কলকাতা কাণ্ডঃ অভিযোগ কি? কিয় CBI য়ে গ্ৰেপ্তাৰ কৰিলে হাস্পাতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক?
উচ্চতম ন্যায়ালয়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত কৈছিল যে অপৰাধৰ স্থান সলনি কৰা হৈছে। অৰ্থাৎ হত্যা আৰু ধৰ্ষণ অন্য স্থানত কৰি মৃতদেহ চেমিনাৰ হললৈ অনা হৈছিল।

কলকাতা কাণ্ড
কলকাতা আৰ জি কৰ হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৰা নাই। কনিষ্ঠ চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছিল হাস্পাতালখনৰ চিভিক ভলেন্টিয়াৰ সঞ্জয় ৰয়। এই গোচৰৰ তদন্ত চলি থকাৰ মাজতে শনিবাৰে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে হাস্পাতালখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু তলহা থানাৰ প্ৰাক্তন বিষয়া অভিজিত মণ্ডলক। ইয়াৰ পূৰ্বে বিত্তীয় কেলেংকাৰীৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল সন্দীপ ঘোষক। চিবিআইৰ তদন্তত এই ঘটনা সন্দৰ্ভত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে।
সূত্ৰ অনুসৰি জানিব পৰা মতে তদন্তত সহযোগ নকৰা, এফ আই আৰত পলম হোৱা আৰু প্ৰমাণৰ নষ্ট কৰাৰ অভিযোগত ড০ সন্দীপ ঘোষ আৰু আৰক্ষী থানাৰ প্ৰাক্তন বিষয়া অভিজিত মণ্ডলক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে ড° সন্দীপ ঘোষক দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। এই গোচৰত ইডিয়ে তেওঁক ১৫০ ঘণ্টাৰো অধিক সময় জেৰা কৰিছিল আৰু তাৰ পিছত দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। ঘোষে হাস্পাতালখনৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
উচ্চতম ন্যায়ালয়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত কৈছিল যে অপৰাধৰ স্থান সলনি কৰা হৈছে। অৰ্থাৎ হত্যা আৰু ধৰ্ষণ অন্য স্থানত কৰি মৃতদেহ চেমিনাৰ হললৈ অনা হৈছিল। অৱশ্যে এই কথা অস্বীকাৰ কৰিছিল পশ্চিম বংগ চৰকাৰক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে ।
কেৱল এয়াই নহয়, হাস্পাতাল কৰ্তৃপক্ষ আৰু আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধেও প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীয়ে তদন্তৰ গাফলতি কৰা আৰু প্ৰমাণ নষ্ট কৰাৰো অভিযোগ উত্থাপন হৈছে। ভুক্তভোগীৰ পিতৃ- মাতৃয়ে জনোৱা অনুসৰি তেওঁলোকক আৰক্ষীয়ে টকাও অফাৰ কৰিছিল। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভূমিকাকলৈও তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰি আহিছে। ইয়াৰ মাজতে এই ঘটনাৰ ন্যায় বিচাৰি এতিয়াও প্ৰতিবাদত বহি আছে একাংশ চিকিৎসক। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁলোকক লগ কৰিছে যদিও ন্যায় নোপোৱা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰখাৰ কথা জনাইছে।
এই গোচৰত চিবিআইয়ে তালহা থানাৰ প্ৰাক্তন বিষয়া অভিজিৎ মণ্ডলক কেইবাবাৰো জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে। ইয়াৰ উপৰি মূল অভিযুক্ত সঞ্জয় ৰায়ৰ সৈতে ঘনিষ্ঠতা থকা একাংশৰ বিষয়ে তদন্ত কৰি আছে। এই গোচৰত এতিয়ালৈকে ১০গৰাকীকৈ লোকক পলিগ্ৰাফ টেষ্ট কৰিছে চিবিআইয়ে।ইয়াৰ মাজতে শুকুৰবাৰে সঞ্জয় ৰায়ে নাৰ্কো টেষ্টৰ বাবে অসন্মতি প্ৰদান কৰে।
উল্লেখ্য যে, ৯ আগষ্টত কলকাতা আৰ জি কৰ হাস্পাতালত কনিষ্ঠ চিকিৎসক এগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। পূৰ্বৰে পৰা এই গোচৰত বহু বেমেজালি হোৱা দেখিবলৈ পোৱা গৈছে। আনকি উচ্চতম ন্যায়ালয়েও স্বীকাৰ কৰিছে এই কথা। ঘটনাৰ ১৪ ঘন্টা পাছত কিয় গোচৰ ৰুজু কৰা হৈছিল তাক লৈও প্ৰশ্ন কৰিছিল ন্যায়ালয়ে। শেহতীয়া শুনানিত ন্যায়ালয়ে ভুক্তভোগীৰ অস্বাভাৱিক মৃত্যুৰ স্পষ্টীকৰণ বিচাৰিছিল।