অক্ষুণ্ণ থাকিব জগন্নাথ মন্দিৰৰ পবিত্ৰতাঃ চৰকাৰে ল’ব এনে গুৰুত্বপূৰ্ণ পদক্ষেপ…

পুৰীৰ জগন্নাথ মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে অত্যন্ত পবিত্ৰ স্থান হিচাপে বিবেচিত হয়। প্ৰায় প্ৰতিদিনেই অলেখ ভক্তৰ সমাগম হয় মন্দিৰ প্ৰাঙ্গণত। এতিয়া জগন্নাথ মন্দিৰৰ পবিত্ৰতা অটুট ৰখাৰ লক্ষ্যৰে ওড়িশা চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰিছে।

অক্ষুণ্ণ থাকিব জগন্নাথ মন্দিৰৰ পবিত্ৰতাঃ চৰকাৰে ল’ব এনে গুৰুত্বপূৰ্ণ পদক্ষেপ...

পুৰীৰ জগন্নাথ মন্দিৰ

Edited By: 

Raj Saikia | Updated On: 10 Jun 2025 | 03:13 PM

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে অত্যন্ত এক পবিত্ৰ স্থান পুৰীৰ জগন্নাথ মন্দিৰ। প্ৰতিদিনে এই পবিত্ৰ স্থানত ভক্তৰ অত্যন্ত ভিৰ পৰিলক্ষিত হয়। ভক্তৰ আস্থা আৰু অনুভূতিৰ প্ৰতি গুৰুত্ব দি এতিয়া ওড়িশা বিজেপি চৰকাৰে জগন্নাথ মন্দিৰৰ পবিত্ৰতা অক্ষুণ্ণ ৰখাৰ লক্ষৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰিছে। ৰাজ্য চৰকাৰে এতিয়া পুৰী মন্দিৰৰ আশে-পাশে থকা অঞ্চলত সুৰা আৰু আমিষ খাদ্য নিষিদ্ধ কৰাৰ বাবে সাজু হৈছে। অৱশ্যে এই সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

দেওবাৰে ওড়িশাৰ আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনে এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে সদৰী কৰিছে। তেওঁ উল্লেখ কৰা মতে, ওড়িশা চৰকাৰে দ্বাদশ শতিকাৰ পুৰণি জগন্নাথ মন্দিৰৰ পৰা ২ কিলোমিটাৰৰ ভিতৰত সুৰা আৰু ৩ কিলোমিটাৰৰ ভিতৰত আমিষ খাদ্য নিষিদ্ধ কৰিব। তেওঁ লগতে কয়, “পুৰী দেশৰ চাৰিটা পবিত্ৰ স্থানৰ ভিতৰত অন্যতম। সেয়েহে আমি এই চহৰখনক পবিত্ৰতাৰ নগৰ হিচাপে গঢ়ি তুলিব বিচাৰিছো।”

সেই অনুসাৰে মন্দিৰৰ পৰা ২ কিলোমিটাৰৰ ভিতৰত কোনো ধৰণৰ সুৰাৰ দোকান বা বাৰ খোলাৰ অনুমতি দিয়া নহ’ব বুলি তেওঁ জানিবলৈ দিছে। একেদৰে মন্দিৰৰ ফালে থকা গ্ৰেণ্ড ৰোডৰ সকলো আমিষভোজী দোকানো উঠাব লাগিব বুলিও তেওঁ সদৰী কৰিছে। অৱশ্যে মন্ত্ৰীগৰাকীয়ে লগতে এই পদক্ষেপৰ বিষয়ে এতিয়া প্ৰস্তাৱহে আগবঢ়োৱা হৈছে বুলি স্পষ্ট কৰি দিয়ে।

কিন্তু যদি ওড়িশা চৰকাৰে কোনো নিষেধাজ্ঞা আৰোপ কৰে, তেতিয়া পুৰীৰ ফালে মুখ কৰি থকা গ্ৰেণ্ড ৰোডত প্ৰায় ৭০খন আমিষ খাদ্যৰ দোকান নিশাৰ ভিতৰতে আঁতৰাব লাগিব বুলিও পৃথ্বীৰাজ হৰিচন্দনে উল্লেখ কৰে। তেওঁৰ এই মন্তব্যৰ বিপৰীতে অৱশ্যে ওড়িশা চৰকাৰৰ এগৰাকী প্ৰশাসনিক বিষয়াই দোকান-পোহাৰ আঁতৰোৱাৰ সন্দৰ্ভত কোনো সিদ্ধান্ত নিশাটোৰ ভিতৰতে ল’ব পৰা নহ’ব বুলি মন্তব্য কৰিছে।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “পুৰীৰ মন্দিৰৰ সমীপৰ অঞ্চলত যদি চৰকাৰে সুৰা আৰু আমিষ খাদ্যৰ দোকান আঁতৰোৱাৰ সিদ্ধান্ত লয়, তেতিয়া ইয়াৰ প্ৰভাৱ এদিনতে ল’ব পৰা নহ’ব।” বৰঞ্চ ৰাজ্য চৰকাৰে পৰ্যায়ক্ৰমে দোকানীসকলক সহায় কৰিব বুলি প্ৰশাসনিক বিষয়াগৰাকীয়ে মন্তব্য কৰে। যি কি নহওক, ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত ভক্তৰ আস্থাৰ প্ৰতি যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব বুলি চৰ্চা চলিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...