতে দুয়োৰে বিৰুদ্ধে বিবাহিতা মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰে। ভুক্তভোগীৰ মতে, তেওঁৰ স্বামী বিধৱা মাহীয়েকৰ সৈতে পলাই যায়। মহিলাগৰাকীয়ে আৰক্ষীক কয় যে, “ছাৰ, মোৰ মাতৃগৃহ ধনেপুৰত। মুছলমান ৰীতি-নীতি অনুসৰি ২০১৭ চনৰ ১ নৱেম্বৰত বাহৰেইচৰ নবাবগঞ্জ থানা এলেকাৰ বাসিন্দা ইৰফানৰ সৈতে মোৰ বিবাহ হৈছিল”।
ভুক্তভোগীৰ মতে, বিয়াৰ পাছতে তেওঁলোকৰ এটা পুত্ৰ সন্তান আৰু দুটি কন্যা সন্তান হৈছিল। প্ৰথমে সকলো ঠিকে চলি আছিল। কিন্তু কিছুদিন পূৰ্বে ইৰফানে মাহীয়েকক লৈ পলাই যায়। মহিলাগৰাকীৰ মতে, বিবাহৰ পাছতে মহিলাগৰাকী কৰ্মসূত্ৰে স্বামীৰ সৈতে লক্ষ্ণৌত আছিল। তাতেই তেওঁলোকে সৰু কোঠা এটা ভাড়াত লৈ আছিল। ইৰফানে অটো চলোৱাৰ কাম কৰিছিল।
মহিলাগৰাকীয়ে কয় যে, তেওঁৰ নিজৰ মাহীয়েক গণ্ডাৰ খাৰগুপুৰ থানা এলেকাৰ বাসিন্দা। ২০১৮ চনত তেওঁৰ স্বামীৰ অকাল মৃত্যু হয়। তাৰ পাছতে মাহীয়েকে তেওঁলোকৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰে। মহিলাগৰাকীয়ে কয় যে, “প্ৰথমতে মই ভাবিছিলো যে হয়তো গিৰিয়েকৰ মৃত্যুৰ বাবে তেওঁ দুখ পাইছে। অকলশৰীয়া হৈ পৰিছে। গতিকে মাজে মাজে মনটো ভাল লগাবলৈ তেওঁলোকৰ ঘৰলৈ আহে। কিন্তু ইয়াৰ মাজতে ইৰফানৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে”।
অভিযোগ অনুসৰি, দুয়ো প্ৰায় ৪ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। প্ৰায় ৬ মাহ পূৰ্বে মহিলাগৰাকীয়ে স্বামী আৰু মাহীয়েকৰ কথা জানিব পাৰি ইয়াৰ বিৰোধ কৰিছিল। কিন্তু কিছুদিন পূৰ্বে স্বামীয়েকে মাহী শাহুকেকক লৈ পলায়ন কৰে। দুয়ো নিৰুদ্দেশ হোৱাৰ পাছতে এজাহাৰ দাখিল কৰা হৈছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পাছতে এতিয়া মহিলাগৰাকী আৰক্ষী অধীক্ষকৰ ওচৰত সহায়ৰ আহ্বান জনাইছে।
অন্য খবৰ পঢ়কঃ পাহাৰ বগাই ভাগৰি পৰিছিল চুপাৰি কিলাৰ! তেতিয়া সোণমে কৈছিল-২০ লাখ দিম আৰু…