ভাৰত-পাক যুদ্ধৰ তাৰিখ চূড়ান্ত! দুয়োখন দেশে দিলে ডাঙৰ সংকেত…

প্ৰস্তুতিলৈ চালে এনে লাগে যেন যিকোনো সময়তে পাকিস্তানক আক্ৰমণ কৰিব পাৰে ভাৰতে । ইফালে ভয়ে নিদ্ৰা হৰণ কৰিছে পাকিস্তানৰ। ভয়ৰ ছাঁত দিন কটাব ধৰিছে সি। তেওঁ অনুভৱ কৰে যে ভাৰতে আক্ৰমণ কৰিব যদি এতিয়া নহয় তেন্তে পিছত।

ভাৰত-পাক যুদ্ধৰ তাৰিখ চূড়ান্ত! দুয়োখন দেশে দিলে ডাঙৰ সংকেত...

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহবাজ শ্বৰীফ

Updated On: 

06 May 2025 16:14 PM

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত উতলি আছে ভাৰতৰ তেজ। চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰই। বাতিল কৰা হৈছে সিন্ধু জল চুক্তি।  কৰ্তন কৰা হৈছে কূটনৈতিক সম্পৰ্ক। বন্ধ কৰা হৈছে ব্যৱসায়িক আৰু ডাক সেৱা । অৱশ্যে এই সকলোবোৰ কাৰ্য এতিয়া ট্ৰেইলাৰৰ ৰূপতহে দেখা গৈছে। পাকিস্তানৰ ওপৰত এতিয়াও চূড়ান্ত আক্রমণ কৰা নাই ভাৰতে। ইয়াৰ বাবে সেনাবাহিনীৰ হাতত চাবি গতাই দিছে প্রধানমন্ত্রী মোদীয়ে ৷ ভাৰতৰ আগ্ৰাসী মনোভাৱ আৰু পাকিস্তানৰ কাৰ্যকলাপলৈ চালে একপ্ৰকাৰে যুদ্ধ নিশ্চিত বুলি ক’ব পাৰি।

ভাৰতে চলোৱা যুদ্ধংদেহী প্ৰস্তুতিৰ পৰা স্পষ্ট হৈ পৰিছে যে ভাৰতে যিকোনো সময়তে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিব পাৰে। পাকিস্তানত থকা মানুহেও এই কথা বুজি উঠিছে। শেহতীয়াকৈ এই মন্তব্য ভাৰতত থকা পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিতৰ। তেওঁ কয়, “ভাৰতে সম্ভৱতঃ ৰাছিয়াৰ বিজয় দিৱস উদযাপনৰ পিছত ১০-১১ মে’ত পাকিস্তানক আক্ৰমণ কৰিব।”

উল্লেখ্য যে, ৰাছিয়াই ৯ মে’ৰ দিনটো বিজয় দিৱস হিচাপে পালন কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী উপস্থিত থকাৰ কথা যদিও পাকিস্তানৰ সৈতে উত্তেজনাৰ বাবেই এই ভ্ৰমণ বাতিল কৰা বুলি অনুমান কৰা হৈছে।প্ৰধানমন্ত্ৰীৰ ঠাইত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তালৈ যাব লাগিছিল যদিও এতিয়ালৈ যোৱা নাই। প্ৰতিৰক্ষা সচিবৰ বিদায়ৰ খবৰ।

আব্দুল বাছিতৰ এই বক্তব্যৰ উপৰিও ভাৰতৰ প্ৰস্তুতিয়েও ইংগিত দিয়ে যে ভাৰতে ১০ বা ১১ মে’ত পাকিস্তানক আক্ৰমণ কৰিব পাৰে। আচলতে অহা ৭ মে’ত দেশৰ ২৪৪খন জিলাত মক ড্ৰিলৰ আয়োজন কৰা হ’ব। ইয়াত নাগৰিকসকলক যুদ্ধৰ সময়ত কেনেদৰে নিজকে সুৰক্ষিত কৰিব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হ’ব। লগতে সকলোকে সজাগ কৰা হ’ব। ড্ৰিলৰ সময়ত চাইৰেনো বজোৱা হ’ব। ১৯৭১ চনৰ পিছত প্ৰথমবাৰৰ বাবে দেশত হ’ব এনে মক ড্ৰিল।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফেও কয়, “ভাৰতে যিকোনো সময়তে কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত সামৰিক আক্ৰমণ চলাব পাৰে।” সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি ইছলামবাদত মন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতে যিকোনো সময়তে নিয়ন্ত্ৰণ ৰেখা আক্ৰমণ কৰিব পাৰে বুলি খবৰ পোৱা গৈছে। নতুন দিল্লীক উপযুক্ত উত্তৰ দিয়া হ’ব।”

শেষবাৰৰ বাবে এনে মক ড্ৰিল আয়োজন কৰা হৈছিল ১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ পূৰ্বে।এই ড্ৰিল চলোৱাৰ মাত্ৰ চাৰিদিন পিছতে দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। তাৰ পিছত নৱেম্বৰৰ শেষ সপ্তাহত মক ড্ৰিলৰ আয়োজন কৰা হয় আৰু ৩ ডিচেম্বৰৰ পৰা যুদ্ধ আৰম্ভ হয়।

মক ড্ৰিলৰ পূৰ্বে উত্তৰ প্ৰদেশৰ গংগা এক্সপ্ৰেছৱে’ত বায়ুসেনাই অনুশীলন চলাইছিল, য’ত যুদ্ধ বিমানসমূহে নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল। যোৱা শুকুৰবাৰে বায়ুসেনাই এক্সপ্ৰেছৱেত দুটা পৰ্যায়ত অভূতপূৰ্ব সামৰিক অনুশীলন চলাইছিল। ইয়াত দিন আৰু ৰাতি দুয়োটা সময়তে উৰণ, অৱতৰণ আৰু কম উচ্চতাৰ উৰণ-পাষ্টৰ দৰে যুদ্ধ কৌশল প্ৰদৰ্শন কৰা হৈছিল। নিশা ৯ৰ পৰা ১০ বজাৰ ভিতৰত হোৱা নিশাৰ অৱতৰণটোৱেই আছিল এই অনুশীলনৰ আকৰ্ষণ, যিয়ে ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক সামৰ্থ্য প্ৰমাণ কৰিছে।

 

লগতে পঢ়ক: পাকিস্তানৰ সেনা মুৰব্বী অসীম মুনীৰতকৈ ভাৰতৰ সেনা প্ৰধানৰ দৰমহা কিমান বেছি? সবিশেষ জানক

জীৱন সংগীৰ সন্মুখত এইকেইটা কাম ভুলতেও নকৰিব, গোটেই জীৱন ভুগিব লাগিব আপুনি!
মদ নে চিগাৰেট ! হৃদযন্ত্ৰৰ বাবে কোনটো বেছি বিপদজনক ?
একেলগে খায় নেকি পিঁয়াজ আৰু নহৰু? দেহৰ ভিতৰত ইয়াৰ কি প্ৰভাৱ পৰে, চাওক....
কম বয়সত ধনী হ'বলৈ চাণক্যৰ এই তিনিটা নীতি পালন কৰক...