কোনো কাৰণতেই ট্ৰাম্পৰ ভাবুকিত শিৰনত নকৰে ভাৰতে, আকাৰে-ইংগিতে পুনৰ বুজাই দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী মোদীয়ে এক বিবৃতিত কয় যে আমাৰ কৃষকৰ স্বাৰ্থ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। ভাৰতে কেতিয়াও নিজৰ কৃষক, পশুপালক আৰু মাছমৰীয়া ভাই-ভনীৰ স্বাৰ্থত আপোচ নকৰে। আমেৰিকাৰ সৈতে চলি থকা শুল্ক বিবাদৰ মাজতে মোদীৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

প্ৰধানমন্ত্ৰী মোদী
আমেৰিকাৰ শুল্ক সংকটৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে কৃষক আৰু মাছমৰীয়াৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এটা ডাঙৰ বক্তব্য আগবঢ়াইছে। “আমাৰ কৃষকৰ স্বাৰ্থ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ” বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ভাৰতে কেতিয়াও নিজৰ কৃষক, পশুপালক আৰু মাছমৰীয়া ভাই-ভনীৰ স্বাৰ্থৰ লগত আপোচ নকৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “মই জানো যে মই ব্যক্তিগতভাৱে বৃহৎ মূল্য দিব লাগিব, কিন্তু তাৰ বাবে মই সাজু।” দিল্লীৰ আইচিএআৰ পুছাত অনুষ্ঠিত এমএছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত এই ভাষণ প্ৰদান কৰে মোদীয়ে।
উল্লেখ্য যে শুল্ক সন্দৰ্ভত আমেৰিকা আৰু ভাৰতৰ মাজত উত্তেজনা অব্যাহত আছে। আচলতে এই উত্তেজনাৰ এটা কাৰণ হ’ল ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰস্তাৱিত চুক্তিৰ বিফলতা। কৃষি আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত কোনো চুক্তিত উপনীত হ’ব পৰা নাছিল বুলি ধাৰণা কৰা হৈছে।
কৃষি আৰু দুগ্ধ খণ্ডত ৰেহাইৰ সন্দৰ্ভত ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি দিছিল। ভাৰতে কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ ওপৰত শুল্ক ৰেহাই দিবলৈ অস্বীকাৰ কৰিছিল, কাৰণ এই দুয়োটা বিষয় স্পৰ্শকাতৰ। কোনো বাণিজ্যিক চুক্তিত ভাৰতে কেতিয়াও দুগ্ধ খণ্ড মুকলি কৰা নাই।
ইয়াৰ লগতে ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ। আমেৰিকাই ভাৰতৰ সৈতে দুগ্ধ বাণিজ্যৰ চুক্তি কৰিব বিচাৰিছে, কিন্তু ভাৰতে কয় যে ভাৰতে এনে গাখীৰ বা দুগ্ধজাত সামগ্ৰী নিজৰ দেশত উৎপাদনত অনুমতি দিব নোৱাৰে, যিবোৰ গাখীৰ আমিষ খাদ্য খুওৱা গৰুৰ পৰা উৎপাদন হয়।
আমি কৃষকৰ উন্নতিৰ বাবে অহৰহ কাম কৰি আছো
প্ৰধানমন্ত্ৰীয়ে কয়, “আজি মোৰ দেশৰ মাছমৰীয়াৰ বাবে, মোৰ দেশৰ গো-পালকৰ বাবে ভাৰত সাজু হৈছে। কৃষকৰ আয় বৃদ্ধি, খেতিৰ ব্যয় হ্ৰাস, আয়ৰ নতুন উৎস সৃষ্টিৰ লক্ষ্যত আমি অহৰহ কাম কৰি আছো। আমাৰ চৰকাৰে কৃষকৰ শক্তিক দেশৰ প্ৰগতিৰ আধাৰ হিচাপে বিবেচনা কৰিছে।”
প্ৰধানমন্ত্ৰী ধন ধান্য আঁচনিৰ অনুমোদন
মোদীয়ে কয় যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী ধন ধান্য যোজনাতো অনুমোদন পোৱা গৈছে। ইয়াৰ অধীনত ১০০ খন জিলা বাছনি কৰা হৈছে য’ত খেতিৰ কাম পিছপৰা হৈয়েই আছিল। ইয়াত সা-সুবিধা প্ৰদান কৰি, কৃষকক আৰ্থিক সাহায্য দি, খেতিৰ ক্ষেত্ৰত নতুন আত্মবিশ্বাসৰ সৃষ্টি হৈছে। ১০ হাজাৰ এফ পি অ’ সৃষ্টিৰ ফলত ক্ষুদ্ৰ কৃষকৰ সংগঠিত শক্তি বৃদ্ধি পাইছে। তেওঁ কয় যে সমবায় আৰু আত্মসহায়ক গোটসমূহক আৰ্থিক সাহায্যই গ্ৰাম্য অৰ্থনীতিক নতুন গতি প্ৰদান কৰিছে। ইয়াৰ সমান্তৰালকৈ ই-নেমৰ বাবে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাত সহজ হৈ পৰিছে।
কৃষকৰ আস্থা বৃদ্ধিৰ বাবে প্ৰচেষ্টা
মোদীয়ে কয়, “বিগত বছৰবোৰত যি নীতি প্ৰস্তুত হৈছে, তাৰ জৰিয়তে আমি কেৱল সহায় কৰাই নহয়, কৃষকৰ আত্মবিশ্বাস বৃদ্ধিৰ বাবেও চেষ্টা কৰিছিলো।” তেওঁ কয় যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰা পোৱা প্ৰত্যক্ষ সাহায্যই ক্ষুদ্ৰ কৃষকসকলক আত্মবিশ্বাস প্ৰদান কৰিছে। পি এম শস্য বীমা আঁচনিয়ে কৃষকক বিপদৰ পৰা সুৰক্ষা প্ৰদান কৰিছে। পি এম কৃষি জলসিঞ্চন আঁচনিৰ জৰিয়তে জলসিঞ্চনৰ সৈতে জড়িত সমস্যাসমূহ সমাধান কৰা হৈছে।