ভিডিঅ’ আছিল অজুহাত! পাকিস্তানৰ খৰচত ভ্ৰমণ কৰিছিল দেশ-বিদেশ, জ্যোতি মালহোত্ৰাই ক’লে এই সত্য…
পাকিস্তানৰ হৈ চোৰাংচোৰাগিৰি কৰা জ্যোতি মালহোত্ৰাই জেৰাৰ সময়ত বহু বিস্ফোৰক তথ্য প্ৰদান কৰে। তেওঁ কয় যে, পাকিস্তানী বিষয়াৰ খৰচত তেওঁ দেশ-বিদেশ ভ্ৰমণ কৰিছিল। ভিডিঅ' আছিল তেওঁৰ মাত্ৰ এক অজুহাত।

জ্যোতি মালহোত্ৰা
পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা হাৰিয়ানাৰ হিছাৰৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাই জেৰাৰ সময়ত বহু ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে। হাৰিয়ানাৰ হিছাৰৰ আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰা জ্যোতি মালহোত্ৰাই পূৰ্বে কৈছিল যে তেওঁ এগৰাকী ইউটিউবাৰ আৰু কেৱল ভিডিঅ’ প্ৰস্তুত কৰাৰ বাবে দেশ-বিদেশ ঘূৰি ফুৰে। কিন্তু এতিয়া লাহে লাহে যুৱতীগৰাকীৰ পাকিস্তানৰ সৈতে সংযোগ পোহৰলৈ আহিছে। জ্যোতি মালহোত্ৰাই স্বীকাৰ কৰে যে ভিডিঅ’ প্ৰস্তুত কৰা কেৱল অজুহাত আছিল। তেওঁ কেৱল পাকিস্তানী হেণ্ডেলাৰৰ নিৰ্দেশত চোৰাংচোৱাৰ তথ্য সংগ্ৰহ কৰিছিল।
ইয়াৰ বাবে তেওঁ যথেষ্ঠ ধন লাভ কৰিছিল। কেৱল ইমানেই নহয়, পাকিস্তানী আৰু চীনৰ যাত্ৰাৰ সময়ত তেওঁ ভিআইপি সুবিধাও লাভ কৰিছিল। জেৰাৰ সময়ত আৰক্ষীৰ আগত জ্যোতিয়ে কয় যে, যেতিয়াই তেওঁ পাকিস্তান ভ্ৰমণ কৰে তেতিয়াই পাকিস্তান আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰে। ইয়াৰোপৰি পাকিস্তানৰ য’লৈ বিচাৰে তালৈকে যোৱাৰ তেওঁ স্বাধীনতা লাভ কৰিছিল। ইয়াৰ বিপৰীতে সাধাৰণ মানুহে পাকিস্তানত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকৰ ওপৰত নজৰ দিয়া হয়। জ্যোতিয়ে জনোৱা মতে, তেওঁ বহুবাৰ হাইপ্ৰফাইল পাৰ্টীত অংশগ্ৰহণ কৰিছে।
জ্যোতিয়ে জনোৱা মতে,চীন ভ্ৰমণলৈ যোৱাৰ সময়ত তেওঁ ভিআইপিৰ সুবিধা লাভ কৰিছিল। তেওঁ কয় যে, তেওঁৰ পিতৃ হৰিশ কুমাৰ মালহোত্ৰা হাৰিয়ানাৰ বিদ্যুৎ নিগমৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু বৰ্তমান একেলগে থাকে। কিন্তু তেওঁ খৰচৰ বাবে পিতৃৰ পৰা টকা নলয়। আনকি ইউটিউবৰ পৰা লাভ কৰা টকাও খৰচ নকৰে। জ্যোতিৰ ভ্ৰমণৰ সকলো খৰচ পাকিস্তানী বিষয়াসকলে বহন কৰিছিল। বিমান হওক বা ট্ৰেইন, তেওঁ সদায় ফাৰ্ষ্ট ক্লাছত ভ্ৰমণ কৰিছিল আৰু সদায় বিলাসী হোটেলত আছিল। ক্ৰাইম ব্ৰান্সৰ জেৰাৰ সময়ত তেওঁ কয় যে, এতিয়ালৈকে তেওঁ ৩ বাৰ পাকিস্তান, এবাৰ চীন আৰু কেইবাবাৰো কাশ্মীৰ ভ্ৰমণ কৰিছে।
আনকি পাকিস্তানী বিষয়াৰ সৈতে তেওঁ ইণ্ডোনেছিয়া, থাইলেণ্ড, ডুবাই, ভূটান, বাংলাদেশ আৰু নেপাললৈ গৈছিল। জেৰাৰ সময়ত কয় যে, ২০১৮ চনৰ ২২ অক্টোবৰত তেওঁ পাছপোৰ্ট বনাইছিল আৰু ২০২৮ চনৰ ২১ অক্টোবৰলৈ ইয়াৰ বৈধতা আছিল। ইয়াৰোপৰি বিগত ৩ বছৰ ধৰি তেওঁ ‘ট্ৰেভেল উইথ জো’ৰ ভিডিঅ’ নিৰ্মাণ কৰি দেশ-বিদেশ ভ্ৰমণ কৰি আহিছে। তেওঁ কয় যে, তেওঁ দুবাৰ বাবে দিল্লীৰ পৰা শিখ দল এটাৰ সৈতে আৰু এবাৰ অকলে পাকিস্তানৰ কৰতাৰপুৰ চাহাব গুৰদ্বাৰালৈ গৈছিল।
জ্যোতি মালহোত্ৰাৰ ইউটিউবাৰত প্ৰায় ৩.৭৭ লাখ ফলোৱাৰ আছে। ইযাৰ বিপৰীতে ইনষ্টাগ্ৰামত ফলোৱাৰৰ সংখ্যা ১.৩১ লাখৰ অধিক। তেওঁ যি দিশলৈ নাযাওক কিয় সেই দেশৰ খাদ্য-সংস্কৃতি, বিশেষ স্থান আদিৰ ওপৰত ভিডিঅ নিৰ্মাণ কৰে। তেওঁৰ ভিউজৰ সংখ্যাও অধিক।
অন্য খবৰ পঢ়কঃ পাকিস্তানৰ সংগই কৰি তোলে ভিক্ষাৰী! প্ৰমাণ এই ২ দেশ, লোকচান হাজাৰ হাজাৰ কোটি টকা…