শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাৰি পেলা, নহ’লে…নিজ ভাতৃক হত্যাৰ বাবে পত্নীক দিছিল গুলীচালনাৰ প্ৰশিক্ষণ! কাৰণ…

দেওবাৰে পুৱা নৃশংসভাৱে হত্যা কৰা হয় ৰিজৱান কুৰেশ্বী নামৰ যুৱকজনক। ইফালে ঘটনাৰ মাত্ৰ ৮ ঘণ্টাৰ ভিতৰতে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অভিযুক্তৰ ভিতৰত আছে ৰিজৱানৰ জ্যেষ্ঠ ভাতৃ শ্বাহবাজ কুৰেশ্বী, তেওঁৰ পত্নী চবনম আৰু জামালুদ্দিনচাকৰ বাসিন্দা অস্ত্ৰ যোগানকাৰী চৈয়দ ৰাজা।

মাৰি পেলা, নহ’লে…নিজ ভাতৃক হত্যাৰ বাবে পত্নীক দিছিল গুলীচালনাৰ প্ৰশিক্ষণ! কাৰণ…
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Published: 02 Sep 2025 12:38 PM

এক চাঞ্চল্যক হত্যাকাণ্ডই জোকাৰিছে ৰাজ্য। নিজ ঘৰৰ ভিতৰতে হত্যা কৰা হ’ল এজন যুৱকক। হত্যাকাণ্ড সংঘটিত কৰিছিল যুৱকজনৰ নিজৰ বৌয়েকে । এই হত্যাকাণ্ডটো তেওঁৰ স্বামীয়ে কৰাইছিল। আনকি মহিলাগৰাকীক এমাহৰ বাবে গুলীচালনাৰ প্ৰশিক্ষণো দিয়া হৈছিল। বৰ্তমান কাৰাগাৰত আছে ঘটনাৰ ৩ অভিযুক্ত ।

ঘটনাটো বিহাৰৰ পাটনাৰ । দেওবাৰে পুৱা নৃশংসভাৱে হত্যা কৰা হয় ৰিজৱান কুৰেশ্বী নামৰ যুৱকজনক। ইফালে ঘটনাৰ মাত্ৰ ৮ ঘণ্টাৰ ভিতৰতে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অভিযুক্তৰ ভিতৰত আছে ৰিজৱানৰ জ্যেষ্ঠ ভাতৃ শ্বাহবাজ কুৰেশ্বী, তেওঁৰ পত্নী চবনম আৰু জামালুদ্দিনচাকৰ বাসিন্দা অস্ত্ৰ যোগানকাৰী চৈয়দ ৰাজা।

আৰক্ষীয়ে তেওঁলোকৰ পৰা এটা পিষ্টল, ৭টা সজীৱ কাৰ্টিজ আৰু এটা বাৰুদ উদ্ধাৰ কৰে। তথ্য অনুসৰি ৰিজৱানৰ তেওঁৰ বৌয়েকৰ সৈতে অবৈধ সম্পৰ্ক আছিল। বিয়াৰ পিছতো এই সম্পৰ্ক শেষ হোৱা নাছিল। ইয়াৰ বাবে ক্ৰমান্বয়ে পৰিয়ালটো বিবাদ হ’বলৈ ধৰিলে। এই সম্পৰ্কক লৈ জ্যেষ্ঠ ভাতৃ শ্বাহবাজৰ খং উঠিছিল। বহুবাৰ শ্বাহবাজে পত্নীক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও যেতিয়া কথাবোৰ ঠিক নহ’ল, তেতিয়া তেওঁ এই ষড়যন্ত্ৰ ৰচনা কৰিলে।

চিটিৰ আৰক্ষী অধীক্ষক পশ্চিম ভানু প্ৰতাপ সিঙে কয় যে তদন্তত প্ৰকাশ পাইছে যে শ্বাহবাজে পত্নীক হেঁচা প্ৰয়োগ কৰিছিল যে যদি তেওঁৰ সৈতে থাকিব বিচাৰে তেন্তে ৰিজৱানক হত্যা কৰিব লাগিব, নহ’লে তেওঁ পত্নীক বিবাহ বিচ্ছেদ দিব। ইয়াৰ ফলত শ্বাহবাজৰ পত্নীয়ে ভয় খাইছিল আৰু স্বামীক সমৰ্থন কৰি দেওৰেকক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল।

পৰিকল্পনা অনুসৰি শনিবাৰে নিশা ঘৰৰ সকলো সদস্যৰ চাহত চবনমে টোপনিৰ বড়ি মিহলাই দিলে। কিছুসময়ৰ পাছত গোটেই পৰিয়ালটো গভীৰ টোপনিলৈ গ’ল। ৰাতিৰ আন্ধাৰত যেতিয়া সকলোৱে টোপনি গ’ল, তেতিয়া চবনমে ৰিজৱানক শুই থকা অৱস্থাত গুলীচালনা কৰে। গুলীৰ আঘাতৰ বাবে ৰিজৱানৰ থিতাতে মৃত্যু হয়। হত্যাকাণ্ডৰ পিছত চবনমে স্বামীক বচাবলৈ কৌশল খেলিলে। তেওঁ  কোঠাটোৰ ভিতৰতে আবদ্ধ কৰি ৰাখিলে যাতে কোনেও সন্দেহ নকৰে যে তেওঁৰ ভাতৃয়ো ৰিজৱানৰ হত্যাকাণ্ডৰ লগত জড়িত আছে। ঘটনাৰ পিছতে মোবাইল চুইচ অফ কৰি পাটনা জংচন এলেকাত আত্মগোপন কৰে। তেওঁ পলাই যাবলৈ চেষ্টা কৰি আছিল।

পত্নীক গুলী চলাবলৈ শিকাইছিল

ৰিজৱান কুৰেশ্বীক হত্যা কৰিবলৈ শ্বাহবাজে নিজৰ চিনাকি চৈয়দ ৰাজাৰ পৰা এটা পিষ্টল আৰু ৬টা কাৰ্টিজ কিনিছিল। তাৰ পিছত পত্নীৰ নিজন ঠাইত  শ্বুটিং শিকাইছিল। মহিলাগৰাকীক ৩ ৰাউণ্ড গুলী চলাবলৈ কোৱা হৈছিল, যাতে তেওঁ অস্ত্ৰ ব্যৱহাৰৰ বিশেষজ্ঞ হ’ব পাৰে। ইয়াৰ পিছত মহিলাগৰাকীয়ে ইউটিউবৰ পৰাও অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ শিকিলে। এমাহ ধৰি তেওঁ ট্ৰেইনিং লৈছিল।

অভিযুক্ত মহিলাগৰাকীয়ে অপৰাধ স্বীকাৰ কৰে

মহানগৰৰ আৰক্ষী অধীক্ষকে জনোৱা মতে – মৃতকৰ পত্নী ইয়াছমিন খাতুনৰ বক্তব্যক লৈ ফুলৱৰীশ্বৰীফ থানাত এফআইআৰ ৰুজু কৰা হৈছে। SDPO-1 সুশীল কুমাৰৰ নেতৃত্বত চিটিৰ এছ পি ভানু প্ৰতাপ সিঙে এটা বিশেষ দল গঠন কৰে। প্ৰথমে মহিলাগৰাকীক জিম্মাত লোৱা হয়। কঠোৰ জেৰাত তেওঁ সমগ্ৰ ঘটনাৰ আঁৰৰ গোপন ৰহস্য উদঙাই দিলে। স্বামীৰ হেঁচা আৰু ভয়ৰ বাবেই দেওৰ ৰিজৱানক হত্যা কৰা বুলি স্বীকাৰ কৰে।