ৰাজনীতিয়ে সকলো কাঢ়িলে লালুৰ! প্ৰথমে হেৰুৱালে গাদী আৰু এতিয়া পুত্ৰ-কন্যাক…

বিহাৰ বিধানসভা নিৰ্বাচনত আৰজেডিয়ে চৰম বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু কেৱল ৰাজনীতিৰ ক্ষেত্ৰতেই নহয়, লালু প্ৰসাদ যাদৱৰ ব্যক্তিগত জীৱনতো আহে এক ডাঙৰ সমস্যা।

ৰাজনীতিয়ে সকলো কাঢ়িলে লালুৰ! প্ৰথমে হেৰুৱালে গাদী আৰু এতিয়া পুত্ৰ-কন্যাক...

লালু প্ৰসাদ যাদৱ

Published: 

16 Nov 2025 | 03:47 PM

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। বিৰোধী পক্ষই মহাজোঁট গঠন কৰিও নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ সক্ষম নহ’ল। নিৰ্বাচনৰ পাছতেই বিহাৰৰ ৰাজনীতিত বহু পৰিৱৰ্তন দেখা গৈছে। এই পৰিৱৰ্তনৰ পৰা সাৰি যোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পৰিয়াল। আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক এইবাৰ কাষৰীয়া কৰিলে কন্যাই। কেইটামান মাহ পূৰ্বে বিবাদৰ বাবে লালুৱে নিজৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱক দলৰ পৰা বাহিৰ কৰিছিল। ইমানেই নহয়, তেজ প্ৰতাপৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিছিল।

এইবাৰ নিৰ্বাচনত আৰ জে ডিয়ে ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। এই আঘাত লাভ কৰাৰ ২৪ ঘন্টা নৌহওতেই এইবাৰ লালুৰ কন্যাই দিলে আন এক আঘাত। পৰিয়াল আৰু ৰাজনীতি ত্যাগ কৰিলে লালু প্ৰসাদৰ কন্যা ৰোহিনী আচাৰ্যই। শনিবাৰে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে তেওঁ। ৰোহিনীয়ে কয় যে, “মই ৰাজনীতি ত্যাগ কৰিলো। পৰিয়ালৰ সৈতেও সকলো সম্পৰ্ক ছেদ কৰিছো। সঞ্জয় যাদৱ আৰু ৰমিজে মোক এই কাম কৰিবলৈ কৈছে। এতিয়াৰ বাবে সকলোবোৰ দায়িত্ব মই লৈছো”। কিন্তু প্ৰশ্ন হয়, এই সঞ্জয় যাদৱ আৰু ৰমিজ কোন? একাংশৰ মতে, ৰোহিনীয়ে আৰজেডিৰ ৰাজ্যসভাৰ সাংসদ তথা তেজস্বীৰ ঘনিষ্ঠ বন্ধু সঞ্জয় যাদৱৰ কথা কৈছে। আনহাতে ৰমিজ উত্তৰ প্ৰদেশত বাস কৰা তেজস্বীৰ বন্ধু।

 

কিন্তু হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ৰোহিণীয়ে? লালু প্ৰসাদৰ কন্যা পেছাত এগৰাকী ডাক্তৰ। ২০২২ চনত লালু অসুস্থ হৈ থকাৰ সময়ত ৰোহিনীয়ে তেওঁক এটা কিডনী দান কৰিছিল। ছিংগাপুৰৰ এখন চিকিৎসালয়ত বৃক্ক সংৰোপণ কৰা হৈছিল। ইয়াৰ পিছত ৰোহিনীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল লালু। ইমানেই নহয়, কন্যাক বিহাৰৰ সাৰন লোকসভা সমষ্টিৰ পৰাও টিকট প্ৰদান কৰিছিল। এই সমষ্টিৰ পৰা লালু প্ৰসাদে ৪ বাৰ জয়ী হৈছিল। কিন্তু নিৰ্বাচনত ৰোহিনীয়ে বিশেষ ভাল ফল দেখুৱাব পৰা নাছিল। তেওঁ ৰাজীৱ প্ৰতাপ ৰুডীৰ হাতত পৰাস্ত হৈছিল।

একাংশৰ মতে, সেই বৃক্ক দানক লৈ যাদৱ পৰিয়ালত বিবাদৰ সৃষ্টি হৈছে। একাংশৰ মতে, তেওঁ পিতৃক বৃক্ক দান কৰা নাছিল। কিন্তু ৰোহিনীয়ে সদায় ৰাজহুৱাভাৱে সেই লোকসকলক তেওঁলোকৰ দাবীৰ প্ৰমাণ দিবলৈ কৈ আহিছে। উল্লেখ কৰা প্ৰয়োজন যে, এয়াই প্ৰথম নহয়। পূৰ্বতেও ৰোহিনী আৰু পৰিয়ালৰ মাজত বিবাদ পোহৰলৈ আহিছে। কেতিয়াবা তেওঁ তেজস্বীৰ ওপৰত নেতিবাচক মন্তব্য কৰে আৰু কেতিয়াবা সামাজিক মাধ্যমত পিতৃ-ভাতৃক আনফলো কৰে। কিন্তু এইবাৰ সকলোৰে উৰ্ধত গৈ পৰিয়ালৰ সৈতে সম্পৰ্ক ছেদ কৰিছে ৰোহিনী আচাৰ্যই। ইয়ে নিশ্চিতভাৱে লালু প্ৰসাদ যাদৱৰ ৰাজনীতিৰ লগতে ব্যক্তিগত জীৱনত ধুমুহাৰ সৃষ্টি কৰিছে।

 

অন্য খবৰ পঢ়কঃ সন্ধিয়া ৪ বজাৰ লগে লগে ক’লৈ গৈছিল শ্বাহীন? চিকিৎসকগৰাকী সন্দৰ্ভত ন ন তথ্য পোহৰলৈ…

যুগ্ম জীৱনৰ আৰম্ভণি কিন্তু পত্নীৰ সৈতে সুখী নহয়, তেন্তে ডাৰ্ক চকলেটে কৰিব আপোনাক সহায়!
নহৰুৱে দূৰ কৰিব আপোনাৰ সংসাৰৰ সমস্যা! জানি হ'ব আচৰিত
শীতকালত কল খোৱা মানেই সমস্যা ভয়াৱহ! এইসকল লোকে সম্বৰণ কৰক কলৰ লোভ
শৰীৰত ইউৰিক এচিড বৃদ্ধি পালে প্ৰথমে দেখা দিয়ে এইবোৰ লক্ষণে? জানক
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি