শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সন্ত্ৰাসবাদৰে মোকাবিলা কৰিবলৈ ভাৰতক পূৰ্ণ সমৰ্থনৰ আশ্বাস চীনৰ

সন্ত্ৰাসবাদৰে মোকাবিলা কৰিবলৈ ভাৰতক পূৰ্ণ সমৰ্থনৰ আশ্বাস চীনৰ

Raj Saikia
Raj Saikia | Published: 01 Sep 2025 21:31 PM

দেওবাৰে বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে চীনৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ সময়তে সীমান্ত পথত সন্ত্ৰাস নিৰ্মূলৰ প্ৰসংগটো তুলি ধৰে নৰেন্দ্ৰ মোদীয়ে। এই মোকাবিলাৰ বাবে ভাৰতক সম্পূৰ্ণ সমৰ্থন জনাবলৈ প্ৰস্তুত বেইজিং।

সলনি হৈছে চীনৰ স্বৰূপ। ভাৰত-পাকিস্তান সংঘাতৰ সময়ত চুবুৰীয়া দেশখনক যুদ্ধ সামগ্ৰী যোগান ধৰা চীনে এতিয়া সময়ৰ লগত সংগতি ৰাখি মুখ ঘূৰাইছে নতুন দিল্লীৰ ফালে। অৱশ্যে বেইজিঙৰ সৈতে সম্পৰ্ক সলনি হোৱাটো এইটোৱেই প্ৰথম নহয়। সদায়েই দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্ক টেঙা-মিঠা হৈ আহিছে। কেতিয়াবা যদি টেঙা, কেতিয়াবা আকৌ মিঠা।

দেওবাৰে বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে চীনৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ সময়তে সীমান্ত পথত সন্ত্ৰাস নিৰ্মূলৰ প্ৰসংগটো তুলি ধৰে নৰেন্দ্ৰ মোদীয়ে। এই মোকাবিলাৰ বাবে ভাৰতক সম্পূৰ্ণ সমৰ্থন জনাবলৈ প্ৰস্তুত বেইজিং।

আনকি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ সময়তো এই বিষয়কেই অধিক গুৰুত্ব দিয়ে মোদীয়ে। চীনৰ ৰাষ্ট্ৰপতিক তেওঁ কয়, “সীমান্তত সন্ত্ৰাস এনে এক বিষয়, যাক আমি গুৰুত্বসহকাৰে লোৱা উচিত। কাৰণ এই এটা বিষয়ে ভাৰত আৰু চীনৰ সীমান্তত ব্যাপক প্ৰভাৱ পেলাই আহিছে। সেয়ে সন্ত্ৰাসৰ বিৰুদ্ধে দুয়োখন দেশে হাতে হাত ধৰি মোকাবিলা কৰা উচিত।”

কিন্তু এই ক্ষেত্ৰত কি উত্তৰ দিলে চীনে? বিদেশ সচিব মিশ্ৰীয়ে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ ওপৰত সম্পূৰ্ণ জোৰ দিয়ে। তেওঁ বেইজিঙক বুজাই দিয়ে যে এই সন্ত্ৰাসবাদৰ চিকাৰ হৈছে ভাৰত-চীনৰ সম্পৰ্ক। সেয়ে এই ক্ষেত্ৰত মোকাবিলা কৰাৰ প্ৰয়োজন। ইয়াৰ প্ৰত্যুত্তৰত চীনা প্ৰতিনিধি সকলে জনাই যে তেওঁলোকে ভাৰতক সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোকাবিলা কৰাত পূৰ্ণ সমৰ্থন আগবঢ়াব।”

উল্লেখ্য যে দেওবাৰে চীনৰ টিয়ানজিন চহৰত বৈঠকত মিলিত হয় মোদী আৰু জিনপিং। প্ৰায় চাৰি ঘণ্টা সময়জুৰি চলে আলোচনা। অৱশ্যে এই বৈঠক কিমান ফলপ্ৰসূ হ’ব, তাকলৈ বিভিন্ন জল্পনা-কল্পনা আৰম্ভ হ’লেও সৰহ সংখ্যকেই মত প্ৰকাশ কৰিছে যে গালোৱানকাণ্ডৰ পাঁচ বছৰৰ পাছত বৰফ গলিছে। নিষ্প্ৰাণ হৈ পৰা সম্পৰ্কটো পুনৰ জীপাল হ’বলৈ ধৰিছে।