শ্ৰৱণৰ ‘মাতৃ’ভক্তিঃ মাত্ৰ ১০ বছৰতে যোগ দিলে অপাৰেচন সেন্দূৰত, সেনাই যাঁচিলে সন্মান

ভাৰতীয় সেনাই অপাৰেচন সেন্দূৰত যোগ দিয়াৰ বাবে মাত্ৰ ১০ বছৰীয়া এটি শিশুক ‘চিভিল অনাৰ’ দিছে। জানিব পৰা মতে, তেওঁ সেনাবাহিনীৰ পৰা এই সন্মান লাভ কৰা আটাইতকৈ কম বয়সীয়া নাগৰিক। এই সন্মান লাভ কৰা শিশুটিৰ নাম শ্ৰৱণ সিং।

শ্ৰৱণৰ ‘মাতৃ’ভক্তিঃ মাত্ৰ ১০ বছৰতে যোগ দিলে অপাৰেচন সেন্দূৰত, সেনাই যাঁচিলে সন্মান

সন্মানিত শ্ৰৱণ সিং

Updated On: 

29 May 2025 20:46 PM

পহলগামত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছত ভাৰতীয় সেনাৰ অপাৰেচন সেন্দূৰে দেশত দাঙি ধৰিলে ঐক্যৰ পৰিচয়। সমগ্ৰ দেশবাসীয়ে এই সময়ছোৱাত একত্ৰিত ৰূপত সেনা তথা চৰকাৰৰ কাষত থিয় দিলে। এই অপাৰেচন সেন্দূৰে এফালে দেশৰ একতাক প্ৰতিফলিত কৰাৰ সমান্তৰালকৈ আনফালে শৌৰ্য-বীৰ্যকো বিশ্ববাসীৰ আগত প্ৰতিষ্ঠা কৰায়। প্ৰমাণ কৰে প্ৰতিগৰাকী নাগৰিকৰ দেশাত্মবোধ। দেশপ্ৰেমৰ ধাৰণাৰে উদ্বুদ্ধ হৈ পৰে শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন লোক।

এতিয়া ভাৰতীয় সেনাই এই অপাৰেচন সেন্দূৰত যোগ দিয়াৰ বাবে মাত্ৰ ১০ বছৰীয়া এটি শিশুক ‘চিভিল অনাৰ’ দিছে। জানিব পৰা মতে, তেওঁ সেনাবাহিনীৰ পৰা এই সন্মান লাভ কৰা আটাইতকৈ কম বয়সীয়া নাগৰিক। এই সন্মান লাভ কৰা শিশুটিৰ নাম শ্ৰৱণ সিং। পাকিস্তানৰ ঠিক কাষতে থকা পঞ্জাৱৰ ফিৰোজপুৰৰ এখন গাঁৱত তেওঁৰ ঘৰ। ভাৰতৰ প্ৰত্যাক্ৰমণৰ পাছত পাকিস্তান সেনাই এই অঞ্চলত আক্ৰমণৰ চেষ্টা চলাইছিল৷

অৱশ্যে ভাৰতীয় সেনাৰ বলবিক্ৰমৰ সমুখত পাকিস্তানী সেনাৰ এই সকলো চেষ্টা ব্যৰ্থ হয়। সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, যেতিয়া সেনাবাহিনীয়ে অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তানৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছিল, তেতিয়া শ্ৰৱণেও তেওঁলোকৰ লগত যোগ দিছিল। বয়সৰ কথা নাভাবি যুদ্ধক্ষেত্ৰত নামিছিল শ্ৰৱণ। কিন্তু এই পখিলা খেদা বয়সতে শ্ৰৱণে কেনেকৈ যোগ দিলে যুদ্ধত?

 

সেনাৰ সূত্ৰ অনুসৰি যেতিয়া ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীৰ সৈতে যুঁজি আছিল, সেই সময়ত শ্ৰৱণে তেওঁলোকৰ বাবে নিজৰ ঘৰৰ পৰা পানী, চাহ, গাখীৰ, লাচী আৰু বৰফ লৈ আহিছিল। শ্ৰৱণৰ এই পদক্ষেপে আকৌ এবাৰ প্ৰমাণ কৰিলে যে যুদ্ধত জয়ী হ’বলৈ কেৱল বন্দুকৰ প্ৰয়োজন নহয়, প্ৰয়োজন মানৱীয় প্ৰমূল্যৰো।

আজি শ্ৰৱণে সংবাদ সংস্থা পিটিআইক কয়, “মই ডাঙৰ হৈ সেনাবাহিনীত যোগদান কৰিব বিচাৰো। মই দেশৰ সেৱা কৰিব বিচাৰো।” শ্ৰৱণৰ কামত তেওঁৰ পিতৃয়েও গৌৰৱ অনুভৱ কৰে। পুত্ৰৰ কৰ্মত গৌৰৱান্বিত হৈ পিতৃয়ে কয়, “আমি তেওঁক লৈ গৌৰৱ অনুভৱ কৰোঁ। আনকি জোৱানসকলেও তেওঁক যথেষ্ট মৰম কৰে।”

Related Stories
হোটেলৰ নিৰাপত্তাৰক্ষীৰ ৰূপত পাকিস্তানৰ চোৰাংচোৱা! পৰিল নিয়াৰ জালত, চলিছে তদন্ত
ভাৰতৰে এখন ৰাজ্যত পাঁচ বছৰত সন্ধানহীন প্ৰায় ১৩০০০ শিশু, পোহৰলৈ আহিছে ভয়ংকৰ ছবি
সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট বাৰ্তা দিলে অপাৰেচন সিন্দূৰে, পাকিস্তানক পুনৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ
‘অদৃশ্য’ হৈ শত্ৰুক কৰিব পাৰিব নিৰ্মূল ! ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়ে লাভ কৰিব বিশেষ ডিজিটেল ইউনিফৰ্ম…
“মই প্ৰতিদিনে পাকিস্তানৰ পৰা ৫০খন চিঠি পাওঁ…”, মুছলমানৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰিলে মমতা কুলকাৰ্ণীয়ে
গাড়ীৰে গৈ থাকোতেই হঠাৎ পাহাৰৰ পৰা খহি আহিল শিল-মাটি, মুহূৰ্ততে প্ৰাণ হেৰুৱালে শিশুসহ ৭ গৰাকীয়ে
বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…