পাৰমাণৱিক ব্লেকমেইলৰ কঠোৰ প্ৰত্যুত্তৰ দিব ভাৰতেঃ প্ৰধানমন্ত্ৰী মোদীয়ে দিলে স্পষ্ট সকীয়নি

দেশবাসীক উদ্দেশ্যি বক্তব্য আগবঢ়াই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে পাকিস্তানক সকীয়নি প্ৰদান কৰি ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে বুলিও স্পষ্ট কৰি দিয়ে আৰু ব্লেকমেইল কৰিব বিচাৰিলে প্ৰত্যুত্তৰত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব বুলি সকীয়াই দিয়ে।

পাৰমাণৱিক ব্লেকমেইলৰ কঠোৰ প্ৰত্যুত্তৰ দিব ভাৰতেঃ প্ৰধানমন্ত্ৰী মোদীয়ে দিলে স্পষ্ট সকীয়নি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Published: 

12 May 2025 22:13 PM

পাকিস্তানৰ সৈতে সংঘাত তথা অপাৰেচন সেন্দূৰ সন্দৰ্ভত আজি প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক উদ্দেশ্যি বক্তব্য আগবঢ়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ভাৰতে প্রতিশোধমূলক কার্যহে স্থগিত ৰাখিছে বুলি স্পষ্ট কৰি দি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব বুলিও সকীয়নি দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে পাকিস্তানক সকীয়নি প্ৰদান কৰি ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে বুলিও স্পষ্ট কৰি দিয়ে।

ভাৰতক পাৰমাণৱিক শক্তিৰ দোহাই দি ব্লেকমেইল কৰিব বিচাৰিলে প্ৰত্যুত্তৰত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব বুলি তেওঁ নিজ ভাষণত স্পষ্ট কৰি দিছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ ‘মালিকসকলক’ ভাৰতে পৃথক দৃষ্টিৰে নাচাব বুলিও পাকিস্তানক স্পষ্টভাৱে সকীয়াই দিয়ে। তেওঁ কয়, “এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়, কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়।”

“সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা। আমি কেৱল পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে আমাৰ প্ৰতিশোধমূলক ব্যৱস্থা স্থগিত ৰাখিছো। অনাগত দিনত আমি পাকিস্তানে গ্ৰহণ কৰা মনোভাৱৰ ভিত্তিত লোৱা প্ৰতিটো পদক্ষেপৰ উত্তৰ দিম।”- নিজ ভাষণত এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ লগতে কয় যে ভাৰতৰ ড্ৰ’ন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে আক্ৰমণ কৰিছিল।

যিসমূহ বিমানঘাটিৰ বাবে পাকিস্তানে অতি গৌৰৱ কৰিছিল, সেই বিমানঘাটিবোৰ ভাৰতীয় সেনাই ক্ষতিসাধন কৰিলে বুলিও মোদীয়ে অপাৰেচন সেন্দূৰৰ সফলতাৰ খতিয়ান দিয়ে। তেওঁ ভাষ্য মতে ভাৰতে প্ৰথম তিনিদিনতে পাকিস্তানক এনেদৰে ধ্বংস কৰিলে যে, দেশখনে সেয়া কল্পনাও কৰা নাছিল। ভাৰতৰ আগ্ৰাসী কাৰ্যৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে আৰু শোচনীয় অৱস্থাৰ বাবে ১০ মে’ৰ বিয়লি পাকিস্তানী সেনাই ভাৰতৰ DGMO সৈতে যোগাযোগ কৰে বুলি তেওঁ কয়।

আই পি এলৰ নতুন সূচী মতে পুনৰ অনুষ্ঠিত হ’বনে পঞ্জাৱ আৰু দিল্লীৰ অৰ্ধসমাপ্ত মেচখন!
টেষ্ট ক্ৰিকেটক বিদায় কিং কোহলীৰ, এই ফৰ্মেটত তেওঁৰ দৰমহা কিমান আছিল জানেনে?
গ্ৰীষ্মকালত কেনেকৈ শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ আঁতৰাব পাৰি ? উপায় জানক
মহিলাৰ বৃক্ক সংক্ৰমণৰ লক্ষণবোৰ কেনে ধৰণৰ হয় ? জানক