বাজিব যুদ্ধৰ চাইৰেন, সাজু সকলো! দেশৰ কোনবোৰ জিলাত চিভিল ম’ক ড্ৰিল অনুষ্ঠিত কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ? সবিশেষ জানক

পাকিস্তানৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে অহা ৭ মে’ত ২৪৪খন জিলাত ম’ক ড্ৰিল কৰাৰ নিৰ্দেশ দিছে ভাৰত চৰকাৰে। এই অনুশীলনৰ উদ্দেশ্য হৈছে নাগৰিকসকলক জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিয়া আৰু নাগৰিক প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা। এই অনুশীলনত নাগৰিকসকলক আক্ৰমণৰ সময়ত সুৰক্ষিত হৈ থাকিবলৈ প্ৰশিক্ষণ দিয়া হ’ব। ১৯৭১ চনৰ পিছত ভাৰতৰ প্ৰথমটো বৃহৎ অসামৰিক প্ৰতিৰক্ষা ম’ক ড্ৰিল।

বাজিব যুদ্ধৰ চাইৰেন, সাজু সকলো! দেশৰ কোনবোৰ জিলাত চিভিল ম’ক ড্ৰিল অনুষ্ঠিত কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ? সবিশেষ জানক

ম’ক ড্ৰিল

Updated On: 

06 May 2025 12:32 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তুংগত উঠিছে। পাকিস্তানে বাৰে বাৰে দাবী কৰি আহিছে যে ভাৰতে যিকোনো সময়তে দেশখনৰ ওপৰত বৃহৎ আক্ৰমণ চলাব পাৰে। এই সন্দৰ্ভত পাকিস্তানত জাৰি কৰা হৈছে হাই এলাৰ্ট। এনে যুদ্ধ সদৃহ পৰিস্থিতিৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলাইছে ভাৰতে । দেশৰ ২৪৪খন জিলাত একেলগে ম’ক ড্ৰিল অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে গৃহ মন্ত্ৰালয়ে। ইয়াৰ পূৰ্বে আজি পুৱা ১০.৪৫ বজাত এখন জৰুৰী বৈঠক আহ্বান কৰিছে গৃহ সচিবে। প্ৰকৃততে পহলগাম আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে উদ্ভৱ হোৱা নতুন ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজ্যকে ৭ মে’ত অৰ্থাৎ কাইলৈ ম’ক ড্ৰিলৰ আয়োজন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

এই সময়ছোৱাত নাগৰিকক আক্ৰমণৰ সময়ত নিজকে ৰক্ষাৰ কৰিবলৈ প্ৰশিক্ষণ দিয়া হ’ব। চিনাক্তকৃত ২৪৪খন জিলাত অনুষ্ঠিত হ’ব এই ম’ক ড্ৰিল। ইয়াৰ লক্ষ্য হৈছে অসামৰিক প্ৰতিৰক্ষাৰ বাবে উন্নত প্ৰস্তুতি চলোৱা।  উল্লেখ্য যে, দেশৰ শেষৰটো ম’ক ড্ৰিল ১৯৭১ চনত অনুষ্ঠিত হৈছিল।

কোনবোৰ জিলাত হ’ব এই অনুশীলন?

এই ম’ক ড্ৰিল ২৪৪ অসামৰিক প্ৰতিৰক্ষা জিলাত অনুষ্ঠিত হ’ব। ১৯৬২ চনত জৰুৰীকালীন ঘোষণালৈকে চৰকাৰৰ অসামৰিক প্ৰতিৰক্ষা নীতি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নাগৰিক প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সংবেদনশীল কৰি তোলা আৰু তেতিয়াৰ জৰুৰীকালীন সাহায্য সংস্থা আঁচনিৰ অধীনত ডাঙৰ চহৰ আৰু নগৰসমূহৰ বাবে নাগৰিক প্ৰতিৰক্ষা পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কোৱাৰ মাজতে সীমাবদ্ধ আছিল। ইয়াৰ পিছত ১৯৬৮ চনৰ মে’ মাহত সংসদে নাগৰিক প্ৰতিৰক্ষা আইন ১৯৬৮ গৃহীত কৰা হয়।

অসামৰিক প্ৰতিৰক্ষা আইন, ১৯৬৮ সমগ্ৰ দেশতে প্ৰযোজ্য। তথাপিও সংগঠনটো কেৱল এনে অঞ্চল আৰু জ’নতহে প্ৰতিষ্ঠা কৰা হৈছে যিবোৰক শত্ৰুৰ আক্ৰমণৰ দৃষ্টিকোণৰ পৰা কৌশলগতভাৱে সংবেদনশীল বুলি গণ্য কৰা হয়। আৰু সেই ২৪৪খন জিলাত ম’ক ড্ৰিল কৰাৰ পৰিকল্পনা কৰা হৈছে। এই জিলাসমূহ ভাৰত-পাকিস্তান সীমান্তৰ সৈতে সংযুক্ত, য’ত জম্মু-কাশ্মীৰ, ৰাজস্থান, গুজৰাট, পঞ্জাৱ আদি ৰাজ্যৰ জিলাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। একে সময়তে কিছুমান স্পৰ্শকাতৰ চহৰ আছে যিবোৰক অসামৰিক প্ৰতিৰক্ষা জিলালৈ ৰূপান্তৰিত কৰা হৈছে।

অসামৰিক প্ৰতিৰক্ষাৰ উদ্দেশ্য হৈছে জীৱন ৰক্ষা কৰা, সম্পত্তিৰ ক্ষতি কম কৰা, উৎপাদনৰ ধাৰাবাহিকতা বজাই ৰখা আৰু মানুহৰ মনোবল উচ্চ কৰি ৰখা। যুদ্ধ আৰু জৰুৰীকালীন অৱস্থাত নাগৰিক প্ৰতিৰক্ষা সংস্থাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে য’ত তেওঁলোকে আভ্যন্তৰীণ অঞ্চলসমূহক সুৰক্ষা দিয়ে, সশস্ত্ৰ বাহিনীক সাহায্য প্ৰদান কৰে। লগতে নাগৰিকক সংগঠিত কৰে।

চাইৰেন বাজিলে কি কৰিব?

  • লগে লগে নিৰাপদ স্থানলৈ যাব লাগে
  • ৫ৰ পৰা ১০ মিনিটৰ ভিতৰত নিৰাপদ স্থানত উপস্থিত হ’ব
  • চাইৰেন বাজিলে আতংকিত নহ’ব
  • মাত্ৰ মুকলি ঠাইৰ পৰা আঁতৰি থাকক
  • সুৰক্ষিত ঘৰ আৰু অট্টালিকাৰ ভিতৰলৈ যাওক
  • টিভি, ৰেডিঅ’, চৰকাৰী সতৰ্কবাণীত গুৰুত্ব দিয়ক
  • উৰাবাতৰি পৰিহাৰ কৰক, প্ৰশাসনৰ নিৰ্দেশনা পালন কৰক

ক’ত স্থাপন কৰা হ’ব চাইৰেন?

  • চৰকাৰী ভৱন
  • প্ৰশাসনিক ভৱন
  • আৰক্ষীৰ মুখ্য কাৰ্যালয়
  • অগ্নিনিৰ্বাপক বাহিনীৰ ষ্টেচন
  • সামৰিক ঘাটি
  • চহৰৰ ডাঙৰ ডাঙৰ বজাৰ
  • ভিৰ হোৱা ঠাই

চিভিল ম’ক ড্ৰিলত কোন থাকিব?

  • জিলা দণ্ডাধীশ
  • স্থানীয় প্ৰশাসন
  • অসামৰিক প্ৰতিৰক্ষা ৱাৰ্ডেন
  • আৰক্ষী জোৱান
  • হোম গাৰ্ড
  • কলেজ-স্কুলৰ ছাত্ৰ
  • ৰাষ্ট্ৰীয় কেডেট কৰ্পছ (NCC)
  • ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS)
  • নেহৰু যুৱ কেন্দ্ৰ সংগঠন (NYKS)
মদ নে চিগাৰেট ! হৃদযন্ত্ৰৰ বাবে কোনটো বেছি বিপদজনক ?
একেলগে খায় নেকি পিঁয়াজ আৰু নহৰু? দেহৰ ভিতৰত ইয়াৰ কি প্ৰভাৱ পৰে, চাওক....
কম বয়সত ধনী হ'বলৈ চাণক্যৰ এই তিনিটা নীতি পালন কৰক...
ভগৱান হনুমান সন্তুষ্ট হ’লে কি কি সংকেত দিয়ে?