শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ঐশ্বৰ্য ৰায় বচ্চনৰ প্ৰথম উপাৰ্জন কিমান আছিল জানেনে? ক'ৰ পৰা আহিছিল টকা...

ঐশ্বৰ্য ৰায় বচ্চনৰ প্ৰথম উপাৰ্জন কিমান আছিল জানেনে? ক’ৰ পৰা আহিছিল টকা…

Barasha Sarma
Barasha Sarma | Published: 01 Sep 2025 22:07 PM

বৰ্তমান কোটি কোটি টকা সম্পত্তিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন। পিছে আজিৰ এই পৰ্যায় পোৱা ইমান সহজ নাছিল। প্ৰথম তেওঁ কিমান দৰমহা লাভ কৰিছিল জানেনে?

কোনে চিনি নাপাই অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনক। সৌন্দৰ্যৰ পৰা আৰম্ভ কৰি অভিনয়লৈ, সকলো দিশতে বিভিন্ন সময়ত চৰ্চাত থাকে তেওঁ। বৰ্তমান ছবি জগতৰ পৰা কিছু আঁতৰি থাকিলেও কোটি কোটি টকা সম্পত্তিৰ গৰাকী ঐশ্বৰ্য ৰায়। পিছে আজিৰ এই অৱস্থা পোৱা ইমান সহজ নাছিল। ইয়াৰ আঁৰত আছে তেওঁৰ কষ্ট আৰু অধ্যাৱসায়।

৯০ দশকতে অভিনেত্ৰীগৰাকীয়ে বলীউডত ভৰি দিছিল। প্ৰথম অৱস্থাত তেওঁ মডেলিং কৰিছিল। মিছ ৱাৰ্লড হৈছিল। কিন্তু এদিনতে পোৱা নাছিল সকলো। ঐশ্বৰ্য ৰায়ে প্ৰথমে মডেলিং কৰিছিল। য’ত তেওঁ অতি কম পইচাতে কাম কৰিছিল। এইবাৰ এখন দোকানৰ বাবে শ্বুট কৰিছিল তেওঁ। যাৰ বিনিময়ত লাভ কৰিছিল মাত্ৰ ১৫০০ টকা। গতিকে এয়া আছিল তেওঁৰ প্ৰথম উপাৰ্জন।