শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বিটিচিত কাৰ কিমান শক্তি? কোনে শেষ হাঁহি মাৰিব বিটিচি নিৰ্বাচনত? মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰতিক্ৰিয়া

বিটিচিত কাৰ কিমান শক্তি? কোনে শেষ হাঁহি মাৰিব বিটিচি নিৰ্বাচনত? মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰতিক্ৰিয়া

manas-borah
Manas Borah | Published: 01 Sep 2025 20:05 PM

বিটিচিত কিমান শক্তি আছে বিজেপিৰ? বিটিচিৰ নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। কি ক'লে চাওক...!

বিটিচিত কিং মেকাৰৰ ভূমিকা গ্ৰহণ কৰিছে বিজেপিয়ে। আজি বাক্সাত এই দাবী কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, নিৰ্বাচনৰ ফলাফলৰ পিছত দলে সিদ্ধান্ত ল’ব BTC ত কাৰ লগত মিত্ৰতাৰে চৰকাৰ গঠন কৰিব।

তেওঁ কয় যে, নিৰ্বাচন ঘোষণাৰ পূৰ্বৰে পৰা বিজেপি দলে প্ৰস্তুতি চলাই আছে। মুখ্যমন্ত্ৰীয়ে BTR অঞ্চলত ২৮ খন দলীয় কৰ্মী সভা সম্বোধিত কৰিছিল। নিম্নতম ১৩ খন আৰু সৰ্বোচ্চ ১৪ খন আসন বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

বাক্সা জিলাৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমেন মদাহী সন্দৰ্ভত তেওঁ কয়,”মাটিৰ দালাল বুলি এতিয়াহে অৱগত হৈছোঁ। এইধৰণৰ অভিযোগ বা চৰ্চা থাকিব পাৰে, কিন্তু অপৰাধী নহয়। অভিযুক্ত প্ৰাৰ্থীত্ব ভাৰতৰ ৰাজনীতিত পাই আহিছে।”