এছিয়াৰ পৰা মধ্যপ্ৰাচ্যলৈ প্ৰভাৱিত! লোহিত সাগৰৰ তলত কোনে কাটিলে ইন্টাৰনেট সংযোগৰ তাঁৰ?

পানীৰ তলত কি চলিছে? কোনে কাটিলে ইন্টাৰনেট সেৱাৰ সংযোগ? শেহতীয়াকৈ এছিয়াৰ লগতে বিভিন্ন প্ৰান্তত ইন্টাৰনেট সেৱা ব্যাহত হৈ পৰে। তাৰ পাছতে বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

এছিয়াৰ পৰা মধ্যপ্ৰাচ্যলৈ প্ৰভাৱিত! লোহিত সাগৰৰ তলত কোনে কাটিলে ইন্টাৰনেট সংযোগৰ তাঁৰ?

লোহিত সাগৰ

Published: 

09 Sep 2025 | 12:17 PM

বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া যুদ্ধ চলি আছে। এফালে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আনফালে ইজৰাইল-গাজা যুদ্ধ। ইয়াৰোপৰি আৰু বিভিন্ন প্ৰান্তত চলি আছে উত্তেজনা। ইয়াৰ মাজতে দেওবাৰে ভাৰতকে ধৰি এছিয়াৰ বিভিন্ন প্ৰান্তত ব্যাহত হৈ পৰে ইন্টাৰনেট সেৱা। খবৰ অনুসৰি ভাৰত, পাকিস্তান, দক্ষিণ-পূব এছিয়া, মধ্যপ্ৰাচ্য আনকি দক্ষিণ ইউৰোপৰ কিছু অংশতো ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰে। যাৰ পাছত সৰ্বত্ৰে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।

একাংশই দাবী কৰিছে যে, লোহিত সাগৰৰ তলত থকা ইন্টাৰনেটৰ কেবল ছিঙি যোৱাৰ ফলত এই ঘটনা সংঘটিত হৈছে। বিশেষজ্ঞসকলে প্ৰদান কৰিছে এই তথ্য়। ইণ্টাৰনেট অভজাৰভেটৰি নেটব্লকছ (Internet Observatory Netblocks)য়ে দাবী কৰা অনুসৰি কেবল ছিঙি যোৱাৰ ফলত এনে হৈছে। পিছে প্ৰশ্ন হয়, ইমান ডাঙৰ কেবল কেনেকৈ ছিঙিল? নে কোনোবাই এই কেবলবোৰ কাটি পেলাইছে?

এই কথা এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু একাংশই দাবী কৰিছে যে, য়েমেনৰ হাউথী বিদ্ৰোহীয়ে এই কেবলবোৰক লক্ষ্য কৰি লৈছে। সন্দেহ অনুসৰি, বিদ্ৰোহীসকলে ইজৰাইলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ এনে কাম কৰিছে যাতে ইজৰাইলে গাজাত চলাই থকা আক্ৰমণৰ অন্ত পৰে। অৱশ্যে ইয়াৰ পূৰ্বে হাউথী বিদ্ৰোহীয়ে এনে আক্ৰমণৰ কথা অস্বীকাৰ কৰিছিল।

ইণ্টাৰনেটৰ ব্যৱহাৰ নিৰীক্ষণ কৰা সংস্থা নেটব্লক্সে কয় যে লোহিত সাগৰত সাগৰৰ তলত বহু কেবল ছিঙি যোৱাৰ ফলত ইন্টাৰনেট সেৱা ব্যাহত হৈছে। ইয়াৰ ফলত পাকিস্তান আৰু ভাৰতো প্ৰভাৱিত হৈছে।চৌ দি আৰৱৰ জেদ্দাৰ ওচৰত SMW4 আৰু IMEWE কেবল ব্যৱস্থাৰ কাৰিকৰী বিজুতিৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, দক্ষিণ-পূব এছিয়া মধ্যপ্ৰাচ্য পশ্চিম ইউৰোপ ৪ (SMW4) কেবল ভাৰতীয় কোম্পানী টাটা কমিউনিকেশ্যনে পৰিচালনা কৰে। সমান্তৰালকৈ আন এটা কনচৰ্টিয়ামে ইণ্ডিয়ামিডল ইষ্টৱেষ্টাৰ্ন ইউৰোপ (আইএমইডব্লিউই) কেবল চলায়, যি  আলকাটেল-লুচেণ্টে তদাৰক কৰে। কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে কোম্পানীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এই সন্দৰ্ভত মাইক্ৰ’ছফটে নিজৰ ষ্টেটাছ ৱেবছাইটত প্ৰকাশ কৰিছে যে লোহিত সাগৰত সাগৰৰ তলত কেবল ছিঙি যোৱাৰ ফলত পশ্চিম এছিয়াত ইণ্টাৰনেটৰ গতি হ্ৰাস পাব পাৰে। কিন্তু এতিয়াও প্ৰকৃত তথ্য প্ৰকাশ হোৱা নাই।

উল্লেখ কৰা প্ৰয়োজন যে, চাবমেৰিন কেবলৰ জৰিয়তে বিশ্বৰ কেইবাখনো দেশলৈ ইন্টাৰনেট সেৱা প্ৰদান কৰা হয়। এই চাবমেৰিন কেবলৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব টাটা গ্ৰুপৰ। গতিকে কোনো দুৰ্ঘটনাত কেবল ছিঙিছেনে কোনোবাই কাটিছে সেই সন্দৰ্ভত এতিয়াও জল্পনা-কল্পনা চলি আছে।

যেনেকৈ প্ৰাকৃতিক দুৰ্যোগৰ ফলত সমস্যা হয়, তেনেদৰে সাগৰৰ তলত ফাইবাৰ ছিঙিব পাৰে। কিন্তু একাংশৰ মতে এয়া সাধাৰণ নহয়।  ইজৰাইল-হামাছ যুদ্ধৰ প্ৰেক্ষাপটত হাউথী বিদ্ৰোহীয়ে এই কাম কৰিব পাৰে বুলি বহুতে সন্দেহ কৰিছে। যাৰ বাবে এছিয়াৰ লগতে বিভিন্ন প্ৰান্তৰ লাখ লাখ মোবাইল, কম্পিউটাৰ আদি নিমিষতে বিকল হৈ পৰে।

 

 

অন্য খবৰ পঢ়কঃ কাইলৈ ১০ ছেপ্টেম্বৰ! সঁচাকৈ ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল নেকি গৌৰৱ গগৈ? শীঘ্ৰেই স্পষ্ট হ’ব সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...